Monday, 17 June 2019

আবু





স্বাধীনতাৰ আগৰ অবিভক্ত কামৰূপ জিলাৰ বিশাল ব্রহ্মপুত্রৰ বিখ্যাত তাৰাবাৰীৰ ঘাটৰ এক চহকী ব্যবসায়ী পৰিয়ালত জন্ম গ্রহণ কৰা আইতাৰ মুখত তাৰাবাৰীৰ ঘাটৰ জাহাজৰ উকি ,চাহাব তথা দেশীয় সাউদৰ লঙ্গৰ , ব্রহ্মপুত্রৰ ধৌ আৰু বানপানীত সতুৰি পাৰ হোৱা কথাই সৌ কাহানীবাই ব্রহ্মপুত্রৰ বুকুত অধুনালুপ্ত হোৱা উন্নত অসমীয়া চহৰ তাৰাবাৰীৰ স্মৃতি সজীৱ কৰি ৰাইছিল। সেই তাৰাবাৰীৰ ঘাটত সতোৰাৰ অভ্যাসেৰেই আৰু উদ্দমৰ বাবেই সত্তৰ বছৰ বয়সতো পুখুৰীত পিছলি পৰা নাতিক সাতুৰি উদ্ধাৰ কৰা বা হৰিদ্বাৰৰ গঙ্গাৰ ঘাট বা পুৰীৰ সমুদ্রত সাতুৰি সাতুৰিও পৰিয়াল তথা সমুহ ৰাইজক আচর্য্যস্তম্ভিত কৰিছিল। কেইবাদশক যুৰি বিয়া সমুহত তাহানীৰ বহু পুৰণি বিয়ানাম লগাই সতেজ পৰিবেশ সৃষ্টি কৰাবাবেও তেখেতক সকলোৱে মনত পেলাব।   
পৰবর্তিকালত বৰপেটা জিলাৰ নগাওঁৰ সম্ভ্রান্ত চৌধুৰী  পৰিয়ালত বিবাহ হোৱাৰ পিছত ভাৰতৰ স্বাধীনতা সংগ্রামৰ বহু গুৰুত্তপুর্ণ মুহুর্ত সক্রিয়ভাবে প্রত্যক্ষ কৰিছিল। স্বামী প্রয়াত হৃদয়ানন্দ চৌধুৰী  আৰু বৰজনা মহেন্দ্র মোহন চৌধুৰী ৰ (পাছত মুখ্যমন্ত্রী অসম) স্বাধিনতা আন্দোলনত সক্রিয়ভাবে অংশগ্রহন কৰাৰ বাবে ঘৰলৈ অসমৰ প্রায় সকলো আগশাৰীৰ স্বাধিনতা সংগ্রামীৰ আহজাহ আছিল আৰু স্বাধীনোত্তৰ কালত নগাওঁ অঞ্চলৰ শিক্ষা ,চিকিৎসা ,বাট পথ আদি প্রতিস্থাপিত কৰাৰ ঘৰখনৰ সামূহিক অৰিহনাৰ স্বাক্ষৰ তেওঁৰ বিস্ত্রিত জীৱনৰাসিয়ে বহন কৰিছিল।  ইয়াৰ উপৰিও অঞ্চলটোত হিন্দু মুছলমান আৰু সকলো জনগোষ্টীয় লোকেই বসবাস কৰা স্বত্তেও অঞ্চলটোৰ একতা আৰু শৈক্ষিক পৰিবেশ গঠনত আগভাগ লোৱা স্বামী হৃদয়ান্নদ চৌধুৰী ৰ মৃত্যুৰ পিছত অঞ্চলতোৰ সেই উন্নতি আৰু একতাৰ ধাৰাতো অব্যাহত ৰাখিবলৈ নিষ্ঠাৰে চেষ্টা কৰিছিল। বৰপেটা নগাওঁৰ ৰাস মন্দিৰ আৰু ৰাস উৎসবৰ সমুহ ৰাইজৰ সফলভাবে উমৈহতিয়া অংশগ্রহনতো তেখেতে আগভাগ লৈছিল।
যোৱা ২৩ জুলাই,২০১৯ সোমবাৰে বৰপেটা জিলাৰ নগাওঁত আমাৰ আইতা গুণৱালা চৌধুৰীৰ বার্ধক্যজনিত কাৰণত মৃত্যু ঘটে। অঞ্চলটোৰ নৱপ্রজন্ম তথা ভাৰতৰ ভিন্নপ্রান্তত থিতাপি লোৱা পৰিয়ালৰ সদস্য সমুহৰ বাবে অসমৰ বহু ঐতিহাসিক সন্ধিক্ষনৰ স্বাক্ষৰ বহন কৰা তেখেতৰ জীৱনৰ স্মৃতিৰ উৎসও আমাৰ আগৰ পৰা নোহোৱা হৈ পৰিল।     

ন দশকযোৰা সজীৱ স্মৃতিৰ পিছত পৰলোক প্রাপ্তি ঘটাৰ পিছত সেই সফল ধাৰা অব্যাহত কৰাৰ গুৰু দায়িত্ব অঞ্চলটোৰ তথা পৰিয়ালৰ নবপ্রজন্মৰ হাতত আহি পৰিছে।             

Sunday, 7 April 2019

অমিতাভ ঘোষৰ হাঙ্গৰী টাইড আৰু এটা শগুন



