ৰাজহাঁহৰ গান
Devabrat Das
লেখকৰ ইষ্টাইলেৰে
#Swansong: ট্ৰেইলাৰ: মাইকেল কেইন অৱসৰ প্ৰাপ্ত হেয়াৰড্ৰেচাৰ, নিজৰ কামলৈ ঘুৰি আহে, কিন্তু চিনেমাখনৰ ট্ৰেইলৰতো গোলাপী ৰঙৰ আখৰ, ফেশ্বন শ্ব’ৰ নিছিনা কাপোৰ আৰু বিটচকু , প’প সংগীতৰ বেকগ্ৰাউণ্ড স্কৰ! নাই, চিনেমাখন মোৰ ভাল লগা বিধৰ নহব, মেলিনিয়েল বোৰৰ বাবে বনোৱা-মনলৈ আহিল৷
মেলিনিয়েল কিবা বেলেগ প্ৰজাতি নেকি ? নে মই বুঢ়া হলো ?
দুদিন মান আগত বহু বছৰৰ মুৰত লগৰ সৌৰভক লগ পালো -এ ঘন্টাৰ বাবে , মই কলো মোৰ ফ্ৰোজেন চ ল্ডাৰৰ কথা আৰু চুগাৰৰ কথা ,সি কলে তাৰ ভৰিৰ বিষ আৰু ভাগৰ আৰু ঠাণ্ডা লগা কথা , তাৰপিচত দুয়োজন ঘৰাঘৰি৷ মন কৰিছো সম বয়সৰ বেছিভাগেইকোৱা কৰিছে
‘আগতে যিবোৰ কাম দুঘন্টাত কৰিছিলোঁ আজিকালি সেয়া কৰিবলৈ চাৰি ঘন্টা লগা হৈছে’
‘খুব ভাগৰ লাগে অজিকালি’৷
কি হৈছে ? মিড লাইফ ক্ৰাইছিছ ?? কবিড ফেটিগ ???
তাকে ভাঙিবলৈ আকৌ চিনেমা চোৱা অভ্যাস কৰিব খুজিছোঁ , ২০১২ মানলৈ চিনেমাৰ পৃথিবীত কি হৈ আছিল খবৰ ৰাখিছিলোঁ৷ তাৰপিচত বাদ পৰিল যে পৰিলেই৷ কাম বাঢ়িল, সংসাৰ বাঢ়িল, সময় কমিল , চিনেমাৰ ধৰন কৰনো সলনি হৱ ধৰিলে৷ তেনেকৈ তো নহ’ব , সেয়ে বহু দেৰিকৈ হলেও OTT ললো ২০২১ ত ,৷ সময়ৰ লগত যুজী দুখন মান চিনেমা চালো ,তাতেই লগ পাইছিলো #Swansong নামৰ চিনেমাখনৰ ট্ৰেইলাৰ আৰু এদিন এই কিতাপখন হাতত পৰিল -ৰাজহাঁহৰ গান,
ৰাজহাঁহৰ গান ?
লেখকে বুজাব খুজিছে -এয়াই শেষ আৰু ,বহুত হল আৰু নোৱাৰোঁ ,এইখন শেষ সংকলন -আৰু এইতো নামৰ গল্পতো মোৰ শেষ গল্প ৷ যেনেকৈ তেণ্ডুলকাৰ আদিৰ দৰে খেলুৱৈয়ে খেলৰ আগতে কৈ দিয়ে যে এইখন মোৰ শেষ আন্তৰাষ্ট্ৰীয় খেল হব তেনে ধৰণৰ কাৰবাৰ৷ কথাতো বৰ এটা ভাল নাপালোঁ ৷
গ্ৰন্থখন মেলি আকৌ আচৰিত হোৱাৰ পাল প্ৰথম পৃষ্ঠাতে লিখা আছিল
ড০ মীনাক্ষী বৰকটকী
ড০ মৃণাল কলিতা
ডা০ ভাস্কৰ ঠাকুৰীয়ালৈ
“ৰাজহাঁহৰ গান গ্ৰন্থখন
এই তিনিজন আপোনজনলৈ চেনেহ, শলাগ আৰু আগ্ৰহেৰে
- দেবু দা
(দেৱব্ৰত দাস)
মই কিয়?
