লেবিৰিন্ঠ: (চিত্র১):গুপ্তধন পাৱলৈ এটিয়েই বাট
|
মেজখেল (চিত্র ২):গুপ্তধন পাৱলৈ আছে বহু বাট |
আধুনিক মানুহৰ প্রধান
সমস্যা-অতৃপ্তি, সকলোৰে ভাব কিবা এটা নাই। বহু বছৰৰ পৰা এলানি
সমান্তৰাল কাহিনী লিখি আছিলোঁ য’ত একে চৰিত্র কেইটাৰেই
জীৱনৰ বহু মুহুর্ত ধৰাৰ প্রচেষ্টা কৰা হৈছিল। সকলোৰে সমস্যা কিবা এটা নাই। এই
যাত্রা যন্ত্রণাময় আছিল আৰু প্রায় দহ বছৰ পিছত মই নিজে সৃষ্টি কৰা এই চৰিত্র সমূহে
মই সৃষ্টি কৰা যন্ত্রণাৰ কাৰণে মোক শাওপাত দিব ধৰা যেন ভাব হল মোৰ। এটা সময়ত এন
লাগিল যান দিনে ৰাতি চৰিত্রবোৰে মোৰ পিছ লৈ এই যন্ত্রণাৰ পৰা মুক্তি বিচাৰিছিল। এ্ই
সংঘর্ষ ইমানেই বেছি হল যে মই লেখাই বন্ধই কৰি দিলোঁ, তথাপিও
যেন এই চৰিত্রবোৰে, সিঁহতৰ যন্ত্ৰনাই মোৰ পিছ নেৰা হল। যিহেতু
চৰিত্রবোৰ মোৰ মাজেৰে সৃষ্টি হৈছিল সিঁহতক যন্ত্রণা মুক্ত কৰাৰ নৈতিক দায়িত্বও
মোৰেই। সেইবাবেই নতুন লেখনীৰ মাজেৰে সিঁহতৰ যন্ত্রণাৰ উপশম কৰিব পাৰিম বুলি ভাবিলোঁ।
সেই সময়ত মই ব্যক্তিগত
কাৰণত কলা ইতিহাসৰ বিষয়ে পঢ়াশুনা কৰি আছিলোঁ ,আনহাতে মই সৃষ্টি কৰা চৰিত্ৰসমূহৰ
সমস্যাবোৰো কলা ইতিহাসৰ দর্শনৰ লগত সামঞ্জস্য আছে। ভাব হল কলা ইতিহাসৰ পাততেই বিচাৰি
পাম এই সমস্যাৰ উত্তৰ। সেইবাবেই যাত্রা
আৰম্ভ হল কলা ইতিহাসৰ গল্প কৰণ। কলা
ইতিহাসৰ আবেদময় ভাগ কিছুমানক প্ৰেৰণা হিচাপে লৈ গল্প লিখাৰ কথা ভাবিলোঁ, ভাবিলোঁ যে ভাবিলোই নিজকে একপ্রকাৰ প্ৰতিশ্ৰুতিয়ে দিলোঁ।
মই কোনো ক’লা বিশাৰদ বা ইতিহাসবিদ
নহয় ,না কোনো বিজ্ঞ পুৰুষ; মাঠোঁ অনুভবেৰে কাহিনী লিখোঁ,
ই কলা ইতিহাসৰ শিক্ষাবিষয়ক লিখনী নিশ্চয় নহয়। যেনেকৈ দীপা মেহতাৰ
আর্থ (Earth )নামৰ চিনেমাখনত ভূ তত্ব বিজ্ঞানৰ আগ্নেয় শিল ,গেদীয় শিল বিচাৰি নাপাওঁ আমি বিচাৰি পাম মাটি আৰু তাৰ সম্বন্ধীয় মানৱীয়
আবেগ ঠিক তেনেদৰেই এই গল্পকেই তাতো কলা ইতিহাস নাই ,কলা
ইতিহাসৰ মূল বিষয় শৈলী (Style) বা কোনো দিশক(part) লৈ কিছুমান মানুহৰ কাহিনী লিখাৰ চেষ্টা ৰা হল।
এই শৃঙ্খলটো লিখিব আৰম্ভ
কৰিহে অনুভব কৰিলোঁ সমস্যাবোৰৰ উত্তৰ পোৱাতকৈ সমস্যাবোৰ আৰু গভীৰহে হৈ পৰিল,যেন একে
কামোৰত খাব খোজা ভীমকলটো গলত লাগি পৰিল। মই যেন এক চাকনৈয়াৰ মাজতহে সোমাই পৰিলোঁ।
তিনি চাৰি বছৰ কক বকাই অৱশেষত
শেষ কৰিলোঁ art history
fictionalization ।যিহেতু
কলা ইতিহাস বুলিলে আমি ইউৰোপৰ কলাৰ ইতিহাসৰ কথাই বুজোঁ আৰম্ভ হ’ল কলাৰ ইতিহাসৰ তিনিটা
আবেদনময়ি ভাগ Impressionism,
Dadaism, Surrealism ক গল্পৰ বিষয় বস্তু হিচাপে লৈ গল্প লিখা
আৰম্ভ কৰি দিলোঁ ।এই কাম আন কোনোবাই কৰিছে নে নাই মই নাজানোঁ ।ব্যক্তিগত
ভাবে মই ইয়াক কৰিবলৈ অনুপ্ৰাণিত হৈছিলোঁ পোলেণ্ডৰ চিনেমানির্মাতা : Krzysztof
Kieślowski ৰ টিভি চিৰিজ ডেকালগ চাই য’ত তেও খৃষ্টান ধর্মী