সমাজিক ভাবে এজন মানুহে নিজকে যিমানেই  ভদ্র বা ৰাজনৈতিক ভাবে নিৰপেক্ষ নেদেখুৱাওঁ কিয় আমি সকলোৱেই কম-বেছি পৰিমাণে পক্ষপাত দুষ্ট আৰু নিজৰ মতবাদৰ পৰিসৰৰ ভিতৰতেই সোমাই ৰৱ খোজে। মোৰো মনত তেনে বহু চিন্তা আছে যাক মই সযতনে লুকুৱাই ৰাখোঁ কাৰণ মই জানো এই মতবাদৰ আৰত মোৰ নিজা ব্যক্তিস্বাৰ্থও জৰিত আছে। অসমীয়া আলোচনীত হোৱা ইংৰাজী কিতাপৰ প্ৰবন্ধবোৰৰ আৰতো মোৰ মনত তেনে কিছুমান বিবেচনা আছে যাক মই লুকুৱাই ৰাখিছিলোঁ। ‘প্রকাশ’ৰ ফালৰ পৰা গ্রন্থ বিশেষ সংখ্যাত ইংৰাজী গ্রন্থ এখনৰ বিষয়ে লেখিবলৈ সুবিধা পোৱাত সেই বিষয়টোৰ বন্ধ তলাটো খোল খালে আৰু সেইবাবেই এই লেখা। 
বহু দিনে মোৰ মনত চলি থকা প্রশ্নটো এনেধৰণৰ  অসমীয়া আলোচনীত ইংৰাজী গ্ৰন্থৰ সমালোচনা হয় ?
পক্ষপাতদুষ্ট মনটোই উত্তৰত এই কেইটা বাখ্যা দাঙি ধৰে:
১. অসমীয়া গ্রন্থ সমালোচনা কৰাটো এটি অতি স্পৰ্শকাতৰ বিষয়। অভিমানী লেখক আৰু কিছু ব্যৱহাৰিক সমস্যাৰ বাবে এটা গ্রন্থ সমালোচনাৰ গঠন (structure) কিতাপৰ মূল কথা, কিছু ভাল উক্তি, আৰু পাশ্চাত্যৰব্যৱহাৰিক ধাৰা এটাৰ লগত গ্ৰন্থখনৰ কি মিল আছে তাক আলোচনা কৰা হোৱাৰ পিছত কিছু প্ৰশংসা আৰু পিছত এটা বা দুটা বাক্যতেই কিতাপৰ বিয়োগাত্মক দিশবোৰ আলোচনা কৰি শেষ কৰা হয়। সাম্প্রতিক পৰিস্থিতিৰ বাবে তাতকৈ গভীৰলৈ গলে সমস্যাও আহিব পাৰে বুলি কিছু সচেতন সমালোচকে ইংৰাজী গ্ৰন্থৰ সমালোচনা লেখি বিতর্কৰ পৰাও দূৰত থাকিব বিচাৰে
২. ইংৰাজী প্রকাশন গোষ্ঠী সমূহে ব্যৱসায়ৰ জ্ঞান আৰু ধাৰণাৰ সুচতুৰ প্ৰয়োগেৰে গ্রন্থ প্রচাৰ কৰাৰ বাবে বহু গ্ৰন্থইগ্ৰন্থপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। বহু সদ্য প্রকাশিত গ্রন্থ বহুচৰ্চিত (বা বিতৰ্কিত) বিষয়কলৈ উপস্থাপন কৰা বাবে ৰাইজৰ মাজত কিতাপখনেউৎসুক তাৰ সৃষ্টি কৰে আৰু তেনে সময়তেই গ্ৰন্থখনৰ ওপৰত লেখা প্রকাশ হলে আলোচনী বা বাতৰি কাকতখনে সমসাময়িক  খা খৱৰ দি থকাৰ কৃতিত্ব আহৰণ কৰে (আৰু লগতে বহুজাতিক ইংৰাজী প্রকাশন গোষ্ঠীয়েও বিনামূলীয়া প্রচাৰ পায়।)
৩. বেছিভাগ সময়তেই সেই নির্বাচিত লেখাৰ কিতাপখন প্ৰতিস্থিত লেখকে লিখা ভাল কিতাপেই হয় যেতিয়া নিবন্ধটোৰ লেখক আৰু পাঠক বিতর্কৰ বাহিৰত থাকে।
৪.  অসমীয়া পাঠকক আন্তৰাষ্ট্ৰীয় সাহিত্যৰ লগত পৰিচয় কৰাই দিয়া।
