Tuesday, 27 March 2018

নাট্যকাৰৰ টোকা -ঐকতান


সত্যানুসন্ধান গ্রন্থৰ এখন নাটক

কোনোবাই ক’লে শিল্পৰ মৃত্যু হল।
প্রতিবাদত ওলাই আহিল আমাৰ সমদল।।
নাটক এখনৰ বক্তব্যবোৰ প্রকাশ কৰাত নাট্যকাৰ এজনৰ মূল অৱদান থাকে। কিন্তু তেও যেতিয়া নিজৰ নাটকখন চাবলৈ যায় তেতিয়া তেওৰ মনত এটা ভাৱ হয় যে পৰিচালকৰ চিন্তা ধাৰাই তেওৰ নাটকৰ বক্তব্যবোৰৰ কৰবাত যান আঘাট কৰিছে। আনপিনে যিবিলাকে অভিনয় কৰিছে তেওলোকৰো নিজা অভিব্যক্তি থাকে ।হয়তো তেওলোকে পৰিচালক তথা নাট্যকাৰৰ ভাৱধাৰৰ তিব্র বিৰোধিতাও কৰে। কিন্তু তেওলোকৰ ভাৱধাৰাবোৰ গ্রীণৰুপত গ্রহণযোগ্য হলেও নাটঘৰত ,ৰঙ্গমঞ্চত তেওলোকৰ মত প্রকাশ কৰিবলৈ কোনো অবকাশ নাথাকে। তেনেকৈয়ে মঞ্চস্থ কৰা হয় এখন বিষয় প্রধান নাটক।
কিন্তু নির্দেশক –নাট্যকাৰৰ নির্দেশমতে চলা এই কাথৰ পুতলাবোৰে যেতিয়া প্রাণ পাই উঠিব তেতিয়া ??
পৰিচালকজনে বাৰু চৰিত্রটোত ভাও দিয়া অভিনেতা কেইজনক চলাব পাৰিব। কিন্তু নাট্যকাৰে লিখা চৰিত্র কেইটাক? চৰিত্রবোৰ, নাট্যকাৰ, পৰিচালকৰ নিজা নিজা মতবাদৰ সংঘর্ষত নাটক এখন মঞ্চস্থ কৰা সম্ভৱ হবনে?
এনে কিছু সংঘর্ষই সৃষ্টি কৰিলে গীতাঞ্জলী, বেতাল ,বেৰাগ আৰু ঐকতান ৰ। কিন্তু সিহতে লগতে এটা প্রশ্নও লৈ আহিল-আমাৰ শিল্প,সংস্কৃতিৰ সচাই মৃত্যু হ’ল নেকি?
নাট্যকাৰৰ টোকা
ঐকতান
সঙ্গীত ধর্মী অসমীয়া নাটক
অসমীয়া নাটকৰ সংকলন সত্যানুসন্ধানৰ একাংশ
বিক্রেতা : বান্ধৱ ,পাণবজাৰ ,গুৱাহাটী
মূল্য :১৮০ টকা