লোকৰ দহটা জীৱনৰ ধাৰাক (Tenth commandment ) চিনেমাৰ
ৰূপত দিছিল। এটা বিষয়(subject )ৰ মূল ভাবৰ আলমত কাহিনী
নির্মাণ কৰা দহখন চিনেমা। বুদ্ধিদীপ্ত চিত্রনির্মাতাৰ কাহিনী ভাগত কোনো ধৰণৰ
ধর্মপ্রচাৰ বা ,এক কথাৰ পুনৰুক্তি হোৱা নাই ।যেনে ধৰক মন্টাজ
,মন্টাজ হল দাদাবাদ নামাৰ কলা ইতিহাসৰ সৃষ্টি ঠিক কলাজৰ দৰেই
ইয়াৰে বাতৰি কাকতৰ বিভিন্ন অংশ কাটি এক
নতুন ইঙ্গিতধর্মী ছবিৰ সৃষ্টি কৰে। কলা ইতিহাসৰ কল্পিত গল্পৰ এটা দাদাবাদ নামৰ
গল্পটোত তেনেকুৱা- বাস্তৱ ,চিতবিভ্রম, সৃষ্টি
,সৃজকৰ যন্ত্রণাৰ মন্টাজ বনাবৰ চেষ্টা কৰা হৈছে, ই কোনো দাদাবাদৰ ওপৰত লিখা
শৈক্ষিক গল্প বুলি ভাবি পঢ়িলে হয়তো পঢ়ুৱৈ বিপথে পৰিচালিত হব।
পঢ়ুৱৈএ জানেই, মই
আগতেও কৈছো গল্প হল স্বাধীন সত্তা আৰু মই বা গল্পকাৰ হল তাৰ surrogate মাতৃ ।গল্পবোৰৰে নিজে নিজৰ ৰূপ লোৱা আৰম্ভ কৰিলে সেই তিনিটি চৰিত্রৰ মাজত।
যিহেতু ই কলা ইতিহাসৰ বিষয়ে গতিকে গল্পকেই তাৰ কাহিনী ভাগ আগবাঢ়িবলৈ visual narrative ৰ সহায়
ল’লে। কেতিয়াবা ছবি ,কেতিয়াবা
কোনো চিহ্ন।
উক্ত বিষয় তিনিটাৰ উপৰিও
কলাৰ ইতিহাসৰ আৰু বহু ভাগ আছে ,কিন্তু লিখি থাকোঁতে
কাহিনীৰ চৰিত্রসকলৰ বিশ্বাস হল যে কোনো এটা ইজম (বা বাদৰ ) মাজত সোমাই ককবকাব ধৰিলে। পৃথিৱীৰ কোনো
সত্তাই এটা ইজমৰ গন্ডিৰ ভিতৰত বেছিদিন সোমাই থাকিব নোৱাৰে। গতিকে চৰিত্রবোৰৰ
এনেকুৱা লাগিল যেন সিহঁতে কোনো এটা সাঁথৰৰ ৰ মাজত সোমাই আছে ,যেনে লেবিৰিন্ঠ নহ’লে মেজ খেল ।
মই বুজালোঁ ধৰা হল আমি গুপ্ত
ধনৰ সন্ধানত আছো ।,আমি জানো সেই ৰত্নভান্ডাৰ
বিলাক ক’ত আছে কিন্তু তালৈ বাটটোহে নাজানোঁ ।
লেবিৰিন্ঠ: (চিত্র১):
মেজ খেল (maze)(চিত্র
২):
দেখাত একে লাগিলেও
ভিতৰলৈ সোমালে দেখিম যে : লেবিৰিন্ঠত লক্ষস্থানলৈ যাবলৈ এটাই বাট ,কিন্ত মেজ
খেলত দেখিব লক্ষস্ধানলৈ যাবলৈ আছে বহু বাট।
ঠিক জীৱনতো দৰে। প্রশ্নৰ
উত্তৰ আছে বহু দিশে
সেয়াও এক ভিজৰেল নেৰেটিভ
! অতৃপ্তিৰ উত্তৰ পাবলৈও নিশ্চয় হাজাৰ বাট আছে। এতিয়া কথা হল লিখনিক বুজাবলৈ ছবিৰ
বা ভিজুৱেল নেৰাটিভৰ সহায় কিয় ল’ব লগা হল?
এই প্রশ্নৰ দুটা উত্তৰ
হব পাৰে
১. মেধাৰ অভাব ,গতিকে
সম্পৰিক্ষাৰ বাবে এইবোৰ চঙভঙ।
২. শব্দৰ পৃথিৱীৰ অভাব
বুজাবলৈ/পুৰাবলৈ ছবিবোৰ আগবাঢ়ি আহিছে। লিখা শব্দৰ বহু সময়ত কিছু আসোঁৱাহ আহি পৰে
তাৰ বাবেই সৃষ্টি হয় চিত্রকল্প, সংগীতৰ.. আৰু মই
চিত্রশিল্পৰ সহায় ল’লো।
সৃজক হিচাপে মোৰ ২ নং
উত্তৰতো মোৰ উত্তৰ বুলি কম ,প্ৰতিজন পাঠক সমালোচক
উত্তৰতো আন ভাবে লোৱাৰ অধিকাৰ আৰু স্বাধীনতা নিশ্চয় আছে
সেই যন্ত্রণাৰ সংঘৰ্ষৰ
পিছত কলা ইতিহাসৰ চাকনৈয়াৰ পৰা বাহিৰ হলো আক্টাভিও পাজৰ অধিনাস্তবিক সৃষ্টি টপএমা
সহায়ত।
অবশেষত এই শৃংখল সিংহদ্বাৰৰ নামেৰে প্রকাশিত হৈছে ২০১৫ চনত
ReplyDelete