 প্রকাশ হোৱা প্রবন্ধসমূ্ৰ মুল কাৰণ ৪ নং কাৰণতো মুখ্য কাৰণ হয় বুলি সকলোৱে মানি ল’ব, কিন্তু এই আলোচনাত মই মোৰ মনৰ ভিতৰৰ পক্ষপাত দুষ্ট  দিশটোৰহে উপস্থাপন কৰি তাৰ যুক্তিযুক্ততাৰ পাঠকৰ মনত প্ৰক্ষেপ কৰিম বুলি সিদ্ধান্ত লৈছোঁ। সেইবাবেই ‘প্রকাশ’ দিয়া এই সুযোগৰ পুর্ণ ব্যৱহাৰ কৰিবলৈ  মই অমিতাভ ঘোষৰ The Hungry Tide   (২০০৪,Herper Colins ,৪০০ পৃষ্ঠা )গ্ৰন্থখন বাচি ল’লো।  কিতাপখন মই ২০০৬ চনত উপহাৰ হিচাপে পাইছিলোঁ আৰু পঢ়ি তাৰ গুণাত্মক দিশবোৰ লৈ অনুপ্ৰাণিত হৈছিলোঁ যদিও কিছুমান কথাত অসুবিধাও হৈছিল আৰু খূৱ সম্ভৱ এই চিন্তাৰৰ মূল বীজ মনত তেতিয়াই ৰোপণ হৈছিল। ইতিমধ্যে অমিতাভ ঘোষ ভাৰতীয় মূলৰ ইংৰাজী লেখক সমূহৰ মাজত এজন উজ্জল নক্ষত্ৰ হিচাপে প্ৰতিস্থিত হৈ পৰিছে। গতিকে উক্ত উল্লেখিত ৩ নং নিয়ম (প্ৰতিস্থিত লেখক , সমাদৃত গ্রন্থ বিতর্কৰ উৰ্ধত) তেওঁৰক্ষেত্ৰতোপ্ৰযোজ্যউপন্যাসখনত বহু গুণাত্বক দিশ আছে কিন্তু যিহেতু আজি মই মোৰ ভিতৰৰ উপপাদ্যতো হে প্রমাণ কৰাৰ প্ৰয়াস কৰিম সেয়ে পোনপটীয়াকৈ মূল কাহিনীটোলৈ আগবাঢ়োঁ আহক।
মূল কাহিনী : বঙালী মূলৰ মাৰ্কিন যুৱতী পিয়ালী ৰয় পেচাত সমুদ্রীয়-জীৱবিজ্ঞানী (marine biologist ) পিয়ালী বিলুপ্ত প্রায় নদীৰ প্ৰজাতি –ইৰাৱতী ড’লফিনৰ সন্ধানত সুন্দৰ বনলৈ আহাৰ পথত তেও লগ পায় কানাই দত্তক। কানাই দিল্লীৰ ব্যৱসায়ী আৰু সুন্দৰবন ত বাস কৰা নিজৰ বয়সীয়া ল আত্মীয়ৰ আহ্বানত সুন্দৰ বনলৈ আহিছে। ভাৰত -বাংলাদেশৰ কল্পিত বিভাজন ৰেখাৰ মাজত অৱস্থিত সুন্দৰবন পানী ,অৰণ্য আৰু মোহনাৰ মাজত মানুহৰ এক স্বকীয়স্থিতি আছে। পিয়ালীৰ ভাষাৰ সমস্যাৰ বাবে পিছত কানাই দোভাষীৰো কাম কৰিব লগীয়া হয়। তাৰ পিছত সুন্দৰ বনৰ ঘন- অৰণ্য , মোহনাৰ অন্তহীন জলৰাশী ঘঁৰিয়াল আৰু জন্তু-জানোৱাৰ আৰু ঢেঁকিয়াপতিয়াৰ মাজত হেৰাই পৰি পিয়ালীৰ সহচৰ হয় নদীৰ মানুহ ফকিৰৰ। দুয়োৰে মাজত ভাষাৰ ব্যৱধান থাকিলেও নদী আৰু পানীৰ প্রতি থকা আকৰ্ষণৰ বাবে দুয়ো সেই ইৰাৱতীড’লফিন সন্ধানত আগ বাঢ়োঁতেই উপন্যাসখনত খোল খাই সুন্দৰ বনৰ জনবিশ্বাস আৰু তাৰ ইতিহাস।      
ইয়াত মই অনুধাৱন কৰা সমস্যা সমূহ এনে ধৰণৰ-
আৰম্ভণি : চিনেমা/উপন্যাসৰ প্রাথমিকতে হিৰ আৰু হিৰোইনেৰে’ল (কেতিয়াবা উৰাজাহাজ)ৰ নির্জন দবাত লগ হয়, কথা হয় তাৰ পিছত কাহিনী আগ বাঢ়ে। কথকতাৰ ইতিহাসত এনে কাহিনী কিমান বাৰ নিৰ্মাণ হৈছে আপুনি হিচাপ কৰিব পাৰিবনে? আনকি লিখাৰ কোনো ধৰণৰ অভিজ্ঞতা নথকা মানুহক বাটত ধৰি যদি হিৰ আৰু হিৰোইনৰ চিনাকি পর্বনিৰ্মাণ কৰিব দিয়া হয় অধিক সংখ্যক লোকেই কিজানি তেনে এটা পৰিস্থিতি সৃষ্টি কৰাৰ উপদেশেই দিব
সামৰণি : উপন্যাসখনৰ ক্লাইমেক্চত পিয়ালীয়ে ইৰাৱতীড’লফিনৰ মোহনাৰ কোনো এটা সূঁতিত বিচাৰি পালে যদিও পানীৰ মাজৰ ধুমুহা আৰু দুর্ঘটনাৰ বাবে সেই ঠাইৰ বাট হেৰাই পেলাইছিল। তাৰমানে সেই দূর্স্পাপ্য প্ৰানীটোৰ সন্ধান চিৰদিনৰ বাবে হেৰাই গল ?
