Tuesday, 8 July 2014

ফিৰিঙতি ১:পাই খুড়া




আমি কিজানি এটা সৌভাগ্যবান প্রজন্ম।কাৰণ আগৰ শতিকাৰ জীৱন শৈলিনো কেনে আছিল আমি ভালকৈ দেখি আহিছো।হয়টো যোৱা শতিকাৰ নবৈৰ দহকৰ পৰা জীৱন নির্বাহৰ প্রতিটো প্রনালী দ্রুত ভাবে সলনি হবলৈ ধৰিলে।টিভি আহিল ,লগতে আইল কেবল,ডিচ,ফম ,মেট্র, মল ,মাল্টিপ্লেক্স,মোবাইল ,ইন্টাৰনেট ,ফ্লেট।ইমানবোৰ বস্তু একেলগে আহি জীৱন নির্বাহৰ সকলো পুর্ব ধাৰণাই সলনি কৰি দিলে।আমি ভাগ্যবান যে আমি সেই জীৱন যাপন কৰি আহিছো।আমাৰ বেছিভাগেই তাৰবাবে গৌৰবন্নিত।অ কেইজনমানে এনে আছে যি বর্তমানৰ দ্রুত ভোগবাদী জীৱন ধাৰাত ইমান মদমত্ত হৈ আছে যে কবই নোৱাৰে আমি কোন ,কি কৰিব আহিছো।
যি কি নহওক যিহেতু শৈষবত আমাৰ হাতত সময় আছিল গতিকে কল্পনা বিলাসৰ বাবেও ঠাই আছিল।সেয়ে কিতাপ আছিল সকলোৰে বাবে এই কল্পনা বিলাসৰ প্রধান আহিলা।এতিয়া কথা হল কিতাপ সকলো শিশুৰ বাবে নহয়।অসম মুলুকতটো শিশুৰ বাবে উপযোগী কিতাপৰ বাৰুকৈয়ে অভাৱ।
সেই সময়তে এজন মানুহে গোতেই ভাৰতৰেই শিশু সকলৰ এই অভাব পুৰন কৰিবলৈ আহিছিল এজন মানুহ।
অনন্ত পাই  
এজন মানুহৰ সপোন আৰু আগ্রহে কেনেকৈ বহুকেইটা প্রজন্মক উৎসাহিত কৰিব পাৰি পাই খুড়া তাৰ জলন্ত উদাহৰণ।অকল মোৰেই নহয় আমাৰ সমসাময়িক প্রায় দুটা প্রজন্মৰ বেছি ভাগৰেই ভাৰতৰ ইতিহাস ,দর্শন ,ধর্ম এই সকলোবোৰৰ বিষয়ে যিমান জ্ঞান আছে বেছিভাগৰ উৎস তেওৰ মানস পুত্র অমৰ চিত্র কথাৰ পৰা।
কেইদিন মান আগৰ পৰা মই আকৌ অমৰ চিত্র কথাৰ কিছুমান পুনৰ পঢ়িবলৈ লৈছো,সৰুতে সেইবোৰ পঢ়ি অভিভূত হৈছিলো তাৰ কাহিনী আৰু ছবিসমুহ চাই।এতিয়া আকৌ এবাৰ সেইবোৰ পঢ়ি অভিভূত হৈছো সেইবোৰৰ কলাত্মক দিশ,কাহিনীৰ কথন ভঙ্গী আৰু ছবি সমুহৰ আৰত থকা গভিৰ গবেষনাবোৰ মন কৰি।
সকলোবোৰৰ আৰম্ভণি হৈছিল এটা সৰু ঘটনাৰ ফিৰিঙতিৰ পৰা।