বছৰত এটা মান গল্প ওলায় যেতিয়া মোকো গল্পকাৰ বুলিব পাৰি বাৰু কিন্তু তাৰ বাহিৰে মই নিজে অনুজীৱ, চেমিনাৰ ,এন্টিবায়টিক, ফাইল আৰু সংসাৰৰ মাজত সাহিত্যৰ জগতৰ ধূমকেতুৰ দৰে মাজে-মাজে হে সোমাব চেষ্টা চালাও৷ হানহাতে গ্ৰন্থখনৰ লেখকে এতিয়া কম লিখে যদিও এতিয়া সন্মানেৰে লোৱা নামবোৰৰ ভিতৰত আহে তেওঁৰ নাম৷ মোতকৈ বহু অগ্ৰজ, তেনে এজন জনপ্ৰিয়তাৰ শিখৰত থকা গল্পকাৰ দেৱব্ৰত দাসৰ তথাকথিত শেষ গ্ৰন্থখন মোৰ নামত????
গল্পবোৰ :
কিতাপখনৰ গল্পবোৰ হল -গল্প লিখাৰ গল্প , দেৱব্ৰত দাসৰ গল্পবোৰৰ ষ্টাইল মই শ্যাম বেনগালৰ “সূৰজ কা সাতৱা ঘোৰা” নামৰ চিনেমা খনৰ দৰে (১৯৯২) পাও -এটা গল্পৰ ভিতৰত আন এটা গল্প; তাৰ ভিতৰত আন এটা আৰু সকলোকে এজন কথকে লগ লগাই থাকে৷ অভিনেতা ৰজত কাপুৰে অতি সুন্দৰ অভিনয় কৰিছিল তাত৷ সেই সময়ত কাৰোবাৰ লগত গল্পৰ বিষয়ে আলোচনা কৰোঁতে কৈছিল যে হিন্দী লেখক ধৰ্মবীৰ ভাৰতী যাৰ গল্পৰ আধাৰত চিনেমাখন কৰা হৈছিল গল্পবোৰো দেবু দাৰ গল্পবোৰৰ দৰে ৷ যিহেতু মই হিন্দী সাহিত্য অনুসৰণ নকৰো সেয়ে তাতকৈ সেই বিষয়ে বেছি ক’ব নোৱাৰিম ৷ কিন্তু চিনেমাখনৰ দৰেই গল্পবোৰত গলপকাৰে প্ৰথম পুৰুষতকিছুমান মানুহ লগ পায় , গল্পকাৰ মাথো প্রতক্ষদর্শী -লগত সদাই ধৰ্ম পত্নী , আৰু তাৰ পিছত কাহিনীলৈ সোমাই আহে কিছুমান ইন্টাৰেষ্টিং মানুহ আৰু ইন্টাৰেষ্টিং মানুহবোৰৰ অভিজ্ঞতাৰ পৰাই ওলাই আহে গল্প৷ কেতিয়াবা কোনো ,উকিল ,কেতিয়াবা বন্ধু কিন্তু সূৰজ কা সাতৱা ঘোৰাৰ দৰেই এটা চৰিত্ৰৰ বহু গল্পত প্ৰবেশ ঘটে -সেয়া হল মাণিকদা ৷
মাণিক ৰহমান, আকৰ্ষণীয় ব্যক্তিত্ব ! চিলিমত হোঁপ দি লেখকৰ প্লটবোৰ এনালাইজ কৰে -তাৰপিচত নিজৰ বিশাল অভিজ্ঞতাৰ পৰা যোৰ লগাই গল্পৰ বিভিন্ন টুকুৰাবোৰ৷ লেখকৰ সৃষ্টিৰ মুল প্ৰেৰণা ৷
Writer’s Block? Creative Death? Sabbatical?