 কিন্তু তেনে নহ’ল;  কাৰণ পিয়ালীৰ লগত আছিল এটা জিপিএচ আৰু তাইৰ লেপটপৰ সেই জিপিএছটোৰ চফ্টৱেৰততোসময় ভেদে পিয়ালীৰ প্রতিটো দিনৰ প্রতিটো স্থিতি সুৰক্ষিত কৰি ৰাখিছিল। হয়তো ২০০৪ আগত ই ৰোমাঞ্চকৰ ক্লাইমেক্চ আছিল, কিন্তু বর্তমান ই এক অতি সাধাৰণ ঘটনা হৈ পৰিছে। ২০০৭ চনত পঢ়োঁতেই জিপিএচ নামৰ এটা যন্ত্ৰৰ সাম্যক আভাষ মোৰো আছিল , গতিকে উপন্যাসৰ আৰম্ভণিতেই যেতিয়া পিয়ালীৰ হাতত সেই যন্ত্ৰটোঅৱস্থিতি গম পোৱা হৈছিল তেতিয়া তাৰ সম্ভাব্যব্যৱহাৰ কি হব পাৰে তাকো আগতেই অনুধাৱন কৰিব পৰা হৈছিল।
উপ কাহিনী : প্রথম পাঠত উপন্যাসৰ আটাইতকৈ ভাল পোৱা অংশ আছিল ইয়াৰ উপ কাহিনী দুটা। এটা হল সুন্দৰ বনৰ অৰণ্যৰ হিন্দু মুছলিম দুয়োটা সম্রদায়ে মনা বন বিবিৰ আখ্যান  আৰু ইংৰাজী ব্যৱসায়ী ডেনিয়েল হেমিল্টনৰ (১৮৬০-১৯৩৯) প্ৰচেষ্টাতসুন্দৰবন ত গঢ়ি উঠা সৰ্বসম সমাজখনৰ স্মৃতি। কিন্তু সেই সময়তেই মই কিছুমান অৰণ্যপ্রেমী মানুহৰ লগত বন্ধুত্ব স্থাপন কৰিছিলোঁ। ভাৰতবৰ্ষৰপ্ৰতিখন অৰণ্য ভ্রমণ কৰা মানুহকেইজনে অমিতাভ ঘোষৰ নাম শুনা নাই ,কিতাপো পঢ়া নাই কিন্তু সুন্দৰবন ভ্রমণ আৰু তাৰ মানুহৰ লগত থকা সম্পৰ্কৰ বাবে বনবিবী আৰু সুন্দৰ বনক আপোন কৰা ইংৰাজজনৰ বিষয়ে কিতাপত বৰ্ণনা কৰাৰ দৰেই হুবহু জ্ঞান থকা গম পালো। তেওঁলোকৰ লগত থকা সুন্দৰবন সম্পৰ্কৰ কিতাপতো তেনে কিছু কথাই উল্লেখ আছিল। সুন্দৰভাৱে উপস্থাপন হৈছে যদিও মনত ভাৱ হল সেই উপ কাহিনীত কোনো নতুনত্ব নাই। উপন্যাসৰ আন এটা উপ কাহিনী হল  ১৯৭৯ চনত সুন্দৰ বনৰথিতাপি লোৱা অবৈধ জন বসতিৰ ওপৰত চৰকাৰে কৰা  মরিচঝাঁপি গণহত্যাৰ ওপৰত। সেই বিষয়ে মোৰ জ্ঞান নাছিল। পিছত ইন্টাৰনেট খুচৰি গম পালো বহু বঙালীৰ স্মৃতিত সেই কাহিনী আছে। সেই উপ কাহিনীতো লেখকে ফ্লেশ্ববেক পদ্ধতিত উপন্যাসৰ মাজে মাজে উত্থাপন কৰিছে কানাই উদ্ধাৰ কৰা ডায়েৰিৰ পাথৰ দ্বাৰা। ইয়াৰ বাবে মূল কাহিনীটোৰপ্ৰবাহ ব্যাধিত হোৱা যেন ভাৱ হল।
চৰিত্ৰসমূহ : মূল প্রটাগনিষ্ট পিয়ালী হল বঙালী মূলৰ মাৰ্কিনছাত্ৰী আৰু উপন্যাসখন পিয়ালীৰ দৃষ্টি ভঙ্গীৰে লিখা হৈছে। চেতন ভগতৰ আগতে ভাৰতীয় মূলৰ বেছিভাগ লেখকৰ উপন্যাসত ইউৰোপ আমেৰিকাৰ পাঠকক আত্মীয়তা কৰা প্ৰচেষ্টাৰ অংশ হিচাপে হয় প্রটাগনিষ্ট নহ’লে আন পৰিস্থিতি ইউৰোপ/আমেৰিকাই চিনাক্ত কৰিব পৰা ঘটনা প্ৰবাহ এটা অনুসৰণ কৰা কথাতো  (ইয়ে কিতাপখনৰ ডিষ্টরিবুশ্বনক নিশ্চয় সহায় কৰিব! ) মনে বহু দিনৰ পৰা লক্ষ কৰি