বিকাশ আৰু প্ৰকৃতি৷
ৰজা আৰু প্ৰজা
বৰ্ণ হিন্দু আৰু জনজাতি৷
ঘনিভূত ৰ্ধূবিকৰণৰ পৃথিবীত কেইদিনমান ঝাৰখণ্ডৰ কিছুমান ভিতৰুৱা গাও ঘুৰি চিৰন্তৰ দৈত্বতাৰ মাজতো বহুতৰে সন্তুলিত সহবাসৰ সম্ভাবনা আছে দেখা যেন ভাৱ হল ৷
মোৰ ব্যক্তিগত চচিয়েল মেদিয়াত বেফিকৰ যাযাবৰী জীৱন এটাৰ আভাস বহুতে পায কিন্তু কথাটোত অলপ ওলোটা ৷ মোৰ ভাগৰ অগনন ভ্ৰমণবোৰৰ বেছিভাগেই পেছাগত দায়বদ্ধতা (professional commitment ) পঢ়া , পঢ়ুৱা , বা আৰু কিছু classified পেচাগত কাম ভ্ৰমণ সমূহৰ মাজতে অকমান ইতিহাস বা প্ৰকৃতি থাকে যদিও জীৱন আৰু সময় এটা বাকছৰ পৰা আন এটা বাকছ লৈ ঘুৰি ফুৰা যেন লাগে বহু সময়ত ৷এই বাকছৰ পৰা বাহিৰ হবলৈয়ে পূজাৰ সময়ত ঝাড়খণ্ডৰ কিছূ ভিতৰুৱা থাইলৈ বুলি সপৰিবাৰে ওলাইছিলো৷
ৰাঁচীৰ পৰা নাতিদূৰত দূৰত পাত্ৰাতুত থাকি (অইন এটা পোস্টত কৈছোৱেই ) নৱমীৰ দিনা লগত হলো জৰিয়াগঢ় নামৰ এখন গাওত আন কিছুমান অসমীয়া পৰিভ্ৰমী৷ আমাৰ স্কুলৰ পৰাই পৰা লগৰ নজৰুল - সমাজ আৰু শিক্ষাৰ পৃথিবীত কাম কৰি আহিছে , যোৱা দুটা দশকৰ পৰা ভাৰতৰ ভিন্ন থাইত থাকি , কেইদিন মানৰ পৰা ৰাঁচীৰ কাষৰ ইটকি গাওৰ ওখন নামী ব্যক্তিগত বিশ্ববিদ্যলয়ত কাম কৰি আছে ৷ তাৰ জৰিয়তে লগ পালো কিছু প্ৰতিশ্ৰুতি সম্পন্ন দেকা আৰু আদহীয়া মানুহ ৷পৰা দুঘন্টা মান গাঢ়ী ছলাই জাৰিয়াগৰহৰ পূৰণী ৰজাঘৰত নিনিশ বছৰৰ আদিক সময়ৰ পৰা চলি অহা পাৰিবাৰিক দু্ৰ্গা পুজাত থাকি স্থানিয পৰিস্থিতি আনুধাবন কৰাৰ সৰু সূবিধা এটা পালো ৷
তিনিশ বছৰ পুৰনী ৰাজভবন তো জহি খহি জাব ধৰিছিল যদিও নব প্ৰজন্মই লৰা জনে (বন্ধুৰ শিক্ষক সহকৰ্মী ডেকা শিক্ষক )তাক মেৰামতি কৰি নতুন কৰিবলৈ যো যা চলাইছে ৷ বাপেক ৰাজ্যৰ এক ধৰণে ৰজা- মানে সেই সাতশখন গাওৰ মুৰব্বি৷ কথাপাতোতে বহু বছৰ পূৰণী ৰজাঘৰৰ নাগবংসী কিছু কথাও জানলে ৷ অতি সাধাৰণ ভাবেই থাকে, তাত ঘুৰি ফুৰা ভিন্ন জাতীৰ গাওবাসীৰ লগত আছৰনত সকলোৰে লগত অতি সহজ যৈন দেখা গল ৷ শুনা মতে তেও ডেকা বয়সৰ সমাজিক স্থনীয় আস্টিত্বৰ বিষয়ত মধ্যম পন্থাৰে এখন inclusive গাওৰ গঠনত ভাগ লৈ আহিছে৷ তেওৰ আদহীয়া ককায়েকে মোক শ্ৰী অৰোবিন্দৰ দৰ্শন আৰু ভাৰতৰ বৰ্তমান পৰিস্থিত তেনে আদৰ্শ কিমান জৰুৰী তাকো কলে (মন কৰিব আমি ঝাৰখণ্ডৰ ভিতৰুৱা গাওত নাতি পুতিৰ লগত সাংসাৰিক জীৱন কতোৱা এজন অষ্টাদশী মানুহৰ লগত কথা পাতিছিলো )
তাৰ মানে বাহিৰৰ মানুহৰ বাবে লগা binary বোৰৰ মাজতো সৌহাদ্যপুৰ্ণ সহবস্থান এতিয়াও সম্ভৱ?
