Wednesday, 28 August 2013

বর্ণ বিভ্রান্তি বেমাৰৰ ঔষধ




মই অসমীয়াতে ভাবো ,আৰু মাজে সময়ে লিখোও।কিন্তু লৰালিৰ কিছুমান বেপৰোৱা স্বভাবৰ বাবে বানান বহু ভুল হয়।তাৰ পিচত ইংৰাজী শিকিলো ,অসমৰ বাহিৰলৈ আহি চাকৰি কৰাৰ পিচত সকলো দৈনন্দিন ব্যবহাৰিক কামত ইংৰাজীত লিখিব  লগা হয় (মানে কমম্পিউতাৰত টাইপ কৰিব লাগে) ।ইংৰাজীটো একেই অবস্থা।কিন্তু ইংৰাজী ভাষাত এটা সুবিধা আছে ,সেয়া হল মহাপুৰুষ বিল গেইটছ আৰু তেওৰ সহযোগী সকলৰ কৃপাত নিগণিৰ সহায়ত (মানে mouse) ভূল বানানটোত সোওটীয়া টেপা (right click) মাৰিলেই হল :শুদ্ধ শব্দটিৰ বানান কি, অর্থটো কি, প্রতিশব্দ কি চব ওলাই পৰে। যিখিনি ভাষাজ্ঞাণ আছিল বিল গেইটৰ সহায়ৰ বাবে তাকো শেষ হল। মই বর্ণাশুদ্ধিৰ ক্ষেত্রত হাজাৰটা বেমাৰ লৈও(বহুতো মণোৰগবিশেষজ্ঞ বন্ধুৰ মতে মই clear cut case of dyslexia,বহুবাৰ নিজৰ নামটোকে ভুলকৈ লিখো দুয়ুটা ভাষাত)।অথাপিও অলপ অচৰপ নাম কৰিব পাৰিছো কেইজন মান বন্ধুৰ  নিৰন্তৰ সহায়ৰ বাবেহে ,নহলেটো কেতিয়াবাই কাহিনী শেষ হল হেতেন। 
শেহতীয়াকৈ যোৱা কেইটা বছৰত অসমীয়া ভাষাৰ চার্চাও কম্পি্টাৰত সম্ভৱ হৈছে ,যঠেষ্ত সংখ্যক লোকে ভাষাটোত চর্চা কৰা আৰম্ভ কৰিছে সেইটো এটা সুখৱৰ। আনকি প্রকৃত বানান, প্রতিশব্দ জানিবলৈও  কাৰিকৰিভাবে বহু কাম আগবাঢ়িছে ।এই ক্ষেত্রত xobdo.org  এ লোৱা ভুমিকা সচাকৈয়ে প্রশংশনিয়।কিন্তু এতিয়ালৈ বানানৰ ক্ষেত্রত আমি কাৰিকৰি ভাবে বৰ এটা আগ বঢ়া নাই : ভাবি চাওকচোন টাইপ কৰিলো নিৰ ,সোহটিয়া টেপা মাৰি গম পালো বানানটো হব লাগে নীৰ (মানে পানী) আৰু যদি বাসস্থান বুজাব খুজিছো তেতিয়া হলে হব লাগে নীড়(মানে বাসস্থান) ।