আহিছে। সেইতো কোনো ধৰণৰ পাপ নহয়। আজিৰ যুগত প্ৰতিজন শিক্ষিত ভাৰতীয়ৰ বিশ্লেষণৰ দৃষ্টীভঙ্গীৰেই পাশ্চাত্যকৰণ হৈ গৈছে। হাংগৰী টাইডৰ একমাত্র মুখ্য চৰিত্র যিয়ে প্ৰকৃতসুন্দৰ বনৰ অভ্যন্তৰৰ প্ৰতিনিধিত্ব কৰিব পাৰে সেয়া হল –ফকিৰ। উপন্যাসখনত প্ৰকৃতসুন্দৰ বনৰ মৌলিক বৰ্ণনা পোৱা গল হয় যদিহে কাহিনীতো ফকিৰৰ দ চকুৰে লিখা হল হয়। কিন্তু সেয়া সম্ভৱ নহয় কাৰণ লেখকে ফকিৰৰ জীৱন নির্বাহ কৰা নাই। কৰিছে পিয়লীৰ দৰে এক আধুনিক জীৱন। ফকিৰৰ দৰে মানুহবোৰৰ লগত বার্তালাপ কৰিছে হয় কিন্তু সিঁহতৰ এজন হৈ পৰা নাই। আৰু পৰিলেও তাৰ সমুখত বাধা হৈ নিজৰ বুদ্ধিমত্তা (intellect ) ফকিৰ আৰু পিয়লীৰ প্ৰকৃতি প্রেম একেই যদিও বুদ্ধিমত্তাৰ (গতিকে চিন্তাৰ সৰলতাৰ) আকাশ পাতাল প্ৰভেদ ইয়াৰ বাবেই কিজানি কিতাপখনত আহৰণ কৰা অনুভৱ first hand   পর্য্যবেক্ষনৰ জিয়া কাহিনী নহৈ এটা ৰোমাণ্টিকSummer read হে হৈ পৰিল। আৰু হয়তো হয়তো সুন্দৰ বনৰপর্য্যটনৰ বাবে এটা ভাল বিজ্ঞাপন হল।
উপন্যাসখনৰ বহুতো ভাল দিশো আছে (মই এতিয়া ১ নং ফর্মুলা ওলোটাকৈ ব্যৱহাৰ কৰিম, মানে ভালখিনি দুটামান শাৰিতেই সামৰিম) । কিতাপখন পঢ়িও গম পোৱা যায় যে ইয়াক লিখিবলৈ লেখকে বহু পৰিশ্ৰম,ভ্রমণ আৰু অধ্যয়ন কৰিছে। সেইতো সৰহভাগ অসমীয়া লেখকে নকৰে বুলি এটা বদনাম বহুদিনৰ পৰাই উত্থাপিত হৈ আহিছে। এই সহজলভ্য কাৰ্য্যপদ্ধতিএৰি খোজা অসমীয়া লেখক সকলৰ বাবে এই উপন্যাসক এক আর্হি উদাহৰণ হ’ব পাৰে। আন হাতে  কিতাপখন ভাষা , সুন্দৰবন তাৰ অৰণ্য ,মোহনাৰ উপস্থাপনৰ বাবে ইয়াৰ বিষয়ে অলপো জ্ঞান নথকা মানুহ (যেনে মই) , ভ্রমণ বা ভ্রমণ কাহিনী অনুৰাগী পাঠক , নষ্টালজিক বঙালী ভদ্ৰলোক আদিৰ বাবে কিতাপখন নিশ্চয় অতি সুখ পথ্য হব। মোৰ বাবেও হয় । কিন্তু অমিতাভ ঘোষৰ দৰে প্ৰতিস্থিত বিদ্যান লোকৰ পৰা মোৰ প্ৰত্যাশা অলপ বেছি যেন বোধ হয়।
পুনৰ মূল কথালৈ আহোঁ মোৰ অসমীয়া আলোচনীত ইংৰাজী সাহিত্যৰ সমালোচনা হোৱাত একো আপত্তি নাই কিন্তু সেই প্ৰৱন্ধৰ প্রকাশৰ আৰত উক্ত উল্লেখিত কাৰণ নং ১,, থাকিব নালাগে। আৰু ৩ নং সুত্র (প্রতিস্থিত বিদেশী লেখক সমালোচনাৰ উর্ধত)  সদায় সত্য নহবও পাৰে আৰু তাক সত্য বুলি ধৰি ল’লে এক অহেতুক হীনমন্যতাৰ সৃষ্টি হয় যি সাহিত্যৰ সমালোচনাৰ ধাৰণাৰো বিৰুদ্ধাচৰণ কৰেতাকে উপস্থাপন কৰিবলৈ গৈ হাংগৰী টাইডক উদাহৰণ হিচাপে লোৱা হল কাৰণ -শগুনৰ শাওত বুঢ়া গৰুৱেই নমৰে যেতিয়া হালোৱা বলধৰ নো কি গৰজ পৰিব?

