Sunday, 2 November 2025

মাৰীচ উপন্যাসৰ বিষয়ে চমু টোকা

 





কল্পনা লোক শ্ৰুতি আৰু প্ৰকৃত ইতিহাস  মাজৰ ৰেখাডাল অতি ক্ষীণ -  সেয়ে দায়বদ্ধতা হিচাপে প্ৰকৃত ইতিহাস আৰু লোক শ্ৰুতি ৰ চৰিত্ৰবোৰ ইয়াতে উল্লেখ কৰাতো দৰকাৰ৷  মাৰীচ এক কল্প সাহিত্য-  ইতিহাস নহয়৷ যদিও  ইতিহাস আৰু লোককথাৰ বহু চৰিত্ৰসামাজিক পৰিস্থিতিয়ে উপন্যাসত ভূমুকি মাৰিছে  মাৰীচৰ মূল ঘটনা ভাগ কল্পনাপ্ৰসূত৷

উপন্যাসৰ  সচাঁ ঐতিহাসিক চৰিত্ৰ সমূহ হল- মহাৰাজ বিম্বিসাৰ অজাতশত্ৰু বৈশালীৰ যুৱৰাজদ্বয় -হল- বিহলকৌশলৰ ৰজা প্ৰসেনজিত ,  বৈশালীৰ নগৰবধু -অম্ৰপালী আৰু পটভূমিৰ পৰিমণ্ডল ত ঘুৰি ফুৰা কাপিল বস্তুৰ যুৱৰাজ সিদ্ধাৰ্থ যি কালক্ৰমত গৌতম বুদ্ধৰ নামেৰে জানাজাত হলগৈ ৷ বেছিভাগ কথা কালৰ গৰ্ভত হেৰাই পৰিছিল ৷ কিন্তু ১৮৩০ চনত জেমছ প্ৰিন্‌চেপ নামৰ এজন ইংৰাজ পণ্ডিতে  ভাৰতৰ ভিন্ন থাইৰ  শিলালিপিবোৰৰ অক্ষৰ গাঁথনি উদ্ধাৰ কৰিব সক্ষম হল ৷ তাৰপিচতে এলেক্সেণ্ডাৰ কানিংহাম নামৰ এজন নৃতত্ববিদে সাঁচিসাৰনাথবুদ্ধগয়াৰ আদিত ধ্বংসস্তূপত পৰিণত হোৱা  কৃত স্তম্ভ সমূহত মহজনপদৰ হেৰুৱা কাহিনীক পুনৰ উদ্ধাৰ কৰোতেই উন্মোচিত হল অশোক আৰু বুদ্ধৰ যুগৰ নানা পাহৰা কথা৷

 কিছুমান কথা লোক শ্ৰুতিৰ চলি আহাৰ দৰেই লেখা হৈছে -যেনে পাটৰাণীৰ সপোন,  অজাতশত্ৰু জন্ম পিতৃ হত্যা আদি৷ আনহাতে  মহাজন পদৰ গাঁথনিসেই সময়ত মানুহৰ কেৱলীয়া শ্ৰৱণ হোৱাৰ হাবিয়াসনগৰবধুৰ অম্ৰপালীৰ ৰুপৰ চৰ্চা  আদিৰ কথা পঢ়ি শুনি  সেই সময়ৰ পট চিত্ৰ  মনত বহু আগৰে পৰা ভাহি আছিল৷ কৰ্মসূত্ৰত বহু বছৰ এই মহাজন পদৰ ভৌগলিক পটভূমি সমূহত  নিবাস আৰু  বিচৰণ কৰি শিলাখণ্ড বোৰ  চাক্ষুষ দৰ্শনৰ সময়ত  উপন্যাসৰ  চৰিত্ৰসমূহে মনত বাস্তৱৰ চৰিত্ৰে দৰে ঘুৰি ফুৰিব ধৰিছিল৷  কিন্তু  কোনো উপন্যাস লেখাৰ ধৃষ্ট সপোন কেতিয়াও দেখা নাছিলোঁ৷  পৰিকল্পনা ছিল এটা অতি চুটি গল্প ১২০০ৰ পৰা ১৫০০ শব্দৰ ভিতৰত ৷ সেই পৰিকল্পনাৰেই আৰম্ভ কৰা হল মাৰীচ  কিন্তু জানিতে মাৰিৰ মায়াৰ প্ৰকোপ আৰু প্ৰকাশৰ সম্পাদক মণ্ডলীৰ উত্সাহত ই সঁচাকৈয়ে এখন  উপন্যাস হব ধৰিলে৷ পাঠকৰ সহৃদয়তাৰ বাবে অশেষ কৃতজ্ঞতা সকলোকে জনালোঁ৷






No comments:

Post a Comment