আজি অসমীয়া বাতৰি কাকত এখনত এটা বাকচৰ ভিতৰৰ(!) বাতৰি দেখি শৈশৱৰ হাহি উঠা ঘটনা এটা মনত
পৰিল।
কিবা এটা বাহাগী উৎসব (আদৰনী ,বৈতৰনী , বিদায় ,পাহৰনী বা তেনে ধৰনৰ) চলি আছিল ।তেনেতে
এজন মানুহ মঞ্চত উঠিল ;নেপথ্য নাৰীকন্থৰ
ঘোষণা :এয়া মঞ্চত শ্রীমান......ৰ লোকগীত । ব’ৰলে বিন্ধা
পানীলাওৰ জালীৰ দৰে মুখখনৰ গায়ক
এজন মঞ্চত আৰু ঘোষণা কৰিলে ‘মই এতিয়া আপোনাৰ আগত স্বৰচিত লোকগীত পৰিবেশন কৰিম ।‘
মোৰ বয়স তেতিয়া চয় বা সাত ,তেওৰ বাক্যতোৰ ব্যঙ্গতা
/মুর্খতাৰ গুৰুত্ত মই তেতিয়া বুজিব পৰা
নাছিলো। আচৰিতভাবে তাত জমা হোৱা বেছিভাগ দর্শকেই মোৰ দৰে ভাবলেশহীন হৈ মঞ্চলৈ চাই
থাকিল ;নহলে নিজৰ নিজৰ চানাচুৰ ভজা খোৱাত
ব্যস্ত হৈ গল।
মাঠো মোক লৈ যোৱা দাদা সকল আৰু মাহতেহে উচ্চস্বৰে হাহিব ধৰিলে।প্রথমতেতো মই
ভাবিছিলো কিয়নো হাহিছে সিহতে ।মানুহজনে গান লিখিছে ভাল হে কথা ।সময় আগবাঢ়িল অলপ
চলপ বুজিলো কথাবোৰ..
তাৰপিচত ইমান বছৰে ‘স্বৰচিত লোকগীত’ৰ ঘটনাটো আমাৰ কেইজনমানৰ বাবে ব্যক্তিগত কৌতুকৰ মাইলৰ
খুতি হিচাপে পৰিগনিত হৈছে।
আজি বাতৰি কাকতৰ বাতৰিতোৰ শিৰোণামা আছিল ‘গোৱালপৰীয়া লোকগীতৰ স্বৰলিপি প্রকাশ’ !!!
(অসমৰ পৰা প্রায় দুহেজাৰ কিলোমিটাৰ দুৰত থাকো যদিও দেশৰ বা ৱাতৰি বাবে ই
পেপাৰবোৰ এবাৰ খোলো)
মোৰ শৈষৱৰ সেই ব্যঙ্গাত্মক ঘটনাটো মনত পৰিল।
লোকগীতৰ স্বৰলিপি ?
মানে ধৰক :-
চুট টাই পিন্ধা হিপ্পী।
বা টকলা চর্দাৰ!
অনাসক্ত মদাহী .....
লোকগীত ,আৰু তাৰ ব্যাকৰণ .........।
মানুহৰ মাজত লালিত পালিত গানবোৰক আমি এনেয়েই বহু কাৰনত নাকি লগাব গৈ আছো ,অলপ
হবও লাগিব তাতে এয়া মুক্ত ভাব প্রকাশৰ যুগ ।
কিন্তু স্বৰলিপিৰে নাকি লগাব খোজাতো স্বৰচিত লোকগীতৰ দৰেই লির্লজভাবে
হাস্যস্পদ ।
লোকগীত মানে স্বত:স্ফুর্ত আৰু স্বাধীন ।
No comments:
Post a Comment