Published in Prakash_January 2019
\

Tuesday, 27 March 2018

নাট্যকাৰৰ টোকা -ঐকতান


সত্যানুসন্ধান গ্রন্থৰ এখন নাটক

কোনোবাই ক’লে শিল্পৰ মৃত্যু হল।
প্রতিবাদত ওলাই আহিল আমাৰ সমদল।।
নাটক এখনৰ বক্তব্যবোৰ প্রকাশ কৰাত নাট্যকাৰ এজনৰ মূল অৱদান থাকে। কিন্তু তেও যেতিয়া নিজৰ নাটকখন চাবলৈ যায় তেতিয়া তেওৰ মনত এটা ভাৱ হয় যে পৰিচালকৰ চিন্তা ধাৰাই তেওৰ নাটকৰ বক্তব্যবোৰৰ কৰবাত যান আঘাট কৰিছে। আনপিনে যিবিলাকে অভিনয় কৰিছে তেওলোকৰো নিজা অভিব্যক্তি থাকে ।হয়তো তেওলোকে পৰিচালক তথা নাট্যকাৰৰ ভাৱধাৰৰ তিব্র বিৰোধিতাও কৰে। কিন্তু তেওলোকৰ ভাৱধাৰাবোৰ গ্রীণৰুপত গ্রহণযোগ্য হলেও নাটঘৰত ,ৰঙ্গমঞ্চত তেওলোকৰ মত প্রকাশ কৰিবলৈ কোনো অবকাশ নাথাকে। তেনেকৈয়ে মঞ্চস্থ কৰা হয় এখন বিষয় প্রধান নাটক।
কিন্তু নির্দেশক –নাট্যকাৰৰ নির্দেশমতে চলা এই কাথৰ পুতলাবোৰে যেতিয়া প্রাণ পাই উঠিব তেতিয়া ??
পৰিচালকজনে বাৰু চৰিত্রটোত ভাও দিয়া অভিনেতা কেইজনক চলাব পাৰিব। কিন্তু নাট্যকাৰে লিখা চৰিত্র কেইটাক? চৰিত্রবোৰ, নাট্যকাৰ, পৰিচালকৰ নিজা নিজা মতবাদৰ সংঘর্ষত নাটক এখন মঞ্চস্থ কৰা সম্ভৱ হবনে?
এনে কিছু সংঘর্ষই সৃষ্টি কৰিলে গীতাঞ্জলী, বেতাল ,বেৰাগ আৰু ঐকতান ৰ। কিন্তু সিহতে লগতে এটা প্রশ্নও লৈ আহিল-আমাৰ শিল্প,সংস্কৃতিৰ সচাই মৃত্যু হ’ল নেকি?
নাট্যকাৰৰ টোকা
ঐকতান
সঙ্গীত ধর্মী অসমীয়া নাটক
অসমীয়া নাটকৰ সংকলন সত্যানুসন্ধানৰ একাংশ
বিক্রেতা : বান্ধৱ ,পাণবজাৰ ,গুৱাহাটী
মূল্য :১৮০ টকা

Sunday, 25 February 2018

জোনাকী ৰাতি ,কিছলস্কি আৰু ঐকতান




মোৰ লেখা কঠিন ,বুজি নাপাওঁ তেনে ধৰণৰ অভিযোগবোৰ বহু পুৰণি; তাত কোনো নতুনত্ব নাই। তথাপিওক’ৰবাত দুই এজন পঢ়ুৱৈৰ উৎসাহিত মতামত দেখি ভাব হয় যে ভাববোৰ লেখাবোৰ অনৰ্থক নহয় ক’ৰবাত নহয় ক’ৰবাত,এজন নহয় এজন হয়তো পঢ়ুৱৈ আছে যিয়ে লিখনিতো লগত একাত্ম হব পাৰিছে। সেয়াই মোৰ প্ৰাপ্তি।
লেখাতো এটা অত্যন্ত ব্যক্তিগত কাৰবাৰ।কামটো চলি থকা সময়ত লিখনিতো পঢ়ি কোনে ভাল পাব বা বেয়া পাব সেইটো মনলৈ নাহে...লেখা কামটো জৰুৰী সি চলি থাকে। ব্যক্তিগত ভাবে চা নপৰাকৈ মৌলিক লিখাৰ তাগিদা এটা থাকে মাঠোঁ। কিন্তু লেখাটো শেষ হৈ প্রকাশিত হলে ব্যক্তিগত কাৰবাৰটোৰেই এটা সমাজিক ৰূপ ওলাই পৰে। প্ৰতিজন সৃষ্টিকর্তাই নিজৰ সৃষ্টিকর্মৰ ৰাইজৰ আগত সমাদৃত হোৱাতো বিছাৰে। কিন্তু বিচৰা ধৰণেৰে সকলোৰে মাজত সমাদৃত হোৱাতো সম্ভৱ নহয় ,যদিহে সৃষ্টিকর্মতো জনপ্রিয় ভাবধাৰাৰ লগত খাপ খুৱাব নোৱাৰে তেনেহ’লে সৃজক সকলে দুই এজন আগ্রহী পঢ়ুৱৈৰ উৎসাহিত প্ৰতিক্ৰিয়াকে উপলব্ধি বুলি ভাবিব বাধ্য হয়।
মোৰ সৃজনশীল যাত্রাও প্রায় তেনেকুৱাই ... চিকিৎসা বিজ্ঞানৰ ছাত্র আৰু কর্মী হিচাপে অধিক সময় চিকিৎসা বিদ্যাতেই মনোনিবেশ কৰিব লগীয়া হয় , আজি এটা দশকতকৈ অধিক কাল অসমৰ বাহিৰত থকা বাবে বৰ এটা খবৰো নাপাওঁ,সময়ো নাপাওঁ কত কি হৈ আছে ভাবিবলৈ। আজি দুমাহৰ মুৰত কিবা এটা লিখিবলৈ বহিছোঁ সময়ৰ অভাবত ,মনটো কিবা এটা বেয়া লাগি থকা কাৰণেহে। অৱশ্যে মন বেয়া লগা কাৰণটো ব্যক্তিগত নহয়।
ভাল /বেয়া ,কি কৰিব লাগে, কি নালাগে তাৰ বিষয়ে এটা পূৰঠ চিন্তা আজিৰ দিনটোত কিজানি কৰিব পৰা হৈছোঁ ঠেকি শিকা বাবে । কিন্তু এই যাত্রাৰ আৰম্ভণিতে বিশেষকৈ সৃষ্টিশীল তাৰ বন্ধ্যা সময়খিনিত যথেস্ট হতাশা আহিছিল ....