বর্তমান যুগত ভাষাটোৰ চর্চা আৰু প্রসাৰৰ বাবে ই অতি জৰুৰী।আশাকৰো যি সকলে এই দিশত কাম কৰি আছে তেওলোকে সোনকালেই এনে কিচুমান কাৰিকৰি সফলতা লাভ কৰি এই দিশত উল্লেখজোগ্য বৰঙণী আগ বঢ়াব।আনহাতে এনেকুৱা কামবোৰ সামুহিক সহযোগিতাৰ দৰকাৰ হয় ।গতিকে অসমীয়া কথা বতৰা আদিৰ দৰে সফল দলবোৰে  যত বহু সংখ্যক উচ্চমানৰ অক্লান্ত কর্মি আছে এই দিশত কাম কৰিব পাৰে। ভাষা এটাৰ বুনিয়াদ হল তাৰ ব্যাকৰণ ।যি মলুকত ভাষা এটা শুদ্ধকৈ কব পৰা ,লিখিব পঢ়াই দাঙৰ কথা সেই মুলুকত আৰু ব্যাকৰণৰ কথা কত আহে? সেয়া দুখৰ কথা ।কিন্তু সকলো দুখৰ কথাতেই কিছুমান সুখৰ কথাও লুকাই থাকে ।যেনে যিসকল লোকে এই বিষয়ত কাম কৰিব লাগে তেওলোকে নকৰাৰ বাবে অনেক সংখ্যক নৱ প্রজন্মই দায়িত্তটো নিজৰ হাতত লৈছে নানা ধৰনৰ সমুহিয়া প্রচেষ্টাৰ জৰিয়তে।ষেনে  xahitya.org  ,আন আন সকল। যদি এনেকুৱা ভাষা জ্ঞাণ বিষয়ত  নতুন প্রকল্প কিচুমান লোৱা হয় তেনেহলে ভাল হয় ।
উদাহৰণ স্বৰুপে ধৰক তাত এটা ভাগ সচিত্র ভাষা জ্ঞাণ (পিচলৈ বাৰু Audio visual| ৰ কথাও ভাবিব পাৰি) ।এই সময়হিন পৃথিৱীত নত্ব বিধি পঢ়ি মুখস্ত কৰি ভাষা ব্যাকৰণ শিকিব বা শিকাব যোৱাটো এটা কষ্টসাধ্য কাম।তেনেস্থলত আমাৰ হাতত যঠেষ্ত সংখ্যক ভাল চিত্রশিল্পী আছে ।তেওলোকৰ সহায়েৰে  যদি তলত উল্লেখিত ধৰণৰ আকর্শনীয় ছবিৰে ভাষাজ্ঞাণ প্রচাৰ হয় ,আৰু সামাজিক জালিবন্ধনৰ (social networking) যোগেৰে যদি ৰাইজে সেইবোৰ ছৱিৰ প্রচাৰ কৰে নব প্রজন্মটো বাদেই মোৰ নিচিনা বর্ণ বিভ্রান্তিৰ বিকাৰগ্রস্থ চেমি আদহিয়া লোকো সকলো তাৰ দ্বাৰা লাভবান হব। 
 

