Friday 23 November 2012

বিন্দুৰ সিন্ধু।।



সময় আগবঢ়াৰ লগে লাগে মানুহজাতিৰ ধৈর্য্যৰ পৰিধি সৰু হৈ গৈ আছে।কেইদিমান আগে সর্বকালৰ শ্রেষ্ঠ ইংৰাজী উপন্যাসিক চার্লচ ডিকেঞ্চৰ জন্মৰ ১০০ বছৰ হোৱা বাবে কৰা এটা সমীক্ষাত দেখা গৈছিল যে আজিৰ যুগত যদি ধেও ডেভিড কপাৰফিল্ড আদিৰ দৰে দীঘল উপন্যাস লেঘিলে হয় তেতিয়াহলে হয়টো কোনোৱেই তাক নপঢ়িলেহয় ।কিয়নো আজিকালি ইমানবোৰ ঘটনাবহুল জীৱনৰ দুৰর্ন্ত গতিৰ বাবে কৰোৱেই এখন উপন্যাসক ইমান সময়,মনোযোগ দিয়াটো সম্ভব নহয়।
কিন্তু সৃষ্টিকর্তাই টো সৃষ্টি কৰিবই লাগিব !
সেইবাবেই কিজানি আজিকালি দৈর্ঘ্য কমি আহিছে সাহিত্যৰ,চিনেমাৰ।
জনপ্রিয় হৈছে চুটি ছবি ,চুটি কবিতা ।তাৰ ব্যবসায়িক দিশটো ফালে চায়েই চাগে আগবাঢ়ি আহিল যোৱা দহকৰ দ্রুততম জমপ্রিয় সংজোজন চোচিয়েল নেটবর্কিঙ চাইটবোৰ।কম শব্দটেই নিজৰ মনৰ ভাব প্রকাশ কৰা আৰু ক্ষিপ্রভাবে তাক গোটেই পৃথিৱীক জনোৱা- এই বিচাৰধাৰাকেই ব্যবসায়িক ভাবে ব্যবহাৰ কৰি প্রথম বাৰৰ বাবে অভুতপুর্ব সাফল্য লাভ কৰিছিল টুইটাৰে।চৰাই ক্ষুদ্র ধণীকেই পৃথিৱী সলনি কৰা আৱাজ কৰিটোলাত টুইটাৰ সফল হল।ইমানেই সফল হল যে লগে লগে  টুইটাৰত ক্ষুদ্রতম উপন্যাস ,সংগীতৰ স্বৰলিপী লিখাটোও এটা জোৱাৰ আহিল।
লাহে লাহে তেনেকুৱা ক্ষুদ্রধ্ধনীৰ প্রসাৰ আন সকলো চোচিয়েল নেটবর্কিঙ চাইটবোৰে আৰম্ভ কৰি ক্ষুদ্রৰ  পৰা ভুমা দর্শণ আজি এটি ধুন পেচ হৈ পৰিল।

দুৰদর্শী মানুহবোৰৰ কিন্তু অনাগত দিনত চিন্তাৰ পৰিধিয়ে  কেনে ধৰেণেৰে বাট সলাব পাৰে তাক বহু বছৰ আগতে জানিব পাৰে।
আৰু যিজনে ৫০ৰ দহকতে অসমৰ জনসংজোগৰ কথা ভাবিছিল, বিশ্ব চিনেমাৰ লগত ফেৰ মাৰিব পৰা অসমীয়া চিনেমাৰ ৰিতি আৰম্ভ কৰিছিল ,পৰবর্তি সময়ত অসমীয়া সংগীতৰ পৰিচয়েই সলনি কৰি দিছিল  তেওৰ বাবে এ্ই কথাটোৰ পুর্বঅনুমান কৰাটো এটি সাধাৰণ কথা ।
        ক্ষুদ্রৰ অবদানৰ গুৰুত্ত বাৰুকৈয়ে অবুভব কৰি সেই ৭০ চনতেই টুইটাৰৰ কনচেপ্টৰ এখন ক্ষুদ্র আলোচনী উলিয়াইছিল বিন্দু-আৰু তাৰ সম্পাদকীয়ত লিখিছিল :-

।। সমাজত বাকচাতুর্য্য।কার্য্য তাকৰ।সাহিত্যত আখৰ প্রাচুর্য্য তাৰেই হেচাত ভাবৰ মৃত্যু।।
অধিক বর্ণনাৰ পেনপেননিত পঢ়ুৱৈ অতিস্থ।কাগজ ,ছপা ব্লকৰ মুল্য বৃদ্ধি।আলোচনীৰ অকাল মৰণ।লিখোতাৰ আগ্নেয়গিৰিৰ অভাৱৰ বৰষুণ।
।। অধিক পৃষ্ঠাৰ দৌৰাত্ম্যত ব্যস্ত নাগৰিক চিনিক।অধিক ভাগ সাক্ষৰ ভাৰতীয় নাগৰিক প্রতিক ধর্মী প্রেমিক।যুগে যুগে।।
।। মিনি ফ্রন্ট,মিনি এচেম্বলী,মিনি খাদ্য,মিনি দৰমহা,মিনি স্কার্ট,মিনি সাহিত্য আহিল।কম পিন্ধি অধিক দর্শোৱাৰ যুগ এয়া।সকলো মিনিকেই বদ বুলি সাধাৰণীকৰণ কৰাও বদ!সৎ নহয়।দেখা যাওক,অসমৰ শাইট্যিকে নিয়ৰ কণিকাত মহাভাৰত আঁকিব পাৰে নে নোৱাৰে।এটি চেলেঞ্জ।
হয় চেলেঞ্জ।
এই বিন্দুৰ।
গালিবৰ দুশাৰী
হাইকুৰ চাৰি শাৰী
মোপাচাৰ ছশাৰী
ঠাকুৰৰ তিনি শাৰী
স্ফুলিংগই বিৰাট
মনাগ্নি প্রকাশে।
।। মিনি আছে বুলিয়েই মেক্ছি আছে।
।।ব্যক্তি আছে বুলিয়েই সমাজ আছে।
।।বিন্দু আছে বুলিয়েই সিন্ধু আছে।
।। পৃথিবীৰ ক্ষুদ্রতম আলোচনী;আলোড়নী মাইক্রোমিনি বিন্দুৰ জন্ম সেয়েহে।এই মিঠা মিঠা বহাগৰ পৰা অসমীয়া মিনি সাহিত্যই মেছ্কি ওলগেৰে পোখা মেলিলে।
সম্পাদক
বিন্দু

হয়টো আনবোৰ ক্ষেত্রত থকা তেওৰ বিশাল  প্ৰতিচ্ছবি বাবেই চাৰু কলা আৰু  মুলসুতিৰ সাহিত্য  ক্ষেত্রত থকা তেওৰ দুৰদর্ষিতা আৰু অৱদননৰ কথা আমি কমকৈ ৰোমান্থণ কৰো।

Thank You Enajori.com e library for uploading Bindu in eBook section.

No comments:

Post a Comment