দুজনে যদি কয় “কি লিখিছ এইবোৰ? একো বুজি নাপাওঁ” মোৰ ভাব হৈছিল যদি কোনো একো বুজিয়ে নাপায় তেনেহ’লে কি কৰি আছো মই ???? হয়তো মোৰেই কিবা এটা সমস্যা আছে ?? গতিকে লেখা মেলা কৰি লাভ নাই। কেতিয়াবা কেতিয়াবা ধাৰা সলনি কৰি জনপ্রিয় ফিল্মী কাহিনী ,নহ’লে বিদেশত বিক্রী হোৱা ভাম্পায়াৰৰ কাহিনী লিখাৰ কথাও ভাবিছিলোঁ।
ঠিক তেনেতে দুটা উপলব্ধিয়ে মোক সাহস জনালে ।
প্রথমটো মই আগতেও স্বীকাৰকৰিছোঁ – @Krzysztof Kieślowski ৰ ৰেড ,ব্লু, হোৱাইট নামৰ ট্রিলজী...,নির্মাণ হৈছিল ৯৩,৯৪ চনত, মই চাইছিলোঁ ২০০৫ চনত। কাহিনী কোৱাৰ ধাৰা পৰিবেশন সম্পুর্ণ স্বাধীন, বলীউদৰ প্রেমী সকলৰ ভাষাত ক’বলৈ গলে নিৰ্দেশকে কোনো বুজি নোপোৱা চিনেমা এখন বনাইছে , কথাটো হৈয়ো কিন্তু তাৰ ভাষা তাৰ অর্ন্তনিহিত কথাবোৰৰ কিছুমান দৃশ্যই নিৰ্মাতাৰ মৃত্যূৰ বহু বছৰ পিছতো ,বহু হাজাৰকিল’মিটাৰ দূৰত মোক কঁপাই তুলিলে । Kieślowski মানুহজন কেতিয়াও স্পিলবাৰ্গৰ নিচিনা বিখ্যাত হব নোৱাৰিলে ,কিন্তু চিনেমা ৰসিক ,ভাবিব ভাল পোৱা কিছুমান মানুহৰ বাবে তেও এজন অনুপ্ৰেৰণা ...চিনেমা কেইখন চাই মই অনুপ্ৰাণিতহৈছোঁ মানে ভাব হৈছিল নিজৰ কাম নিজৰ মতে সততাৰে কৰি গলে ক’ৰবাত হয়তো কোনোবাই তোমাৰ কথা বুজি পাব।
এইটো কথা আগতেও ক’ৰবাতস্বীকাৰকৰিছোঁ মই।
আনটো কঁথাইহে মোক আজি দিগদাৰী কৰি আছে সেয়ে লিখিবলৈ বহিলোঁ। এখন নাটক মঞ্চস্থ কৰিছিলোঁ গুৱাহাটী জীলা পুথিভঁৰালত ১৯৯৭ চনত ,নাম আছিল- ঐকতান (সদ্যপ্ৰকাশিত Satyanusandhan_সত্যানুসন্ধান নামৰ নাটকৰ সংকলনটো নাটকখন সন্নিবিষ্ট কৰা হৈছে ),নাটকখন সংগীতধর্মী (musical!), শিল্পৰ মৃত্যুৰ দৰে কথাবোৰ পতা হৈছিল। তাৰে দুবছৰ আগতেই মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্রথম বাৰ্ষিকছাত্র হৈ থাকোঁতে,নাট্যকাৰ-পৰিচালক হিচাপে তাৰে দুবছৰ আগতেই কাম আৰম্ভ কৰিছিলো। নাটকখনৰ কথা উপস্থাপন আৰু সম্পুর্ণ নতুন চিন্তাধাৰাৰ স্ক্রিপ্তখন লৈ আমি সকলো অতি আশাবাদী আছিলোঁ। নাটকখন বিচৰা ধৰণেই মঞ্চস্থ হল ...আৰু আমাৰ আচৰিত কৰি বেছিভাগ বন্ধু বান্ধবেই একেমুখে কৈ উঠিল যে সিহঁতে একো বুজি পোৱা নাই। গাঁওত থকা মোৰ নাট্যপ্ৰেমী ভাই এজনে নাটকখনত সহায় কৰিছিল। সি দুদিন ৰিহাৰ্চেলগৈয়ে কৈছিল
“আমাৰ গাঁওৰ সভাত এনে নাটক কইল্লি সফটি (নাটক চাবলৈ বহিবলৈ অহা ফটাকানিৰ ফৰ্মুটি) মাৰবো খাটাং”
সি দেহে কেহে কষ্ট কৰি নাটক মঞ্চস্থ কৰাত সহায় কৰিলে হয় কিন্তু সফটি সম্পর্কে থকা তাৰ মতামতত সি অতল থাকিল ।