বিদ্র : উক্ত কথাখিনিটো ভুল আছে ।এনে ভুল হোৱা উচিৎ নহয় ।সেইবাবেই এনে সামুহিক প্রকল্পৰ দৰকাৰ
:-)
 


Thursday, 18 April 2013

হেৰোৱা সুবাসৰ সন্ধান

সেৱাগ্রাম

আজিৰ পৃথিৱীত জ্ঞানৰ সন্ধান কৰা হয় যন্ত্রৰ বুটাম টিপি যেনে ধৰক কিবা এটা জানিব লগিয়া হল কম্পিউটাৰ নহলে মবাইল ফোনৰ বুটাম টিপিলেই হল-জানিব লগিয়া তথ্য আহি থিতাতে হাজিৰ হব। ফলত জ্ঞান আহৰণ হয় অনুভৱ অবিহনে।এই প্রৱণতাই সৃষ্টি কৰিছে এক চেতনাহীন যান্ত্রিক প্রজন্মৰহয়টো এতিয়াও আমি পঞ্চেন্দ্রীয়ৰ অনুভূতিবোৰ যেনে দেখা ,শুনা, সোৱাদ আদিবোৰ বুজি পাই আছো  কাৰণ ইশ্বৰে তেনেধৰনেৰে পৃথিৱীখন বুজিবলৈ আমাক সৃষ্টি কৰিছে।কিন্তু এই সন্ধিক্ষনত আমাৰ বেছিভাগৰেই অনুভুতিবোৰ  চিনি বুজি লবলৈ সময়েই নাথাকে।সেয়ে ইন্দ্রিয় অনু্ভুতি বুলিলে মনলৈ কেইতিমান পৰিচিত স্পর্শ , সুবাস ,দৃশ্যতেই আবন্ধ থাকে।হয়টো আমাৰ আত্মা আজি যন্ত্রৰ হাতত এনেভাবে বশিভুত হৈছে যে মৌলিক অনু্ভূতিবোৰক চিনি বুজি লবলৈও আমাৰ হাতত সময়ৰ অভাব।তেনেবোৰ অৱজ্ঞাৰ বাবেই কিজানি আমি চিনি অহা পৃথিৱীখন দিনে দিনে শেষ হৈ আহিছে। আমাৰ ইমানেই সলনি হৈছে নেকি যে আমি সকলোবোৰ বস্তুকেই নতুন ধৰনেৰে অনুভৱ কৰিবলৈ লৈছো । আগতে শিকি বুজি অহা ধৰণেৰে পৃথিৱীখন বুজিবলৈ কোনো দৰকাৰ নাই ?সত্যৰ অণ্ণেষণ ইন্টাৰনেটত নহলে মবাইলত কৰক আৰু যন্ত্রকেই সেই সত্যক অনুভৱ কৰিবলৈ দিয়ক।অনু্ভুতিবোৰক মগজুৰ  স্মৃতিকোথাত বান্ধি থোৱাৰ কোনো প্রয়োজন নাই।
          আধুনিক জীৱনত যন্ত্রৰ অধিগ্রহনৰ প্রভাৱবোৰ দেখি মই তেনেদৰেই ভাবিবলে ধৰিছিলো।কিন্তু কিছুবছৰ আগতে পশ্ছিম ভাৰতৰ এখন গাওত কেইদিন মান থাকি আহি মোৰ সেই ভুলটো ভাঙিল।গাওখনৰ নাম হল সেৱাগ্রাম- মহাৰষ্ট্রৰ ৱার্ধা চহৰৰ ওচৰত অৱস্থিতএশ বছৰ আগলৈ গাওখনক মানুহে চিগাও বুলি জানিছিল।সেই সময়ৰ যিকোনো দুৰণিবতীয়া গাঁৱৰ দৰে ইয়াতো কোনো বিশেষ ঘটনা ঘটা নাছিল-দৈনন্দিন ঘটনাৱলীবোৰৰ বাহিৰে।
ৰাতিপুৱা হয়,সন্ধ্যা নামে তাৰপিছত ৰাতি হয়।
কিঞ্ছিত শীত আৰু বসন্ত
অসহনীয় গৰম নামমাত্র হেমন্ত
দিনৰ পিছত দিন
বছৰৰ পিছত বছৰ
চলি আছিল কালচক্র