গোটেইকেইটা শব্দই মোৰ চিন্তাৰ প্ৰিয় বিষয় , হযতো বেমাৰ (শব্দ!) তিনিটাৰ কোনতো বেমাৰত মই নিজে আক্ৰান্ত তাক মই অনুধাৱন কৰি থাকো৷ অসমৰ লেখা মেলা জগত খনৰ সকলো খবৰ ৰাখিব নোৱাৰোঁ যদিও মূলত কি কি হৈ আছে তাৰ সাৰাংশ জানো৷ তেতিয়াই দুবছৰ মান আগতে অনুভৱ হৈছিল দেবু দাই লেখা কমাইছে বা বাদ দিছে , সেয়ে পৰোক্ষ ভাবে খবৰ লোৱাৰ ভাও ধৰি লেখা মেলাৰ কথা বাহিৰৰ পৰা টুকুৰিয়াই চাইছিলোঁ ,
নাই হে মই বাদ দিছোঁ সেইবিলাক
ইমান কষ্ট কৰিব নোৱাৰি,
তাতকৈ চিনেমা চাও নেটফ্লিক্সত ৷
সৌজন্যতাবসত তাৰ পিছত আৰু নোসোধোঁ৷ কিন্তু এই দীঘলীয়া বিৰতিৰ আৰৰ কথা জানিবলৈ তেওৰ আনুমতি সপেক্ষে কথাতোৰ ভিতৰলৈ সোমাব মন আছিল ৷ SKC শেষৰ পিনেও এনে কিছু কথাৰেই মানুহৰ প্ৰশ্নৰ উত্তৰবোৰ দিছিল৷ যোৱা বছৰ মই নিজে ক্ৰিয়েটিভ ব্লক বন্ধ কৰিবলৈ পডকাষ্ট এটা খুলিলোঁ , তাতে এই বিষয়টো লৈ কথা পাতিম বুলি ঠিৰাঙ কৰিলোঁ , কিন্তু এই কভিড, সেই ব্যক্তিগত কাম, ৰাতি সাত বজাত ঘৰ আহি পাই একো কৰবিলৈয়েই বল নাথাকে দেখোন (মিড লাইফ ??)
সেয়া হৈ নুঠিল ,বা এতিয়ালৈ হোৱাই নাই
ব্যক্তিগত :
২০০৫ মানত ইতি নামৰ এটা শৃঙ্খল দৈনিক জনসাধাৰণৰ ৰবিবাৰৰ পৰিপুৰিকা ইত্যাদিত ওলাইছিল ধাৰাবাহিক ভাবে , সম্পাদক -দিগন্ত ওজা , মানুহে ভাল পাইছিল , তেতিয়াই এদিন দেবুদাৰ ফোন আহিল – ইতি ভাল পোৱা বুলি কলে৷ তেতিয়া মন সাতখন আঠখন হল , চেলিব্ৰিটি ৰাইতাৰে ভাল পোৱা বুলি কৈছে , কি লাগে আৰূ? তাৰপিচত মোৰ প্ৰথম গ্ৰন্থ যাত্ৰাৰ প্ৰকাশৰ বাবেও দেবু দাই আখৰ প্ৰকাশৰ কমল মেধিৰ লগত চিনাকি কৰাই দিছিল ৷ যাত্ৰা সফল হোৱা বুলিয়েই আজি কব পাৰো দ্বিতীয় গ্ৰন্থ সিংহদ্বাৰৰ উন্মোচনতো তেও আহিছিল ৷ মই নিজে দিল্লী , ডেৰাডুন ,মিৰাট দিল্লী, ভাৰতপুৰত পাটনা আদিত তিঘিলঘিলাই ফুৰিছো দুৰণিত থাকিলেও কেতিয়াবা ভ্ৰমনত লগ পাইছো , লগ ধৰি একেলগে এসাঁজ খাইছিলোঁও , তেনেবোৰ কাৰণত লগত এটা ভাল সম্পৰ্ক নিশ্চয় আছে , কিন্তু তথাকথিত শেষ গ্ৰন্থ উচৰ্গা ?? নাই হজম হোৱা নাই
এটা কথা মই সন্দেহ কৰিছিলোঁ দুটা মান কথাত কিজানি তেওঁৰ স্বাভিমানত আঘাত কৰা নাইতো ?