অ – এই নবমিৰ দিনা গাওৰ ঘৰত বনোৱা পঠাৰ সোৱদত ভাৰতৰ অভ্যন্তৰিন প্ৰাচ্য আৰু পাশ্যাত্যৰ মিলনো দেখা পালো ৷ এই কেইদিন উত্তৰ ভাৰতত আমিস খোৱাৰ কথাতো যঠেস্ত আসহজ ৷ আনহাতে বঙ্গ আৰু অসমত (আমি ডাঙৰ হোৱা দুখনৰ কথা কৈছো দেই – চিকেন চাউমিন , পৰ্ক মোমো , আদি পূজাৰ পেণ্ডেলৰ অপৰিহাৰ্য অঙ্গ) ৷ এই ক্ষেত্ৰত বিহাৰ আৰু জাৰখন্ত স্তিতি দুয়োপিনে সহবাস কৰা দেখা যায়৷
ঝাৰখণ্ড আপেক্ষিক ভাবে নতুন ৰাজ্য –( জাওবনৰ ঝাৰুৰ পৰা?) আৰু নিজক নতুনকৈ আবিস্কাৰ কৰি আছে ৷ নিজৰ আদিবাসীৰ আস্তিত্বক বজাই ৰাখি সময়ত লগে লগে এক খোলা মনৰ স্বভিমান ৰাখিও নিজত্ব বজাই ৰাখীব খোজাৰ কিছু উদাহৰণ দেখি ভাল লাগিল৷
খোৱা কথা ওলাইছে যেতিয়া সেই অঞ্চলৰ পুৱাৰ জলপান ধুস্কা আৰু ঘূগনিৰ কথাও নোকোৱাকে নোৱাৰি ৷ দুঘন্টা গাঢ়ী ছলাই পাওতে ভোক বাৰুকৈয়ে লাগিছিল , গতিকে আপ্লুত হলো আৰু দূপৰীয়া গাওৰ পদ্ধতিৰে বনোৱা পথাৰ মাংসৰ সোৱাদেই বেলেগ ৷
গাওখনৰ কাশতে কাৰি নদী ৷ তালৈ গলো , প্ৰায় আধা কিলোমিটাৰ প্ৰকৃতিক আৰণ্যৰ মাজেৰে কোজ কাঢ়ি নদীখন দেখি মন কৰিলো যে যিমান দুৰলৈ চাও সিমান দুৰলৈ আমাৰ দলতোৰ বাহিৰে এজনো মানুহ বা ঘৰ বা বিজূলীৰ তাৰ দেখিবলৈ নাই , গছ আৰু নদী ৷ বহু দিনৰ মুৰত কিজানি এনে কথা পৰিলক্ষিত হল ৷ (হয়তো সমস্যাতো মোৰ , অকল তেনে থাইতহে ঘুৰি ফুৰো যত চাৰিও পিনে উচ্চ আট্টালিকা , চাৰিওপিনে নিৰ্মানৰত ফ্লাই ওভাৰবোৰ আৰু ধুলি বালিৰ লগতে যানজত আৰু অনৰ্গল গাঢ়ীৰ পে পে শব্দ)
বন্ধুৰ লগৰ শিক্ষক দুজনমানৰ লগত শিক্ষা সমাজৰো কিছু কথা পতা হল , ব্যক্তিগত ভাবে মই শিক্ষক হিচাপে আজিৰ পঢ়া পঢ়োৱাৰ স্থৰ আৰু গভিৰতা দেখি বাৰুকৈয়ে চিনিকেল হৈ পৰিছো , কিন্তু বন্ধুৰ আৰু তেও লগৰীয়া শিক্ষক দুজনৰ optimism দেখিও আপ্লুত হলো ৷ ভাব হৈছে শিক্ষকৰ ধাৰণাক আজিৰ সময়ে বাৰুকৈয়ে জোকাৰিব ধৰিছে ৷
অসম/জাৰ্মানিৰ পৰা আহা পৰা মীনাক্ষী বাইদেও আলোচনাত ভাগ লোৱাৰ বাহিৰেও মাজে মাজে বোৰ হব খোজা লৰা ছোৱালীৰ প্ৰাকৃতিৰ লগত পুনৰ জৰিত কৰা প্ৰক্ৰিয়া তোত সহায় কৰি আছিল ৷
তিনিদিনৰ এই যাযাবৰী যত্ৰাক যদি নিৰপেক্ষ সাৰাংস দিব লগিয়া হয় তেতিয়া হলে এইখিনি ইতিবাছক কথা মন কৰা যেন লাগিল
বিকাশৰ ধাৰণা আছে কিন্তু নিলৰ্জ ভাবে গছ গছনি কতাৰ বিৰুধ্ধৈ কিছু নিৰাপত্তাও আছে৷
নতুনকৈ আবিস্কাৰ কৰা জাতীয় স্বভিমান আছে -ইয়াৰ আধাৰ জনজাতীয় পৰম্পৰা কিন্তু জাতিগত/বাহিৰাগতৰ ধাৰণাতোকো সেই ধাৰণাৰ লগত সহবাস কৰিব বিছৰিছে ৷
পৰ্য্যতনৰ বাবে লগা ব্যবস্থাবোৰ গঢ়ি উঠিছে , কিন্তু আনবোৰ পৰ্যটন ভুমিৰ দৰে বজাৰ হৈ ঊঠা নাই এতিয়াও ৷
নিজৰ আদিবাসী ধাৰনাতোৰ লগত মানুহবোৰ , নাৰীসমুহে সৰু ডাঙৰ সকলো কাম মুৰ দাঙি কিন্তু বিদ্ৰোহী উপহাস এৰাই অগবঢ়া যেন লাগিল ৷







No comments:
Post a Comment