তেনেতে ১৯৩৬ চনৰ বহাগ মাহৰ এটি কাহিলী পুৱাত  গাওখনলৈ এজন অতিথি আহিছল আৰু তেতি্য়াৰ পৰাই এই একেঘেয়ামিৰ অন্ত পৰিল।৬৭ বছৰীয়া মানুহজন  দেশখনৰ বাবে আতাইতকৈ গুৰুত্তপুর্ণ মানুহসমুহৰ ভিতৰত এজন ।তেও বিশ্বাস কৰিছিল প্রকৃত ভাৰতবর্ষক ইয়াৰ  গাওবোৰেহে প্রতিনিধিত্ত কৰে।আহিয়েই মানুহজনে গাওবাসীসকলৰ পৰা চিগাওত বসতি স্থাপন কৰিবলৈ অনুমতি বিছাৰিলে- উদ্দেশ্য দেশসেৱা চিগাও তেতিয়া চাৰিওফালৰ পৰা অৰণ্যৰে আবৃত।নিকটবর্তি চহৰ ৱার্ধালৈ অৰণ্যৰ মাজেৰে  এটি মাঠো লুঙলুঙিয়া বাট।আশে পাশে চিগাওৰ লগত নামৰ মিল থকা আৰু এখন গাও আছিল বাবে চিঠি পত্র আহি পোৱাত যঠেস্ত আহুকালৰ সৃষ্টি হৈছিল।সেয়ে গাওখনৰ এক নতুন নামাকৰণ কৰা হল সেৱাগ্রাম মানে সেৱাৰ গাঁও।
যদিও প্রথমতে পত্নীৰ বাহিৰে আনকোনো আনুগতক লগত ৰাখাৰ উদ্দেশ্য তেওৰ নাছিল কিন্তু লাহে লাহে দেশৰ স্বার্থত সেৱাগ্রামত তেও খোলা সৰু আশ্রমখন এখন দাঙৰ অনুস্থান হৈ উঠিল।কিছুদিন আগলৈকে নিদ্রাৰত সৰু গাওখন অনতি পলমেই ভাৰতৰ স্বাধীনতা আন্দোলনৰ কেন্দ্রবিন্দু হৈ উঠিল।
১৯৪৭ চনত দেশখন স্বাধীন হল আৰু তাৰ পিছৰ বছৰতেই মানুহজনৰ এজন উন্মাদৰ গুলিত   মৃত্যু হল তাথাপি্ও তেওৰ আদর্শই এতিয়াও লক্ষজনক অনুপ্রানিত কৰি আহিছে। সেৱাগ্রামে  সেই তেতিয়াৰ পৰা আজিলৈকে সেই একে উৎসাহেৰে কাম কৰি আছে  আৰু স্বাধিনতাৰ কিছু সময়ৰ ভিতৰতে  দেশখনৰ প্রথমখন গ্রাম্য চিকিৎসা মহাবিদ্যালয়ৰ মিলনস্থলি হল।আতাইতকৈ ভাল কথা হল  যদিও সেৱাগ্রাম আজিৰ দিনত এখন চিকিৎসা মহাবিদ্যালয়, এখন অভিযান্ত্রিক প্রতিস্থানৰ লগতে সকলো তথাকথিত অধুনিক  সা সজুলীৰ অধিকাৰি  তথাপিও ই সেই তাহানিৰ ভাৰতীয় গাওৰ পৰিচয়টো হেৰাই পেলোৱা নাই।
দুই এটা সৰু পৰিবর্তনৰ বাহিৰে গাওখন এতিয়াও ৫০ বছৰৰ আগৰ সেৱাগ্রামেই হৈ আছে -যান্তিকতাৰ সিপাৰে এতিয়াও ইয়াত মানুহে নিজৰ পঞ্চেন্দ্রীয়ৰ অনুভৱবোৰ উপলব্ধি কৰিবলৈ অবকাশ বিচাৰি পোৱাৰ  সুযোগকন আছে।মানুহজনাৰ সেই পজাঘৰটোলৈ গলে এতিয়াও তাহানিৰ সুবাস অনুভৱ কৰিব পাৰি। ঘৰটিক বাপুকুটি বুলি জনা যায়, সেই সময়ত তাতেই মানুহজনে কেনেকৈনো বাস কৰিছিল তাক অনুভৱ কৰিবলে মই দীঘলকৈ উশাহ এটা টানি ললো :- সেই ধুলি,সেই বতাহ, আৰু সেই পৰিস্থিতিৰ স্তব্ধতাই মোক যোৱা শতিকালৈ লৈ গল।চহৰত পাগলৰ দৰে পুৱাৰ পৰা গধুলিলৈ যন্ত্রৰ ওচৰত শৰনাপন্ন হৈ এখন ঠাইৰ গোন্ধক অনুভৱ কৰিবলৈ মই কাহানিবাই পাহৰিছিলো ।কিন্তু সেইদিনা মই থিৰাঙকৈ অনুভৱ কৰিলো এইখিনি ঠাইতে কোনোবা এদিন মোহনদাস কৰমচান্দ গান্ধী নামৰ মানু্জন সোশৰিৰেৰে ঘুৰি ফুৰিছিল।