১৷ দুটামান বিশেষ বটাত তেওঁৰ নাম বহুবাৰ আহি আহি চপা হোৱা নাই (অবশ্যে বটাকেইটাৰ এতিয়া আগৰ সে পবিত্ৰ তা নাই)
২৷ নতুন প্ৰজন্মৰ লেখকক সকলে তেওঁক দিব লগা সন্মান দিয়া নাই নেকি?
১ নং সমস্যাতো মোৰ কব লগীয়া নাই, কিন্তু ২নংতোত ক’ৰবাত ময়ো নাইতো ? বৰ্তমান যদিও নিজেই মিড লাইফ ক্ৰাইছিচ নে কত ভুগিছোঁ তাক ভাবি পাৰাপাৰ পোৱা নাই তথাপিও এটা সময় আছিল য’ত মই ভাবিছিলোঁ যে আৰু দুবছৰৰ ভিতৰত মই চয়তান ভগতৰ বিক্ৰি আৰু ৰুশ্বদীয়ে পোৱা কাল্ট ষ্টেতাচ দুয়ুতাৰ অধিকাৰী হ’ম৷ যদিও মনৰ সেই গোপন কথা যাতে কোনো গম নাপায় তাক লৈ অতি (double) সচেতন আছিলো তথাপিও কিজানি ক’ৰবাত ৱিকিলিকৰ দৰে ভিতৰৰ চয়তান বাহিৰেই হৈছিলেই ??
হোৱাৰ সম্ভাৱনা কম বাৰু , কিন্তু মইহে মোৰ গেৰেন্টি দিব পাৰিম, আন মেলিনিয়েলবোৰৰ , সিঁহতৰ কথাবোৰ আমেৰিকান ৰেপাৰবোৰৰ দৰে -তই এটা কবি মই পাচত কম৷
নাজানোঁ ,গল কথা গল আকৌ কভিড আহিল , হস্পিটালত কামেই কাম , লৰা ছোৱালী দুটাকো সময় বৰ কম দিব পাৰোঁ ,তথাপিও মাজে-মাজে মনকে ভিতৰৰ ৰুশ্বদী আৰু চয়তান ভগতৰ ম্যুটেন্টতো জাগিব খোজে ,তেতিয়া কিবা কিবি লেখো
মেটাফৰ :
মাইকেল কেইনৰ swan song নাছালোঁ , কিন্তু উপহাৰ পোৱা ৰাজহাঁহৰ গান পঢ়িলোঁ, জুকিয়াই ল’লো, সঙকলনখনৰ শেষ গল্প -ৰাজহাঁহৰ গাণ ৰ লগত মনৰ মত নিমিলিল- মণিক ৰহমানৰ মৃত্যু হল, কভিদত!