Sunday, 25 February 2018

জোনাকী ৰাতি ,কিছলস্কি আৰু ঐকতান




মোৰ লেখা কঠিন ,বুজি নাপাওঁ তেনে ধৰণৰ অভিযোগবোৰ বহু পুৰণি; তাত কোনো নতুনত্ব নাই। তথাপিওক’ৰবাত দুই এজন পঢ়ুৱৈৰ উৎসাহিত মতামত দেখি ভাব হয় যে ভাববোৰ লেখাবোৰ অনৰ্থক নহয় ক’ৰবাত নহয় ক’ৰবাত,এজন নহয় এজন হয়তো পঢ়ুৱৈ আছে যিয়ে লিখনিতো লগত একাত্ম হব পাৰিছে। সেয়াই মোৰ প্ৰাপ্তি।
লেখাতো এটা অত্যন্ত ব্যক্তিগত কাৰবাৰ।কামটো চলি থকা সময়ত লিখনিতো পঢ়ি কোনে ভাল পাব বা বেয়া পাব সেইটো মনলৈ নাহে...লেখা কামটো জৰুৰী সি চলি থাকে। ব্যক্তিগত ভাবে চা নপৰাকৈ মৌলিক লিখাৰ তাগিদা এটা থাকে মাঠোঁ। কিন্তু লেখাটো শেষ হৈ প্রকাশিত হলে ব্যক্তিগত কাৰবাৰটোৰেই এটা সমাজিক ৰূপ ওলাই পৰে। প্ৰতিজন সৃষ্টিকর্তাই নিজৰ সৃষ্টিকর্মৰ ৰাইজৰ আগত সমাদৃত হোৱাতো বিছাৰে। কিন্তু বিচৰা ধৰণেৰে সকলোৰে মাজত সমাদৃত হোৱাতো সম্ভৱ নহয় ,যদিহে সৃষ্টিকর্মতো জনপ্রিয় ভাবধাৰাৰ লগত খাপ খুৱাব নোৱাৰে তেনেহ’লে সৃজক সকলে দুই এজন আগ্রহী পঢ়ুৱৈৰ উৎসাহিত প্ৰতিক্ৰিয়াকে উপলব্ধি বুলি ভাবিব বাধ্য হয়।
মোৰ সৃজনশীল যাত্রাও প্রায় তেনেকুৱাই ... চিকিৎসা বিজ্ঞানৰ ছাত্র আৰু কর্মী হিচাপে অধিক সময় চিকিৎসা বিদ্যাতেই মনোনিবেশ কৰিব লগীয়া হয় , আজি এটা দশকতকৈ অধিক কাল অসমৰ বাহিৰত থকা বাবে বৰ এটা খবৰো নাপাওঁ,সময়ো নাপাওঁ কত কি হৈ আছে ভাবিবলৈ। আজি দুমাহৰ মুৰত কিবা এটা লিখিবলৈ বহিছোঁ সময়ৰ অভাবত ,মনটো কিবা এটা বেয়া লাগি থকা কাৰণেহে। অৱশ্যে মন বেয়া লগা কাৰণটো ব্যক্তিগত নহয়।
ভাল /বেয়া ,কি কৰিব লাগে, কি নালাগে তাৰ বিষয়ে এটা পূৰঠ চিন্তা আজিৰ দিনটোত কিজানি কৰিব পৰা হৈছোঁ ঠেকি শিকা বাবে । কিন্তু এই যাত্রাৰ আৰম্ভণিতে বিশেষকৈ সৃষ্টিশীল তাৰ বন্ধ্যা সময়খিনিত যথেস্ট হতাশা আহিছিল ....
দুজনে যদি কয় “কি লিখিছ এইবোৰ? একো বুজি নাপাওঁ” মোৰ ভাব হৈছিল যদি কোনো একো বুজিয়ে নাপায় তেনেহ’লে কি কৰি আছো মই ???? হয়তো মোৰেই কিবা এটা সমস্যা আছে ?? গতিকে লেখা মেলা কৰি লাভ নাই। কেতিয়াবা কেতিয়াবা ধাৰা সলনি কৰি জনপ্রিয় ফিল্মী কাহিনী ,নহ’লে বিদেশত বিক্রী হোৱা ভাম্পায়াৰৰ কাহিনী লিখাৰ কথাও ভাবিছিলোঁ।
ঠিক তেনেতে দুটা উপলব্ধিয়ে মোক সাহস জনালে ।