Friday, 23 November 2012

বিন্দুৰ সিন্ধু।।



সময় আগবঢ়াৰ লগে লাগে মানুহজাতিৰ ধৈর্য্যৰ পৰিধি সৰু হৈ গৈ আছে।কেইদিমান আগে সর্বকালৰ শ্রেষ্ঠ ইংৰাজী উপন্যাসিক চার্লচ ডিকেঞ্চৰ জন্মৰ ১০০ বছৰ হোৱা বাবে কৰা এটা সমীক্ষাত দেখা গৈছিল যে আজিৰ যুগত যদি ধেও ডেভিড কপাৰফিল্ড আদিৰ দৰে দীঘল উপন্যাস লেঘিলে হয় তেতিয়াহলে হয়টো কোনোৱেই তাক নপঢ়িলেহয় ।কিয়নো আজিকালি ইমানবোৰ ঘটনাবহুল জীৱনৰ দুৰর্ন্ত গতিৰ বাবে কৰোৱেই এখন উপন্যাসক ইমান সময়,মনোযোগ দিয়াটো সম্ভব নহয়।
কিন্তু সৃষ্টিকর্তাই টো সৃষ্টি কৰিবই লাগিব !
সেইবাবেই কিজানি আজিকালি দৈর্ঘ্য কমি আহিছে সাহিত্যৰ,চিনেমাৰ।
জনপ্রিয় হৈছে চুটি ছবি ,চুটি কবিতা ।তাৰ ব্যবসায়িক দিশটো ফালে চায়েই চাগে আগবাঢ়ি আহিল যোৱা দহকৰ দ্রুততম জমপ্রিয় সংজোজন চোচিয়েল নেটবর্কিঙ চাইটবোৰ।কম শব্দটেই নিজৰ মনৰ ভাব প্রকাশ কৰা আৰু ক্ষিপ্রভাবে তাক গোটেই পৃথিৱীক জনোৱা- এই বিচাৰধাৰাকেই ব্যবসায়িক ভাবে ব্যবহাৰ কৰি প্রথম বাৰৰ বাবে অভুতপুর্ব সাফল্য লাভ কৰিছিল টুইটাৰে।চৰাই ক্ষুদ্র ধণীকেই পৃথিৱী সলনি কৰা আৱাজ কৰিটোলাত টুইটাৰ সফল হল।ইমানেই সফল হল যে লগে লগে  টুইটাৰত ক্ষুদ্রতম উপন্যাস ,সংগীতৰ স্বৰলিপী লিখাটোও এটা জোৱাৰ আহিল।
লাহে লাহে তেনেকুৱা ক্ষুদ্রধ্ধনীৰ প্রসাৰ আন সকলো চোচিয়েল নেটবর্কিঙ চাইটবোৰে আৰম্ভ কৰি ক্ষুদ্রৰ  পৰা ভুমা দর্শণ আজি এটি ধুন পেচ হৈ পৰিল।

দুৰদর্শী মানুহবোৰৰ কিন্তু অনাগত দিনত চিন্তাৰ পৰিধিয়ে  কেনে ধৰেণেৰে বাট সলাব পাৰে তাক বহু বছৰ আগতে জানিব পাৰে।
আৰু যিজনে ৫০ৰ দহকতে অসমৰ জনসংজোগৰ কথা ভাবিছিল, বিশ্ব চিনেমাৰ লগত ফেৰ মাৰিব পৰা অসমীয়া চিনেমাৰ ৰিতি আৰম্ভ কৰিছিল ,পৰবর্তি সময়ত অসমীয়া সংগীতৰ পৰিচয়েই সলনি কৰি দিছিল  তেওৰ বাবে এ্ই কথাটোৰ পুর্বঅনুমান কৰাটো এটি সাধাৰণ কথা ।
        ক্ষুদ্রৰ অবদানৰ গুৰুত্ত বাৰুকৈয়ে অবুভব কৰি সেই ৭০ চনতেই টুইটাৰৰ কনচেপ্টৰ এখন ক্ষুদ্র আলোচনী উলিয়াইছিল বিন্দু-আৰু তাৰ সম্পাদকীয়ত লিখিছিল :-