তাৰমানে লেখকৰ গল্পৰ প্ৰেৰণা উৎসৰ মৃত্যু হল, মই আৰু নিলিখোঁ ,নেটফ্লিক্স চাই আৰামত বাকিখিনি সময় কটাই দিম৷৷৷
মণিক ৰহমান সচাঁ চৰিত্ৰ নে লেখকৰ কল্পনাৰ ৰজত কাপুৰ সেয়া মই নাজানোঁ৷
যদি সচাঁ চৰিত্ৰ আৰু তেওঁৰ সঁচাকৈয়ে কভিদত মৃত্যু হৈছিল তেনেহ’লে তেওঁৰ নামত এটা গল্প নহয় এখন উপন্যাস লেখিব লাগিছিল
লেখকে তেওঁক বাচি থাকোঁতেই মাৰি পেলালে সেয়া অতি অনৈতিক কথা
আৰু যদি লেখকে মেটাফৰ হিচাপে তেওঁৰ সৃষ্টি মনিকদাক মাৰিলে তেনেহ’লে আমি সেই মেটফৰৰ লগত সন্মত নহয় বা তাক বেছি ট্ৰেজিক বুলি মানিম৷
Youth :
Midlife crisis, কভিড ফেটিগ যিয়েই নোবোলোঁ তাক ভাঙিব লৈয়েই সময় পালে চিনেমাৰ পৃথিবীখন আকৌ ভুমুকি মাৰিব চেষ্টা কৰিলোঁ, এই মেলিনিয়েল বোৰৰ উত্পাতত চিনেমাৰ ভাষাই সলনি হৈ গৈছে, নতুন চিনেমা কেইখনমান চাই আকৌ পুৰণি চিনেমা কিছুমান চাব ধৰিলো, মোৰ আগৰ ফেভাৰিট -পুৱ ইউৰোপৰ Suicidal tendency থকা চিনেমাবোৰৰ পৰা কিন্তু এইবাৰ আঁতৰি থাকিব যত্ন কৰিলোঁ ৷
সেয়ে মাইকেল কেইনৰ Youth নামৰ চিনেমাখনত চকু পৰিল , মাইকেইল কেইন -মূল সুতীৰ ভাল ইংৰাজী চিনেমাৰ পাৰ্টেক্ট ইংলিচ জেনটেলমেন, ভাল আভিনেতা ৷
তেৱোঁ বুঢ়া হৈছে বাৰুকৈয়ে , চিনেমাৰ পটভুমি চুইজাৰলেণ্ডৰ হলিডে হোটেল এখন , বহুতো প্ৰাক্তন বিশ্ব বিখ্যাত মানুহে ইয়াত সময় নিৰ্বাহ কৰে -সকলোৱে নিজৰ খ্যাতিৰ সময় অতিক্ৰম কৰিছে – মাৰাডনাৰ দৰে তাৰকাৰ মেদ বহুল বিলাসিতা, চুপাৰহীৰ চৰিত্ৰত আভিনয় কৰি খ্যাতিৰ শিখৰত থকা কিন্তু নিজে সেই কোনো সৃষ্টিশিলতা নথকা চৰিত্ৰটোক ঘিন কৰা এজন অভিনেতা, নিজকে হেতাই পেলোৱা পোৱা এজন চিত্ৰনিৰ্মাতা আৰু মাইকেল কেইন তাত অৱসৰ বিনোদনৰ বাবে আছে ৷ চিনেমাখনত মাইকেল কেইনৰ চৰিত্ৰতো এসময়ত বিখ্যাত সঙ্গীতজ্ঞ আছিল, এতিয়া আবসৰপ্ৰাপ্ত ,
পেৰিচৰ পৰা আত্মজীৱনীৰ বাবে এজেন্ট আহে -ঘুৰাই পঠিয়াই, ঘৈনিয়েকক বহু বছৰ লগ ধৰা নাই আৰু তাৰ বাবে জীয়েকে কুতুৰি থাকে৷ আনকি ৱাকিঙহাম পেলেচৰ পৰা যুবৰাজ চাৰ্লচৰ জন্মদিনত সংগীত পৰিচালনা কৰিবলে অনুৰোধ আহোঁতেও একেই উত্তৰ -not interested due to personal reason …
ৰাণীয়ে পুনৰ অনুৰোধ কৰে সেই একেই উত্তৰ not interested due to personal reason …
কি personal reason?
পাৰ্চনেল মানে তাক মানুহৰ লগত আলোচনা কৰিব পাৰি নেকি ?