প্রথমটো মই আগতেও স্বীকাৰকৰিছোঁ – @Krzysztof Kieślowski ৰ ৰেড ,ব্লু, হোৱাইট নামৰ ট্রিলজী...,নির্মাণ হৈছিল ৯৩,৯৪ চনত, মই চাইছিলোঁ ২০০৫ চনত। কাহিনী কোৱাৰ ধাৰা পৰিবেশন সম্পুর্ণ স্বাধীন, বলীউদৰ প্রেমী সকলৰ ভাষাত ক’বলৈ গলে নিৰ্দেশকে কোনো বুজি নোপোৱা চিনেমা এখন বনাইছে , কথাটো হৈয়ো কিন্তু তাৰ ভাষা তাৰ অর্ন্তনিহিত কথাবোৰৰ কিছুমান দৃশ্যই নিৰ্মাতাৰ মৃত্যূৰ বহু বছৰ পিছতো ,বহু হাজাৰকিল’মিটাৰ দূৰত মোক কঁপাই তুলিলে । Kieślowski মানুহজন কেতিয়াও স্পিলবাৰ্গৰ নিচিনা বিখ্যাত হব নোৱাৰিলে ,কিন্তু চিনেমা ৰসিক ,ভাবিব ভাল পোৱা কিছুমান মানুহৰ বাবে তেও এজন অনুপ্ৰেৰণা ...চিনেমা কেইখন চাই মই অনুপ্ৰাণিতহৈছোঁ মানে ভাব হৈছিল নিজৰ কাম নিজৰ মতে সততাৰে কৰি গলে ক’ৰবাত হয়তো কোনোবাই তোমাৰ কথা বুজি পাব।
এইটো কথা আগতেও ক’ৰবাতস্বীকাৰকৰিছোঁ মই।
আনটো কঁথাইহে মোক আজি দিগদাৰী কৰি আছে সেয়ে লিখিবলৈ বহিলোঁ। এখন নাটক মঞ্চস্থ কৰিছিলোঁ গুৱাহাটী জীলা পুথিভঁৰালত ১৯৯৭ চনত ,নাম আছিল- ঐকতান (সদ্যপ্ৰকাশিত Satyanusandhan_সত্যানুসন্ধান নামৰ নাটকৰ সংকলনটো নাটকখন সন্নিবিষ্ট কৰা হৈছে ),নাটকখন সংগীতধর্মী (musical!), শিল্পৰ মৃত্যুৰ দৰে কথাবোৰ পতা হৈছিল। তাৰে দুবছৰ আগতেই মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্রথম বাৰ্ষিকছাত্র হৈ থাকোঁতে,নাট্যকাৰ-পৰিচালক হিচাপে তাৰে দুবছৰ আগতেই কাম আৰম্ভ কৰিছিলো। নাটকখনৰ কথা উপস্থাপন আৰু সম্পুর্ণ নতুন চিন্তাধাৰাৰ স্ক্রিপ্তখন লৈ আমি সকলো অতি আশাবাদী আছিলোঁ। নাটকখন বিচৰা ধৰণেই মঞ্চস্থ হল ...আৰু আমাৰ আচৰিত কৰি বেছিভাগ বন্ধু বান্ধবেই একেমুখে কৈ উঠিল যে সিহঁতে একো বুজি পোৱা নাই। গাঁওত থকা মোৰ নাট্যপ্ৰেমী ভাই এজনে নাটকখনত সহায় কৰিছিল। সি দুদিন ৰিহাৰ্চেলগৈয়ে কৈছিল
“আমাৰ গাঁওৰ সভাত এনে নাটক কইল্লি সফটি (নাটক চাবলৈ বহিবলৈ অহা ফটাকানিৰ ফৰ্মুটি) মাৰবো খাটাং”
সি দেহে কেহে কষ্ট কৰি নাটক মঞ্চস্থ কৰাত সহায় কৰিলে হয় কিন্তু সফটি সম্পর্কে থকা তাৰ মতামতত সি অতল থাকিল ।
ঐকতান নাটকখনেও অলপ হলেই বৌদ্ধিক মৰম পাবলৈ সক্ষম হল যদিও সেই বুজি নোপোৱাৰ অভিযোগে ইমান আমনি কৰিলে যে মই গল্প লিখিব ল’লো –প্রথম কেইটা বুজি পোৱা ,হাঁহি উঠা ধৰণৰ ,,,কিন্তু পিছৰ ফালে আকৌ সেই বুজি নোপোৱাৰ অভিযোগ ।আৰু লগে লগে মাজে ব্যক্তিগত বৌদ্ধিক বন্ধ্যা সময়ত উচপিচনি যাক বচাই ৰাখে দুই এজন অচিনাকি পাঠক/সমালোচকৰ উৎসাহে।