।। সমাজত বাকচাতুর্য্য।কার্য্য তাকৰ।সাহিত্যত আখৰ প্রাচুর্য্য তাৰেই হেচাত ভাবৰ মৃত্যু।।
অধিক বর্ণনাৰ পেনপেননিত পঢ়ুৱৈ অতিস্থ।কাগজ ,ছপা ব্লকৰ মুল্য বৃদ্ধি।আলোচনীৰ অকাল মৰণ।লিখোতাৰ আগ্নেয়গিৰিৰ অভাৱৰ বৰষুণ।
।। অধিক পৃষ্ঠাৰ দৌৰাত্ম্যত ব্যস্ত নাগৰিক চিনিক।অধিক ভাগ সাক্ষৰ ভাৰতীয় নাগৰিক প্রতিক ধর্মী প্রেমিক।যুগে যুগে।।
।। মিনি ফ্রন্ট,মিনি এচেম্বলী,মিনি খাদ্য,মিনি দৰমহা,মিনি স্কার্ট,মিনি সাহিত্য আহিল।কম পিন্ধি অধিক দর্শোৱাৰ যুগ এয়া।সকলো মিনিকেই বদ বুলি সাধাৰণীকৰণ কৰাও বদ!সৎ নহয়।দেখা যাওক,অসমৰ শাইট্যিকে নিয়ৰ কণিকাত মহাভাৰত আঁকিব পাৰে নে নোৱাৰে।এটি চেলেঞ্জ।
হয় চেলেঞ্জ।
এই বিন্দুৰ।
গালিবৰ দুশাৰী
হাইকুৰ চাৰি শাৰী
মোপাচাৰ ছশাৰী
ঠাকুৰৰ তিনি শাৰী
স্ফুলিংগই বিৰাট
মনাগ্নি প্রকাশে।
।। মিনি আছে বুলিয়েই মেক্ছি আছে।
।।ব্যক্তি আছে বুলিয়েই সমাজ আছে।
।।বিন্দু আছে বুলিয়েই সিন্ধু আছে।
।। পৃথিবীৰ ক্ষুদ্রতম আলোচনী;আলোড়নী মাইক্রোমিনি বিন্দুৰ জন্ম সেয়েহে।এই মিঠা মিঠা বহাগৰ পৰা অসমীয়া মিনি সাহিত্যই মেছ্কি ওলগেৰে পোখা মেলিলে।
সম্পাদক
বিন্দু

হয়টো আনবোৰ ক্ষেত্রত থকা তেওৰ বিশাল  প্ৰতিচ্ছবি বাবেই চাৰু কলা আৰু  মুলসুতিৰ সাহিত্য  ক্ষেত্রত থকা তেওৰ দুৰদর্ষিতা আৰু অৱদননৰ কথা আমি কমকৈ ৰোমান্থণ কৰো।

Thank You Enajori.com e library for uploading Bindu in eBook section.

Saturday, 10 November 2012

Q পৰিঘটনা



হিন্দী চিনেমাৰ পৰা ,ধাৰাবাহিক বোৰলৈ আৰু ধাৰাবাহিকবোৰৰ পৰা ২৪ x ৭ বাতৰি চেনেল সমুহলৈ এটা দৃশ্য শ্রব্য কিটিপ বহুব্যবহৃত হৈ আহিছে ।তাৰ কোনো নাম নাই সেয়ে মই কিটিপটোৰ নাম দিছো- কিউ ?
মানে হিন্দী শব্দ কিয় ?
উক্ত চিনেমা,ধাৰাবাহিক বা নিউজ চেনেল সমুহত যেতিয়াই যিকোনো ধৰনৰ যিকোনো প্রশ্ন হয় যেনে :-
বেইমানীৰে পইচা কিয় ঘটিব লাগে?
ইমান বছৰ মোক এৰি কিয় গুছি গৈছিলা?
চুইচ বেঙ্কৰ পইচাবোৰ চৰাকাৰে কিয় ঘুৰাই আনিব নোৱাৰে?

আতাইবোৰ প্রশ্ণৰ পিচত তিনি চাৰিটা কেমেৰা বিভিণ্ণ ডিগ্রীৰ কোণ কৰি তিব্রগতিত যুম হব আৰোপী নহলে আৰোপকর্তাৰ মুখলৈ ।ধ্‌ধনী বিভাগে নেপঠ্যৰ পৰা শব্দ দিব চিউ ,চিউ !
যিকোনো চেনেল নাচাওক ঘন্টাত তিনিবাৰ চাৰিবাৰ দেখাপাব এই কিয় প্রৰিঘটনা  মানে মই কৈ আহা  Q (why) Phenomenon !