৬০ৰ দহকত তেও কাম কৰি আছিল আগশাৰিৰ বাতৰি কাকত টাইমচ অব ইন্ডিয়াত।সেই সংক্রান্তত দুৰদর্শনে পতা এটা কুইজ প্রতিযোগিতাত তেও গৈ মন কৰিলে যে ভাৰতীয় কিশোৰ কিশোৰী সকলৰ বিদেশৰ বিষয়ে যিমান সাধাৰন জ্ঞাণ আছে তাতকৈ নিজৰ দেশখনৰ বিষয়েই বহুত কম জ্ঞাণ আছে।
সেই ফিৰঙতিয়েই এটা আৰম্ভণি
মানুহজনে চাকৰি বাদ দি নিজৰ সপোনটোক বাস্তৱত প্রতিপন্ন কৰিবলৈ লাগি গল।বহু প্রকাশকৰ পৰা নাকচ হোৱাৰ পিছত নিজেই আৰম্ভ কৰিলে অমৰ চিত্র কথা।
তাৰ পিছৰ খিনি ইতিহাস
অমৰ চিত্র কথা ,টিংকল আৰু তাৰ চৰিত্রবোৰ প্রায় চাৰিটা দহক যুৰি প্রতিজন ভাৰতীয় কিশোৰৰ লগৰী হৈ পৰিল।
আজিও বহুসংখ্যক কিশোৰ কিশোৰীয়ে তাৰ সোৱাদ লোৱা দেখা যায়।
আৰু যে তেও অকল ভাৰতৰ এটা ক্ষেত্রৰ বাবেই কথা ভাবিলেই সেয়া নহয় ,অসমৰ লাচিত বৰফুকন ,জয়মতী,শংকৰদেৱ অমৰ চিত্র কথাত স্থান পাইছিল তাৰ লগতে ৰসৰাজৰ কিছুমান ধেমেলীয়া গল্পও টিংকলত দেখিব পাইছিলো।আৰু সেইবোৰতো ছবিৰ পিছপিনৰ প্রাকৃতিক দৃশ্য ,মানুহৰ গাৰ গঠন,পোচাক আদিটো গৱেষণা পৰিলক্ষিত হয়।আনহাতে সেই সময়ৰ বেছিভাগ ৰাষ্ট্রীয় পর্য্যায়ৰ মনোৰঞ্জনত উত্তৰ পুৱ হয় অবহেলিত নহলে বিকৃত ভাবে দেখুওৱা হৈছিল।ই যে অকল অসমবাসীৰ আমাৰ ইতিহাসৰ লগত পৰিচিত কৰি তেনে নঁহয় ,সর্বভাৰতীয় পর্য্যায়ত আমাৰ জাতীয় বীৰ সমুহক উপস্থাপন কৰাটো সহায় নিশ্চয় কৰিছে।
মই বর্তমান উত্তৰ প্রদেশৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ত কাম কৰো আৰু ইয়াৰ ছাত্রাবাস এটাৰ নাম হল লাচিত বৰফুকন ছাত্রাবাস।আৰু ইয়াৰ উপাচার্য্যৰ কার্য্যালয়ত ভাৰতীয় নেতা আৰু বীৰ সকলৰ নাম আৰু ছবি আছে তাত লাচিত বৰফুকনো এজন।
এইবোৰত সেই এজন মানু্হে হাজাৰ হাজাৰ কিশোৰৰ বাবে দেখা সপোনৰ ফল নহয়নো কি ?
আৰু সকলো সম্ভৱ হৈছিল এটা সাধাৰণ ফিৰিঙতিৰ পৰা।     
সচাই এনেকুৱা ফিৰঙতিক আমি দিনে অবহেলা কৰি আছো!