২০০৫ মানত সেই বন্ধ্যা সময়ত বাৰুকৈয়েহীনমন্যতাতভুগিছিলোঁ ...তেনেতে এজন জপৰামুৰীয়া গায়ক ছবিখনত কিবা এটা আবেদন দেখি কেছেট এখন কিনিলোঁ,নাম আছিল –জোনাকী ৰাতি-
গান কেইটা শুনি প্রায় দূব যোৱাৰ দৰেই হলো ,উহ কি গান ,কি শব্দ ...
প্রায় ছমাহমানকেইকেইটা গান উৰাই ঘূৰাই শুনি আছিলোঁ কিন্তু মন কৰিলোঁ,মানুহে সিমান কিনা নাই কেছেট খন ।তেতিয়া জুবিনৰএকচেটিয়াসাম্ৰাজ্য চলি আছিল। মোৰ পেচাগত জীৱনতো সেইসময়ত বাধাৰ ওপৰত বাধা চলি আছিল ( আমাৰ পেচাত কিমান শাৰীৰিক,মানসিক কষ্ট ,কিমান অৰ্থনৈতিক নাটনি সেইতো ভুক্তভোগী সকলেহে জানিব ),সেই গানকেইটাই মোৰ মানসিকঅৱস্থাত প্রায় সঞ্জীৱনী সুধাৰ দৰে কাম কৰিছিল।
তেনেতে নাটকত সহায় কৰা সেই ভাই জন আহিল ঘৰলৈ - জুবিনৰ হার্ডকৰ ফেন ,আৰু সেই জপৰাজনৰ গান আগতে শুনা নাছিল। মই শুনালোঁ দুটামান গান শুনিয়েই সি চিঞৰিউঠিল –
“এইটো মন্টুদাৰহে (মোৰ ঘৰত মতা নাম)গান –আমাৰ গাঁওত এনে গান গালি সফটি মাইৰব”
আমি হাঁহিলোঁ,কিন্তু ক’ৰবাত ভাব হল যে এই সফটি মৰা কাৰবাৰটোক ক’ৰবাতপ্ৰত্যুত্তৰ দিব পৰা হলে?
মই ব্যক্তিগত ভাবে নিজৰ কাম কৰি গলো –নিজকে প্রমাণ কৰিবলৈ নহয় ,নিজৰ চকুৰ আগত নিজে যাতে নপৰোঁ তাকে লক্ষ ৰাখি ..কিবা পালো ,কিবা নাপালোঁ,ক্ষেত্ৰখনো সৰু, আহৰি কম ,গতিকে ‘সফটি’ৰ উত্তৰটো দিয়াৰ সক্ষমতা নহ’ল এতিয়ালৈ।
কিন্তু তাৰ প্রায় এবছৰ মান পিছত মন কৰিলোঁ –জোনাকী ৰাতি ভাল পোৱা মানুহৰ সংখ্যা অভাৱনীয় ভাবে বাঢ়িছে , আৰু সেই গান গোৱা মানুহজনে সেই সময়ৰ সষ্টিয়া জনপ্ৰিয়তাৰ বাবে কৰিব লগীয়াকেৰিকে চাৰ বোৰ নকৰাকৈয়ে অসমীয়া (সফটি মৰা) মানুহৰ স্বীকৃতি পাবলৈ সক্ষম হৈছে।
মনটো অলপ ফৰকাল হল ।
অৱশ্যে এতিয়া স্বীকৃতি পাম বুলি নহয় ,এই ভুল কৰি আছো নে শুদ্ধ কৰি আছো সেই নিৰন্তৰ প্রশ্নৰ উত্তৰ পোৱাৰ বাবেহে
বিচাৰিলেও যেতিয়া সলনি হব নোৱাৰোঁ বাবে নিজৰ বাটেৰে গৈ থকাই ভাল।
আজিৰ দিনতো কেতিয়াবা ভুল শুদ্ধ লৈ হতাশা আহে তেতিয়া ভাবো- কিচলস্কি আৰু জোনাকী ৰাতিৰ কথা।
সেই বুলি গৈ আছো আজিও একেদৰেই ।
আশাকৰো তেনেদৰেই গৈ থাকিম ।