এনেকৈ অসম বা অসমৰ সাহিত্যৰ কথা ভাবিলে মোৰ মনতো বহু প্রশ্ণৰ কিউ ফেনোমেনৰ বোমাবর্ষণ আৰম্ভ হৈ যায় প্রশ্নবোৰ এনে ধৰণৰ
১. অসমৰ পৰা ইমান কম অনুবাদ কিয় হয় ?
২.অসমৰ সাহিত্যৰ কির্তি  ব্রম্হপুত্র উপত্যকাৰ  বাহিৰলৈ ওলাই নাহে কিয়?
৩.অসমত কোনো লিখাক নিজৰ জীৱিকা কৰি লব নোৱাৰে কিয়?
কিয় কিয় কিয়
মাণে
কিউ কিউ কিউ 
এনেকুৱা আৰু হাজাৰটা প্রশ্ণ আছে যাৰ প্রগলভতাত আপুনি হাঁহিব বুলি মই কাকো নকওৱেই ।
এনেকুৱা নহয় যে মোৰ সমস্যাবোৰ অকল অসমৰ সাহিত্য-চক্রৰ লগতহে মোৰ কিউ ফেনোমেন বহুজাতিক প্রকাশন প্রক্রিয়াটোৰ ওপৰতো তেনেকুৱা হাজাৰটা  কিউ ফেনোমেনৰ বোমাবর্ষন চলি থাকে।সেইবোৰ এক,দুই ,তিনি কৰি আলোচনা নকৰি তাৰ সাৰাংস আপোনালোকক জনাব বিচাৰিছো :-
এই কথাটো মানিব লাগিব যে এই আন্তৰাষ্ট্রীয় প্রকাশন গোষ্টি সমুহ অতি শক্তিশালি গতিকে ইচ্চা কৰিলে তেওলোকে সাধাৰণ শ্রেণীৰ সাহিত্যকো অতি জনপ্রিয় সাহিত্যলৈ পৰিবর্তন কৰিব পাৰে আৰু যিহেতু খ্যাতি ,পুৰস্কাৰ ,আন্তৰাষ্ট্রীয় প্রকাশ আৰু অনুবাদ সকোলোবোৰ তেওলোকৰ হাতত থাকে গতিকে ৰাজ্যিক পর্য্যায়ৰ লিখনি ,সাহিত্য ,সকলোবোৰ আমাৰ নিজৰ ঘৰতে বিখ্যাত হৈ থাকে ।ভাষাবোৰৰ উন্নতিৰ বাবে থকা চৰকাৰি গোষ্টি(যেনে সাহিত্য একাডমি) আদিকো দোষ দিব নোৱাৰি কাৰণ এইবোৰে নিজৰ ক্ষমতা ,সীমাবদ্ধতা হিচাপে কিবা কিবি কৰি আছে যদিও সেয়া পর্য্যাপ্ত নহয় আৰু থলুৱা ভাবে আমাৰ  আন্তৰাজ্যিক সপোনবোৰ উদাসহীন।যেনে ধৰক ইংৰাজী প্রকাশন গোষ্ঠীবোৰে আমাৰ থলুৱা ভাষাৰ উন্নতীৰ বাবে কৰণীয় খিনি কৰা নাই ।আমি তেওলোকক কি দোষ দিম কাৰণ সেই দায়িত্তটো আচলতে তেওলোকৰ নহয় আমাৰহে। আৰু ৰাজ্যিক ভাবে অসম,পশ্ছিম বঙ্গ,কেৰেলা আদিত থলুৱা সাহিত্য বেছ জনপ্রীয় ।কিন্তু আমাৰ পৰস্পৰৰ মাজত সংস্পর্ষ  অতি কম বাবে জাতীয় সাহিত্য জাতীয়ই হৈ থাকে আন্তৰাষ্ট্রীয় হোৱাটো দুৰৰেই কথা ৰাষ্ট্রীয় পর্য্যয়েই গৈ নাপায় সেইবোৰ। 
বাকিটো বাদ দিয়ক এতিয়ালৈ আমাৰ অনলাইন কিতাপ বেছাৰ  ব্যবস্থাই অতি দুখজনক ।