Monday, 9 June 2014

উন্মুক্ত চিন্তা:ক





চিনাকী চহৰৰ চিনাকি সুবাস
আজি নাই ।
কি আছে ?
সকলোৱেইটো সলনি হৈ গল।
ইমান সোনকালে
নে সময় বহু হল?

কব ভাল
বিদ্রোহী হৈ যাম
হাতত বন্দুক লম       
সলনি কৰি দিম দুনিয়া
 সময়ৰ পিছত সকলো অর্থহীন হৈ পৰে
তেনেহলে মনৰ কথা কম নে নকম?

এই যে বকুল,তগৰৰ উপমা পাও
নহলে শৰতৰ আকাশৰ ,আহিনৰ কঁহুৱাৰ
গান আৰু কবিতাত
লিখনিত
সিহঁতক শেষ কত বা দেখিছিলো?
আৰু দেখি উঠি একাত্ম হোৱাৰটো যুগৰো বেছি হল।
আমি বাৰু হৈছিলো একাত্ম কাহানিবা
লৰাটো হব নে তেনে সৌভাগ্য।
তাতোকৈ ডাঙৰ কথা সি বাৰু তাক সৌভাগ্য বুলি মানিবনে?

বস্তুটো বৰ আচহুৱা
কিহৰ বাবে হৈ আছে নাজানো
কিন্তু হব নিশ্চয়
মোৰ কিন্তু সেই একেখন পৃথিৱীতেই থাকিব মন
একেখন পৃথিৱীকেই এৰি যাব মন
কিন্তু নিশ্চিত নির্ঘাত এই পৰিবর্তন।


 
কি বাৰু আহে প্রথমে
সুৰ নে কথা
কি বাৰু  গায় মনত
 সেই পাহৰি যোৱাৰ গানৰ।



অলসতাৰ বাবে এটা দিন
কোনো কৰিবলে নাই
একো ভাবিবলে নাই
হাতত এপিয়লা চাহ, সমুখত অনন্ত দিগন্ত
তাৰ কোলাত টোপনি।
সাৰ পাই কোমল সতেজ ধৰণী।

