ফৰমুটিত সৰিছিল পনিয়ল,বগৰি,কলা জামু।বাৰী বোৰ এতিয়া কংক্রিতৰ অৰণ্য।ফৰমুটিত কেতিয়াবা পৰে গ্রেনেড,আৰু সৰে জীৱন।
__________________
লুডুৰ
বর্ডত সাপ আৰু জখলা,অলপ খেলি গম পালো খেলটোৰ নাম ‘ভাৰতীয় টকা’ বণাম মার্কিন ডলাৰ।
__________________
তেওঁ
বুজালে ‘নোট পেড,আইপেডত পঢ়িবা কিতাপ,খৰছো কম,কঢ়িয়াবলৈও সুবিধা’ মই কলো ‘সি জানো
দিব পাৰে কিতাপৰ স্পর্শ,কিতাপৰ গোন্ধ?’
_____________
সৰুকালিৰ
চোৰ পুলিচ খেল।মই পুলিচ,বিচাৰিব লাগে চোৰ।গোটেই এলেকাতে বিচাৰি নাপালো লগৰ চোৰ
জনক।পিচদিনা গম পালো সি আছিল ঘৰত, কৰি হ’মৱর্ক।
___________
মিৰটত
ম’ম বিচাৰি
পালো মাথো fried
ম’ম ,দোচা
বিচাৰি পালো চাওমিন দোচা,কাবাৱ বিচাৰি পালো চয়াবিন চিখ কাবাৱ। পিছদিনা আছিল নিৰামিশ
খোৱাৰ পাল।ভাবিলো veg chicken বিচাৰো নেকি?
______________________
কোমল
ৰ’দৰ দলিচাত ঘাহ বন বোৰ সজীৱ হৈ উঠিছিল।তাক চাই আছিল ছাগলী টোই ,আৰু
পাঠাটোক মই ,আজৱ এই ‘শক্তিৰ বৃত্ত’ৰ চাৱনিৰ চক্র।
_________
যোৱাবাৰ দেৱালিত জান্দি মুন্ডা খেলোতে পুলিচে ধৰিলে,খাৰ পাপাৰাজীয়ে নাম দিলে জুৱাৰী ।এইবাৰ দালাল ষ্ট্রীত (মুম্বাইত) ,ষ্টকৰ খেল খেলোতে সিহঁতেই নাম দিলে –দেশপ্রেমী।
___________
মাটি
খান্ডোতে ওলাল এটি মৃতদেহ,হয়তো কোনো শ্বহীদৰ।চিনাক্তকৰণৰ বাবে আহে বিদ্রোহী,আৰক্ষী
আৰু সকলো জনগোষ্ঠীৰ জনতা।
_______________
চিন্তাৰ উৎসৱৰ পিচত চিন্তাৰ উদ্রেগ।জাগি উঠে তৰুণ তৰুণীৰ তেজ! Tehelka
_________
সংক্রমণৰ ভয়ত মানুহ এলাগী, কিজানি এলাগী এন্টিবায়টিক
আক্রান্ত জীৱাণু।বিচাৰক ডাৰউইনৰ হাঁহি কলে ‘যাৰে বল তাৰে চল।‘
__________
মই সুধিছিলো দেবতাৰ মন্দিৰৰ বাট কেনি? তাই আগবঢ়াই দিলে চকুলোৰে সেমেকা হাতখনি । হিৰুদা হিৰুদাৰ কবিতা ,কিজানি ক্ষুদ্র গল্পৰ ভ্রুণবোৰৰ প্রাৰম্ভিক প্রেৰণা
ReplyDelete