Monday, 25 December 2017

সত্যানুসন্ধান: ছয়খন নাটকৰ সংকলন



নতুন সংকলন সত্যানুসন্ধান
কিয় এখন নতুন সংকলন ?

ইতিমধ্যেই আমি উত্তৰ-সত্য (post truth) যুগত পদার্পণ কৰিছো।
নাটকতো ভিন্ন শৈলীৰ পৰিবেশন কলাই ভুমুকি মাৰি উত্তৰ-সত্য যূগ এটাই উকমুকাইছে।
লিখিত শব্দৰ গুৰত্ব অৱনমিত হল নেকি?
সেয়ে জৰুৰি হৈ পৰে সত্যানতুসন্ধানৰ এই দষ্টাবেজ
৩খন পূর্ণাঙ্গ নাট,
এখন একাঙ্কিকা নাট.
বাটৰনাট
আৰু শিশু নাটকৰ সংকলন সত্যানুসন্ধান

 নাটক সাহিত্যৰ অংশ 
সাহিত্য জীৱনৰ অংশ 
জীৱনৰ অণ্বেশন সত্যানুসন্ধান 


লিখিত সৰহ সংখ্যক নাটকেই ১৯৯৫ চনৰ পৰা ২০০৬ চনলৈ অসমৰ ভিন্ন স্থানত পৰিবেশিত আৰু সমাদৃত
নাটক ভালপোৱা,নাট্যকর্মী, দর্শকৰ লগতে আগ্রহী সাধাৰণ পাঠকেও পঢ়ি মতামত (ভাল বেয়া) দিলে ধণ্য হম
বেটুপাত :উদ্দীপ তালুকদাৰ
পৃষ্ঠা: ২০৮
প্রকাশক:ভার্গৱী প্রকাশন
মূল্য:১৮০
পৰিবেশক:বান্ধৱ ,পাণবজাৰ ,গুৱাহাটী, অসম

Friday, 20 October 2017

কামোৰ :-ঘৰত ভাল ন?