Tuesday, 13 May 2014

মষ্টৰামৰ কাহিনী




দুদিনমান আগতে বাতৰি কাকতৰ কথাছবি সমীক্ষা শিতানত চিনেমাখনৰ ম কাহিনীটো পঢ়িলো।পঢ়িয়েই এনে লাগিল বর্তমানৰ যি ধৰণৰ বোলছবি বজাৰত চলে তাৰ ধৰণ কৰণ চাই ধৰি লব পাৰি যে চিনেমাখন বৰ এটা বেছি নচলে।কিজানি মোৰো চিনেমাখন চোৱাৰ সময় সুবিধা নহৱ।কিন্তু কাহিনী পঢ়ি সাম্প্রতিক সমাজৰ বিষয়ে মই ভাবি থকা বহু কথা চিনেমাখনৰ চৰিত্রটিত বিছাৰি পালো।
কাহিনীটো এনেকুৱা : নায়কজনৰ লিখক হোৱাৰ দুর্বাৰ বাসনা আছে তাৰবাবে তেওঁ চাকৰি এৰি পেশাদাৰি লেখক হোৱাৰ সিদ্ধান্ত ললে।কিজানি লেখক হিছাপে তেওঁৰ লিখা কাহিনীবোৰ ইমান নিম্ন পর্য্যায়ৰো নাছিল।কিন্তু বহু কষ্টৰ পিছতো কোনো প্রকাশকেই তেওঁৰ লিখনি প্রকাশ কৰিবলৈ ৰাজী নহল।সকলোকে লাগে ভোগবাদী বজাৰত চলা নিশ্চিত ফর্মুলা,যত বিক্রী হোৱাটো নির্ঘাট। সাহিত্য, জীৱন, দর্শণ বিষয়ক পণ্য যে বিক্রি হব তাৰ কি গ্যৰেন্টি আছে? লেখকৰ পৰিয়ালো আছে, ঘৰ চলোৱাটোও তেওঁৰ এটা ডাঙৰ দায়িত্ব, সেয়ে উপায় নাপায় অৱশেষত তেওঁ চদ্মনামেৰে যৌনগন্ধী সাহিত্য লেখিব ললে।এই যে বাছ-আস্থান বা ৰেইলৱে ষ্টেচন বোৰত ভৰি থাকে (বা আছিল,আজিকালি ইলেক্ট্রনি মাধ্যমে সিহতৰ বজাৰতো মাধমাৰ সোধাইছে)  –‘সবিতা ভাবী, প্রয়োজন ইত্যাদি ইত্যাদি।অতি কম সময়ৰ ভিতৰতেই তেওঁৰ এই যৌনগন্ধী সাহিত্যই অভুতপুর্ব সাফল্য লাভ কৰিলে।এতিয়া কথাটো হল তেওৰ লিখিত সাহিত্যই সফলতাটো লাভ কৰিলে কিন্তু সেয়াটো তেওঁৰ নামত নহয়।লেখকজনে মাথো লেখিছিলহে,পঢ়িছিলটো সমাজৰ মানুহবোৰেই।এটা সময়ত যেতিয়া মানুহবোৰে লেখকৰ এই পৰিচয়টো পালে তেতিয়া সেই একেই সমাজেই তাৰ লেখকজনক লেই লেই চেই চেই কৰিবলে ধৰিলে।
    এয়েই আজিৰ যুগৰ প্রতিজন লেখকৰ সমস্যা।ঠিক লেখকৰ সমস্যা বুলি কব নোৱাৰি প্রতিজন যুক্তিনিস্থ মানুহৰেই সমস্যা।বজাৰত কি চলে তাৰ এটা পুর্বধাৰণা বেছিভাগ প্রকাশকেই মনত লৈ ফুৰে।বজাৰক কি লাগে তাৰ কিন্তু কোনো সমীক্ষা নহয়।আৰু তাৰবাবেই সৃষ্টি হয় মষ্টৰামৰ। চিনেমা ,আমাৰ ভ্রাম্যমান থিয়েতাৰ,আলোচনী সকলোতেই সেই একে সমস্যা।আৰু এই ভোগবাদী মানশিকতাই এনে এক পৰিস্থিতিৰ সৃষ্টী কৰে যে আচল টেলেন্ট, আচল কলা আৰু বজাৰৰ প্রকৃত প্রয়োজননো কি এই প্রশ্ণ বহু দুৰতেই ৰয়গৈ।আনহাতে সাধাৰণ উপভোক্তাসকলৰ হাততো ইমান সময় নাই আৰু এইকন বৌদ্ধিক চিন্তাৰ অভাবো সকলোৰে মাজত বাৰুকৈয়েই পৰিলক্ষিত হয়।গতিকে সর্বসাধাৰণে বজাৰত যি পায় তাৰেই নিজৰ প্রয়োজন সমুহ পুর্ণ কৰে।বজাৰৰ কর্তা ধর্তা সকলে তাকেই বিচাৰে-বিনা কষ্টত উপভোক্তাসকলৰ ওপৰত পুর্ণ নিয়ন্ত্রণ।কোনোবাই যদি সোতৰ বিপৰিতে যাবও বিচাৰে তেতিয়া হলে তেও যাতে সেই কামত যাতে কৃতকর্য্য নহয় তাৰ খেয়াল ৰাখে সেই নিয়ন্ত্রক সকলে।
এইবোৰ বিষয়ত আমাৰ উপভোক্তা সকল সচেতন হোৱাতো আচল কথা।যেনে ধৰক তেওলোকে ভ্রাম্যমাণত হিন্দী ছবিৰ নির্লজ অনুকৰণ দেখাই যাব আৰু আমি চাই চাম। কাৰণ প্রযোজকে ভাবে দর্শকে ইয়াকেই বিচাৰে।এই কথা সচাঁনে মিছা তাক কোনোবাই ভাবেনে ? যদি সচা তেনেহলে কিজানি গোটেই জাতিটোই প্রায়চিত হব লাগে ।ইমান স্বাৱলম্বী উদ্যোগ এটাক তিল তিল কৰি মৃত্যু মুখলৈ থেলি দিয়াৰ বাবে আমি সকলোৱেই দায়ি।আৰু যদি সচা নহয় তেনেহলে কি কৰিলে এই সমস্যাৰ সমাধান হব সেইটো কতৃত্তৰক্ষী সকলক জনাব লাগে।হিন্দী চলচিত্র কিজানি ইমান সোনকালে নমৰে।সাহিত্যটো এজন দুজন মষ্টৰাম ওলালেও সকলো লেখকেই কিজানি মষ্টৰাম হৈ নপৰে।কিন্তু এইবোৰ কথা ভ্রাম্যমান উদ্যোগতটোত নাখাতিব।