ঐকতান নাটকখনেও অলপ হলেই বৌদ্ধিক মৰম পাবলৈ সক্ষম হল যদিও সেই বুজি নোপোৱাৰ অভিযোগে ইমান আমনি কৰিলে যে মই গল্প লিখিব ল’লো –প্রথম কেইটা বুজি পোৱা ,হাঁহি উঠা ধৰণৰ ,,,কিন্তু পিছৰ ফালে আকৌ সেই বুজি নোপোৱাৰ অভিযোগ ।আৰু লগে লগে মাজে ব্যক্তিগত বৌদ্ধিক বন্ধ্যা সময়ত উচপিচনি যাক বচাই ৰাখে দুই এজন অচিনাকি পাঠক/সমালোচকৰ উৎসাহে।
২০০৫ মানত সেই বন্ধ্যা সময়ত বাৰুকৈয়েহীনমন্যতাতভুগিছিলোঁ ...তেনেতে এজন জপৰামুৰীয়া গায়ক ছবিখনত কিবা এটা আবেদন দেখি কেছেট এখন কিনিলোঁ,নাম আছিল –জোনাকী ৰাতি-
গান কেইটা শুনি প্রায় দূব যোৱাৰ দৰেই হলো ,উহ কি গান ,কি শব্দ ...
প্রায় ছমাহমানকেইকেইটা গান উৰাই ঘূৰাই শুনি আছিলোঁ কিন্তু মন কৰিলোঁ,মানুহে সিমান কিনা নাই কেছেট খন ।তেতিয়া জুবিনৰএকচেটিয়াসাম্ৰাজ্য চলি আছিল। মোৰ পেচাগত জীৱনতো সেইসময়ত বাধাৰ ওপৰত বাধা চলি আছিল ( আমাৰ পেচাত কিমান শাৰীৰিক,মানসিক কষ্ট ,কিমান অৰ্থনৈতিক নাটনি সেইতো ভুক্তভোগী সকলেহে জানিব ),সেই গানকেইটাই মোৰ মানসিকঅৱস্থাত প্রায় সঞ্জীৱনী সুধাৰ দৰে কাম কৰিছিল।
তেনেতে নাটকত সহায় কৰা সেই ভাই জন আহিল ঘৰলৈ - জুবিনৰ হার্ডকৰ ফেন ,আৰু সেই জপৰাজনৰ গান আগতে শুনা নাছিল। মই শুনালোঁ দুটামান গান শুনিয়েই সি চিঞৰিউঠিল –
“এইটো মন্টুদাৰহে (মোৰ ঘৰত মতা নাম)গান –আমাৰ গাঁওত এনে গান গালি সফটি মাইৰব”
আমি হাঁহিলোঁ,কিন্তু ক’ৰবাত ভাব হল যে এই সফটি মৰা কাৰবাৰটোক ক’ৰবাতপ্ৰত্যুত্তৰ দিব পৰা হলে?
মই ব্যক্তিগত ভাবে নিজৰ কাম কৰি গলো –নিজকে প্রমাণ কৰিবলৈ নহয় ,নিজৰ চকুৰ আগত নিজে যাতে নপৰোঁ তাকে লক্ষ ৰাখি ..কিবা পালো ,কিবা নাপালোঁ,ক্ষেত্ৰখনো সৰু, আহৰি কম ,গতিকে ‘সফটি’ৰ উত্তৰটো দিয়াৰ সক্ষমতা নহ’ল এতিয়ালৈ।
কিন্তু তাৰ প্রায় এবছৰ মান পিছত মন কৰিলোঁ –জোনাকী ৰাতি ভাল পোৱা মানুহৰ সংখ্যা অভাৱনীয় ভাবে বাঢ়িছে , আৰু সেই গান গোৱা মানুহজনে সেই সময়ৰ সষ্টিয়া জনপ্ৰিয়তাৰ বাবে কৰিব লগীয়াকেৰিকে চাৰ বোৰ নকৰাকৈয়ে অসমীয়া (সফটি মৰা) মানুহৰ স্বীকৃতি পাবলৈ সক্ষম হৈছে।
মনটো অলপ ফৰকাল হল ।
অৱশ্যে এতিয়া স্বীকৃতি পাম বুলি নহয় ,এই ভুল কৰি আছো নে শুদ্ধ কৰি আছো সেই নিৰন্তৰ প্রশ্নৰ উত্তৰ পোৱাৰ বাবেহে
বিচাৰিলেও যেতিয়া সলনি হব নোৱাৰোঁ বাবে নিজৰ বাটেৰে গৈ থকাই ভাল।
আজিৰ দিনতো কেতিয়াবা ভুল শুদ্ধ লৈ হতাশা আহে তেতিয়া ভাবো- কিচলস্কি আৰু জোনাকী ৰাতিৰ কথা।
সেই বুলি গৈ আছো আজিও একেদৰেই ।
আশাকৰো তেনেদৰেই গৈ থাকিম ।