চিনেমাখনত নানা তৰপৰ সৃজনীশীল মানুহৰ creative , block , creative death , passing the golden days আৰু সৃষ্টিৰ তাড়নাৰ ভিতৰত দৰ্শকক লৈ যোৱা হৈছিল
মাইকেল কেইনে পাইন গছৰ মাজে আহা বতাহ , চকলেটৰ ৰেপাৰৰ শব্দ , পথাৰৰ গাইবোৰৰ গলত বন্ধা ঘন্টাৰ ধ্বণীৰ মাজত সঙ্গীতৰ স্বৰলিপি বিচাৰি অছিল কিন্তু তেও সেই সংগীতৰ জগতলৈ ঘুৰি নোযোৱাতো বদ্ধপৰিকৰ৷
এটা আবেগপূৰ্ণ সময়ত তেও কৈ পেলায় যে তেও ৱাকেঙহাম পালেচত ৰানীৰ আতিথ্যত পৰিবেশন কৰিব নোৱাৰাৰ আৰত আছে তেও পত্নীৰ পতি থকা -ভালপোৱা
শেষত চিকিৎসকে তেওঁক কয় যে তেওঁৰ কোনো ধৰনৰ বেমাৰ নাই -তেও বয়সত যদি তেওঁৰ সমুখত কিহবাই অপেক্ষা কৰি আছে সেয়া হল যৌৱন৷ চিনেমাখন শেষ হয় মাইকেল কেইনে বৃদ্দাশ্ৰমত শিলৰ দৰে বহি থকা তেওঁৰ পত্নীক লগ ধৰা আৰু তাৰ পিছত ৱাকিঙহাম পেলচত তেওঁৰ বিখ্যাত সংগীত -simple song পৰিবেশন কৰাত৷
উপসংহাৰ :
চিনেমাখন চাই উঠি ভবা কথাবোৰ আন এটা ধৰণেৰে বিশ্লেষণ কৰিবলৈ বিচাৰিলোঁ৷ মোৰ সিদ্ধান্ত দুটা ভুল আছে – এটা এই মেলিনিয়েল বোৰৰ প্ৰতি থকা মোৰ ভয় যাৰ বাবে কিজানি মাজে-মাজে ঘৃণাৰো ভাব প্ৰকাশ কৰিছিলোঁ সেয়া শুদ্ধ নহয়৷
কটনত পঢ়ি থাকোঁতে এবাৰ লক্ষধৰ চৌধুৰীৰ ভাষণ এটা উপভোগ কৰাৰ সৌভাজ্ঞ হৈছিল ৷ তেওঁৰ বিখ্যাত উক্তি –“জীৱন জুখিবা বন্ধুৰে চকুপানীৰে “ নহয় ইমানেই খুহুতিয়াকৈ কৈছিল যে হাঁহি-হাঁহি বাগৰি পৰিছিলোঁ-হয়, তেও মোতকৈ বহুগুণে ডেকা ৷ আৰু সৃষ্টিৰ বাবে স্বঘোষিত অৱসৰ সদাই অৱসৰ হব নোৱাৰে৷ চিনেমাখনত সঙ্গীতজ্ঞজনৰ সংগীতৰ পৰা আতৰি থকাৰ আৰত কিবা এটা কাৰণ আছিল তযাপিও তেওৰ ভিতৰৰ সঙ্গিতজ্ঞজন মৰি যোৱা নাছিল ৷ শেষত তেও বাধা নেওচি পুনৰ যৌবনপ্ৰাপ্তি কৰিলে৷
আৰু প্ৃথমতে দিয়া এই শচীন টেণ্ডুলকাৰৰ উদাহৰণতো ভুল , তাতকৈ ইমৰান খানৰ কথা নাপাতোঁ কিয় - অৱসৰৰ পিছত ৰাষ্ট্ৰপতিৰআনুৰোধত ক্ৰিকেটলৈ ঘুৰি আহিল দেশক বিশ্বকাপ জিকালে ,তাৰপিচত পাকিস্থানক টাটা মেমৰিয়েল দৰে এখন কেন্সাৰ হস্পিটাল দিলে ,তাৰ পিছত ৰাজনীতি ,তাৰ পিছত বিবাহ ৷৷৷৷
জীৱন চলি যাকে নতুন-নতুন ৰূপত
মণিক দা বাৰু মৰিল, কিন্তু লেখকে ইমাৰান খান বা youth চিনেমাখনৰ মাইকেল কেইনৰ আন কিবা ধৰনেৰে নতুন ৰাজহাঁহৰ স্বৰলিপি লেখিব নোৱাৰনে ?
No comments:
Post a Comment