চিনেমাখনত মষ্টৰামৰ যি সৃষ্টি হল তাত নায়কজনক দোষ দিয়াতকৈ কি কাৰণতনো এজন মষ্টৰামৰ সৃষ্টি হল তাক আমি আলোচনা নকৰো কিয়? বৌদ্ধিক চিন্তাত আমি ইমানেই তললৈ নামি গৈছো নেকি? হয়টো সমগ্র পৃথিৱীতেই সেই একেবোৰ সমস্যা দেখা গৈছে। দুদিনমান আগতে নিউয়র্কৰ পঢ়ুৱৈ গোষ্টিয়ে(New York Readers club) পঢ়াকামটোৰ হেৰোৱা গৌৰৱ পুনৰ ঘুৰাই আনিবলৈ টপলেচ হৈ পঢ়াৰ ছবি সম্রচাৰ কৰিছিল।তাৰমানে টপলেচ হোৱাটোহে শীতল(cool) কিন্তু পঢ়াটো নহয়!   বজাৰকেন্দ্রীক নিয়ন্ত্রনৰ ওচৰত আমি সকলোৱে হাৰ মানিবলৈ লৈছো? এয়া অবশ্চেই চিন্তনিয় কথা।কিন্তু এনেবোৰ কথা ভাবিবলৈ কাৰোবাৰ সময় হবনে?

Thursday, 26 December 2013

ক্ষুদ্র গল্প ২




ফৰমুটিত সৰিছিল পনিয়ল,বগৰি,কলা জামু।বাৰী বোৰ এতিয়া কংক্রিতৰ অৰণ্য।ফৰমুটিত কেতিয়াবা  পৰে গ্রেনেড,আৰু সৰে জীৱন।
__________________
লুডুৰ বর্ডত সাপ আৰু জখলা,অলপ খেলি গম পালো খেলটোৰ নাম ভাৰতীয় টকা বণাম মার্কিন ডলাৰ।
__________________
তেওঁ বুজালে নোট পেড,আইপেডত পঢ়িবা কিতাপ,খৰছো কম,কঢ়িয়াবলৈও সুবিধা মই কলো সি জানো দিব পাৰে কিতাপৰ স্পর্শ,কিতাপৰ গোন্ধ?
_____________
সৰুকালিৰ চোৰ পুলিচ খেল।মই পুলিচ,বিচাৰিব লাগে চোৰ।গোটেই এলেকাতে বিচাৰি নাপালো লগৰ চোৰ জনক।পিচদিনা গম পালো সি আছিল ঘৰত, কৰি হমৱর্ক
___________
মিৰটত মম বিচাৰি পালো  মাথো fried ,দোচা বিচাৰি পালো চাওমিন দোচা,কাবাৱ বিচাৰি পালো চয়াবিন চিখ কাবাৱ। পিছদিনা আছিল নিৰামিশ খোৱাৰ পাল।ভাবিলো  veg chicken বিচাৰো নেকি?
______________________
কোমল ৰদৰ দলিচাত ঘাহ বন বোৰ সজীৱ হৈ উঠিছিলতাক চাই আছিল ছাগলী টোই ,আৰু পাঠাটোক মই ,আজৱ এই শক্তিৰ বৃত্ত  চাৱনিৰ চক্র।
_________


যোৱাবাৰ দেৱালিত জান্দি মুন্ডা খেলোতে পুলিচে ধৰিলে,খাৰ পাপাৰাজীয়ে নাম দিলে জুৱাৰী ।এইবাৰ দালাল ষ্ট্রীত (মুম্বাইত) ,ষ্টকৰ খেল খেলোতে সিহঁতেই নাম দিলে  দেশপ্রেমী
___________
মাটি খান্ডোতে ওলাল এটি মৃতদেহ,হয়তো কোনো শ্বহীদৰ।চিনাক্তকৰণৰ বাবে আহে বিদ্রোহী,আৰক্ষী আৰু সকলো জনগোষ্ঠীৰ জনতা।
_______________
                                          
চিন্তাৰ উৎসৱৰ পিচত চিন্তাৰ উদ্রেগজাগি উঠে তৰুণ তৰুণীৰ তেজ! Tehelka
_________
সংক্রমণৰ ভয়ত মানুহ এলাগী, কিজানি এলাগী এন্টিবায়টিক আক্রান্ত জীৱাণু।বিচাৰক ডাৰউইনৰ হাঁহি কলে যাৰে বল তাৰে চল।
__________