এই সাহিত্য-মহোৎসববোৰ যে হয় তাত আচলতে আমি আমাৰ ৰাজ্যিক সহিত্যবোৰতনো কি হৈ আছে ,কোননো আমাৰ পথ প্রদর্শক,  আমাৰ উঠি অহা সাহিত্য কোন দিশে ধাবমান সেইবোৰ কথা আলোচনা হব লাগে ,কিন্তু সেয়া হৈ নুঠে ।তেনেকুৱা দুই এটি প্রচেষ্টা হৈ পৰে কোনোবা চিনেমা অভিনেতা বা বোলছবি অভিনেতাৰ ফটো ফিচাৰ।
আনপিনে দেশৰ বিখ্যাত সাহিত্য মহোৎসৱবোৰৰ(জয়পুৰ ,মুম্বাই ইত্যাদি) কর্ম পদ্ধতিবোৰ দেখি ভাব হয় সেইবোৰো ইংৰাজী প্রকাশক গোষ্ঠী সমুহৰ  ব্যবসায়িক লক্ষ সমুহ পুৰা কৰিবলৈহে পালন কৰা হয় ।ভাবিআছিলো যদি এনেকুৱা স্বাধিন জনপ্রিয় সাহিত্য মহোৎসব যদি এনেবোৰ আঞ্চলিক সাহিত্যৰ গণাগুণ আলোচনা কৰা যায় তেতিয়া হলে হয়তো উৎসুক মানু্বোৰে গম পাব কত কি হৈ আছে ।তেনেতে দেখিলো আহাবছৰ জয়পুৰসাহিত্য মহোৎসবৰ এটা বিশেষ শিতান হব ভাৰতী্য় ভাষাৰ লিখনী।
ভাল লাগিল :বাতৰিতো মনপুতি পঢ়িবলৈ ধৰিলো :- উৎসবত এইবাৰ ১৬টা ভাৰতীয় ভাষাৰ ওপৰত চর্চা হব ।বা: মই আৰু গুৰুত্ত দি পঢ়ি গলো কি কি নো ভাষাৰ ওপৰত হব  –দেখিলো –হিন্দী ,উর্দূ ,ৰাজস্থানী ,তামিল,তেলেগু,ভোজপুৰী ,মৈঠালী ,পাঞ্জাৱী,বেঙ্গলী ,মালায়লম,গুজৰাটী ,চিন্ধী,কানাডা আৰু কাশ্মীৰী .....অলপ সময় ৰখি আকৌ পঢ়িলো কিজানি প্রথম বাৰত অসমীয়া শব্দটো মই নেদেখিলোই ,দুবাৰ তিনিবাৰটো যেতি্য়া দেখা নাপালো তেতিয়াহে মনত আৰম্ভ হল Q ফেনোমেনোন ।
দুখৰ কথা এইবোৰ কথা উনুকিয়াবলৈ বেছিভাগ প্রচাৰ মাধ্যমতেই সাহিত্যৰ বাবে এজন আচুতিয়া বলিষ্ঠ সাম্পাদক নাই যি  অকল সাহিত্যৰ শিতানহে চায়।এইবিলাক কথা উল্লেখ কৰি প্রগতিশীল পৰিবর্তণৰ বাতাবৰণ আনিব পাৰে ।দেখা যায় একে কেইজন মানুহেই ৰাজনিতি, সামজবিজ্ঞাণ ,মানস্তত্ত সকলোতে মত প্রকাশ কৰে ।গতিকে সাহিত্য বিভাগ হৈ পৰে বাতৰিৰ বিভাগ অমুকে এখন কিতাপ উন্মোচন কৰিলে ,তমুকৰ কিতাপত ইমানটা গল্প আছে ।বৰ বেছি সৰু সুৰা বিতর্ক থাকে যেনে :-এই সংকলনখনত কেইজনমান স্বনমধন্য মানুহৰ নাম নাই আৰু বহুজন পাবত গজা সাহিত্যিকে প্রাধাণ্য পাইছে ।তাতকৈ বেছি আন একো আমি কৰিব পৰা নাই।কিন্তু সাহিত্যক উৎজাপণৰ ক্ষেত্রত
মোৰ মনৰ ভিতৰৰ সহস্র জনে মোক প্রশ্ণ কৰি ‌উঠিল :
কিউ ,কিউ কিউ?
(কেমেৰা জুম
নেপঠ্যত শব্দ চ্যুউ .......)