জনা সকলে জানে যে মই মানুহজন অলপ কামোৰ। বাকি যি নহওক মোৰ ইচ্ছাকৃত মুদ্ৰাদোষ কিছুমানে বন্ধুসকলক মাজে সময়ে যথেস্ট কামোৰ দি থাকিছিল। কলেজত পঢ়া কালত এটা মুদ্ৰা দোষ আছিল লগৰ বোৰক কৈ থাকো –“বিয়া খন পাতা আৰু”।আমি অৱশ্যে বুঢ়া কাললৈয়েই পঢ়িছিলোঁ,আৰু এম ডি পঢ়ি থকা কালত বেছিভাগ নহ’লেও বহুতো বন্ধু  বান্ধবী বিবাহিত আছিল।কেতিয়াবা ভুলতে সিঁহতকো কৈ পেলাইছিলোঁ-বিয়াখন পাতা আৰু।
এই যে ‘কামোৰ’ নামৰ অপশব্দতো (slang) চকুৰ আগতেই অসমীয়া ভাষাত সোমাইছিল। এই বাবে কৱ পাৰোঁ কাৰণ ১৯৮৯ চন মানৰ পৰা অসমীয়া ভাষাত ব্যৱহৃত বেছিভাগ অপশব্দৰ (slang!) ব্যৱহৃতজ্ঞান আহৰণ কৰিছিলোঁ।ঠিক তেনেতে দুটা সামাজিক ভাবে ব্যৱহাৰ কৰিব পৰা অপশব্দ ই আমাক আকর্ষিত কৰিব ধৰিলে ।
এটা – “কামোৰ”
আনতো “কাটি  খোৱা”
বাক্য ৰচনা এনেধৰণৰ হব:-এই ৰিটায়ার্ড বুঢ়া জনে তেওঁলোকৰ দিনৰ কথা কৈ মষ্ট কামোৰ দি আছিল –আৰু   আমি কোনোমতে কাটি খালো।
কোমোৰ বোৰৰ পৰা কাটি খাই খাই নিজে কেতিয়া কামোৰ হৈ পৰিলোঁ গমেই নাপাওঁতে কামোৰবোৰ বুমেৰাঙ হব ধৰিলে।
২০১০ মানলৈ লগৰ অধিকাংশই গ্রাহস্থ্ ধর্মত দীক্ষাল’লে ।মই দাঙ-বৰলা ।কিন্তু কামোৰ দিয়া মুদ্ৰাদোষটো আছেই ,গতিকে লগৰ কাৰোবাক যদি ভুলতে মুদ্ৰাদোষৰ কামোৰ দিও  -“বিয়াখন পাতা আৰু”
লগা লগ সিঁহতৰ ৰকেট লাঞ্চাৰ,গ্রনেড বোৰ আহি মোৰ পদুলিতেই পৰা হল।
দেখিলো যে কথা ভীষণ।
সেয়ে মই টেকটিক সলনি কৰিলোঁ:-
বিয়া খন পাতা আৰু বন্ধ কৰি সোধা আৰম্ভ কৰিলোঁ –“বাকি ঘৰত ভাল ন?”
এনেই এটা কামোৰ প্রশ্ন নহয় , কিন্তু একে লগে দুঘন্টা বহি থাকিলে যদি মাজে মাজে সোধা যায় –বাকি ঘৰত ভাল ন? তেতিয়া হলে উত্তৰ দিয়া জনে কামোৰ অনুভব কৰে।
তেনেকৈ তিনিদিন একে লগে লগ পাইছোঁ,প্রথম দিনা খন উত্তৰ দিলে দ্বিতীয় দিনাখন উত্তৰ দিলে –কিন্তু তৃতীয় দিনাখন যেতিয়া মই অভ্যাসবসত সোধোঁ –বাকি ঘৰত ভাল ন? উত্তৰ দিয়া জনৰ মাথা গৰম হৈ যায় আৰু মই মানুহতো কামোৰ হৈ পৰো।
কিন্তু এতিয়াও পাব্লিক একনলেজমেন্ট পোৱা নাই কাৰণ মোৰ আশে পাশে অসমীয়াত কথা পতা মানুহ নায়েই... , যি পাতো ঘৰতেই...
আজি ৰবিবাৰ। ঘৰত পাচলি নাই। গাড়ীখন লৈ ওলালোঁ। লৰাই গোটেই ঘৰটোত গৃহযুদ্ধৰ সৃষ্টি কৰি আছিল বাবে তাকো লগত ল’লো। চিট বে’ল্ট বান্ধি থলো যাতে জঁপিওৱা জপিওৱি নকৰে।
অভ্যাস শত তাকো সুধি পেলালোঁ –“বাকি ঘৰত ভাল ন?”
সি লগা লগ ৰঙা চকুৰে গালি দিলে
“দেটা ...ঘৰত বুলি কিয় সুধিছা ।আমি এতিয়া বাহিৰত আছো , গাড়ীত ভাল বুলি সোধা ।”
মই মনে মনে থাকিলোঁ।
সি আকৌ গালি দিবলৈ আৰম্ভ কৰিলে ...মই বোলো ভাই ,ভুল হল ,তোমাৰ গাড়ীত ভাল ন?
“হু ভাল ।” উত্তৰ আহিল

Wednesday, 22 March 2017

মানপত্র মুনীন বৰকটকী সাহিত্য বঁটা,২০১৬


বটাঁ


মানপত্র


 

 

মানপত্র

মুনীন বৰকটী সাহিত্য বঁটা,২০১৬
ডা ভাস্কৰ ঠাকুৰীয়া

প্রিয়বৰেষু
সু-সাহিত্যিক, সমালোচক, সাংবাদিক মুনীন বৰকটকী (১৯১৫-৯৩) ৰ পবিত্র
স্মৃতিত স্থাপিত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰ পৰা ২০১৬ বর্ষৰ
মুনীন বৰকটকী সাহিত্য বটা আপোনাৰ সিংহদ্বাৰ শীর্ষক উপন্যাসৰ বাবে
আপোনালৈ আগবঢ়াবলৈ পাই আমি আনন্দিত।
আমাৰ সাহিত্যত নতুন পোহৰসন্ধানী সাহিত্য সৃষ্টিৰ প্রতিশ্রুতি বহন কৰিছে
আপোনাৰ-সিংহদ্বাৰ এ।প্রচলিত ধাৰণাৰ পৰা আঁতৰি নতুন আংগিক-প্রকৃতিৰে
গঢ় দি কাহিনীকক সম্ভৱনাময়  নেৰেটিভ কৰাৰ প্রয়াস হিচাপে সিংহদ্বাৰ
ব্যতিক্রম।অন্তর্মুখী যাত্রিকৰ এক আপোচবিহীন অভিব্যক্তি এই উপন্যাস। সৃষ্টি
স্বাধীন,লেখক মাথোঁ চাৰোগেট মাতৃ ধাৰণাতদৃহভাবে বিশ্বাসী আপুনি। চিত্র উপন্যাসৰ কিছু উপাদান সংযোজন,চিহ্ণাত্মক পৰিবেশনৰ মাজেৰে আপুনি উপন্যাসখনক অন্য এক আয়তন দান কৰিছে।উত্তৰ আধুনিক উপন্যাসৰ বহুবোৰ
লক্ষণেৰে সমৃদ্ধ আপোনাৰ উপন্যাসৰ কাহিনীভাগৰ কথা আয়োজনত বিভিন্ন অসোঁৱাহ চকুত পৰিলেও এই বৌদ্ধিক প্রচেষ্টা নি:সন্দেহে প্রশংসনীয়।
২০১৬ বর্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা বিজেতা হিচাপে আপোনাক আমাৰ আন্তৰিক অভিনন্দন যাচিলোঁ।আশকৰোঁ আপোনাৰ সাহিত্য সাধনা
ধাৰাবাহিক,গভিৰতৰ আৰু দায়িত্বশীল কৰাত পুৰস্কাৰটিয়ে কিঞ্চিৎ হলেও
অনুপ্রৰণা যোগাব। আন্তৰিক প্রীতি আৰু শুভকামনাৰে
মুনীন বৰকটকী ন্যাসৰ হৈ

ৰেনুকাদেৱী বৰকটকী
পঞ্চবটী,গোপিনাথ বৰদলৈ পথ
শিলপুখুৰী, গুৱাহাটী-৭৮১০০৩
২৭ ফাগুন,১৯৩৮ শকাব্দ (১১ মার্চ,২০১৭ খ্রীষ্টাব্দ)



Tuesday, 8 November 2016

সিংহদ্বাৰলৈ মুনীন বৰকটকী বটা ২০১৬



১ নভেম্বৰ ,২০১৬ তাৰিখে বিভিন্ন বাতৰি কাকতত এই সন্দৰ্ভত বাতৰি প্রকাশ