Monday, 9 June 2014

উন্মুক্ত চিন্তা:ক





চিনাকী চহৰৰ চিনাকি সুবাস
আজি নাই ।
কি আছে ?
সকলোৱেইটো সলনি হৈ গল।
ইমান সোনকালে
নে সময় বহু হল?

কব ভাল
বিদ্রোহী হৈ যাম
হাতত বন্দুক লম       
সলনি কৰি দিম দুনিয়া
 সময়ৰ পিছত সকলো অর্থহীন হৈ পৰে
তেনেহলে মনৰ কথা কম নে নকম?

এই যে বকুল,তগৰৰ উপমা পাও
নহলে শৰতৰ আকাশৰ ,আহিনৰ কঁহুৱাৰ
গান আৰু কবিতাত
লিখনিত
সিহঁতক শেষ কত বা দেখিছিলো?
আৰু দেখি উঠি একাত্ম হোৱাৰটো যুগৰো বেছি হল।
আমি বাৰু হৈছিলো একাত্ম কাহানিবা
লৰাটো হব নে তেনে সৌভাগ্য।
তাতোকৈ ডাঙৰ কথা সি বাৰু তাক সৌভাগ্য বুলি মানিবনে?

বস্তুটো বৰ আচহুৱা
কিহৰ বাবে হৈ আছে নাজানো
কিন্তু হব নিশ্চয়
মোৰ কিন্তু সেই একেখন পৃথিৱীতেই থাকিব মন
একেখন পৃথিৱীকেই এৰি যাব মন
কিন্তু নিশ্চিত নির্ঘাত এই পৰিবর্তন।


 
কি বাৰু আহে প্রথমে
সুৰ নে কথা
কি বাৰু  গায় মনত
 সেই পাহৰি যোৱাৰ গানৰ।



অলসতাৰ বাবে এটা দিন
কোনো কৰিবলে নাই
একো ভাবিবলে নাই
হাতত এপিয়লা চাহ, সমুখত অনন্ত দিগন্ত
তাৰ কোলাত টোপনি।
সাৰ পাই কোমল সতেজ ধৰণী।

Tuesday, 13 May 2014

মষ্টৰামৰ কাহিনী




দুদিনমান আগতে বাতৰি কাকতৰ কথাছবি সমীক্ষা শিতানত চিনেমাখনৰ ম কাহিনীটো পঢ়িলো।পঢ়িয়েই এনে লাগিল বর্তমানৰ যি ধৰণৰ বোলছবি বজাৰত চলে তাৰ ধৰণ কৰণ চাই ধৰি লব পাৰি যে চিনেমাখন বৰ এটা বেছি নচলে।কিজানি মোৰো চিনেমাখন চোৱাৰ সময় সুবিধা নহৱ।কিন্তু কাহিনী পঢ়ি সাম্প্রতিক সমাজৰ বিষয়ে মই ভাবি থকা বহু কথা চিনেমাখনৰ চৰিত্রটিত বিছাৰি পালো।
কাহিনীটো এনেকুৱা : নায়কজনৰ লিখক হোৱাৰ দুর্বাৰ বাসনা আছে তাৰবাবে তেওঁ চাকৰি এৰি পেশাদাৰি লেখক হোৱাৰ সিদ্ধান্ত ললে।কিজানি লেখক হিছাপে তেওঁৰ লিখা কাহিনীবোৰ ইমান নিম্ন পর্য্যায়ৰো নাছিল।কিন্তু বহু কষ্টৰ পিছতো কোনো প্রকাশকেই তেওঁৰ লিখনি প্রকাশ কৰিবলৈ ৰাজী নহল।সকলোকে লাগে ভোগবাদী বজাৰত চলা নিশ্চিত ফর্মুলা,যত বিক্রী হোৱাটো নির্ঘাট। সাহিত্য, জীৱন, দর্শণ বিষয়ক পণ্য যে বিক্রি হব তাৰ কি গ্যৰেন্টি আছে? লেখকৰ পৰিয়ালো আছে, ঘৰ চলোৱাটোও তেওঁৰ এটা ডাঙৰ দায়িত্ব, সেয়ে উপায় নাপায় অৱশেষত তেওঁ চদ্মনামেৰে যৌনগন্ধী সাহিত্য লেখিব ললে।এই যে বাছ-আস্থান বা ৰেইলৱে ষ্টেচন বোৰত ভৰি থাকে (বা আছিল,আজিকালি ইলেক্ট্রনি মাধ্যমে সিহতৰ বজাৰতো মাধমাৰ সোধাইছে)  –‘সবিতা ভাবী, প্রয়োজন ইত্যাদি ইত্যাদি।অতি কম সময়ৰ ভিতৰতেই তেওঁৰ এই যৌনগন্ধী সাহিত্যই অভুতপুর্ব সাফল্য লাভ কৰিলে।এতিয়া কথাটো হল তেওৰ লিখিত সাহিত্যই সফলতাটো লাভ কৰিলে কিন্তু সেয়াটো তেওঁৰ নামত নহয়।লেখকজনে মাথো লেখিছিলহে,পঢ়িছিলটো সমাজৰ মানুহবোৰেই।এটা সময়ত যেতিয়া মানুহবোৰে লেখকৰ এই পৰিচয়টো পালে তেতিয়া সেই একেই সমাজেই তাৰ লেখকজনক লেই লেই চেই চেই কৰিবলে ধৰিলে।
    এয়েই আজিৰ যুগৰ প্রতিজন লেখকৰ সমস্যা।ঠিক লেখকৰ সমস্যা বুলি কব নোৱাৰি প্রতিজন যুক্তিনিস্থ মানুহৰেই সমস্যা।বজাৰত কি চলে তাৰ এটা পুর্বধাৰণা বেছিভাগ প্রকাশকেই মনত লৈ ফুৰে।বজাৰক কি লাগে তাৰ কিন্তু কোনো সমীক্ষা নহয়।আৰু তাৰবাবেই সৃষ্টি হয় মষ্টৰামৰ। চিনেমা ,আমাৰ ভ্রাম্যমান থিয়েতাৰ,আলোচনী সকলোতেই সেই একে সমস্যা।আৰু এই ভোগবাদী মানশিকতাই এনে এক পৰিস্থিতিৰ সৃষ্টী কৰে যে আচল টেলেন্ট, আচল কলা আৰু বজাৰৰ প্রকৃত প্রয়োজননো কি এই প্রশ্ণ বহু দুৰতেই ৰয়গৈ।আনহাতে সাধাৰণ উপভোক্তাসকলৰ হাততো ইমান সময় নাই আৰু এইকন বৌদ্ধিক চিন্তাৰ অভাবো সকলোৰে মাজত বাৰুকৈয়েই পৰিলক্ষিত হয়।গতিকে সর্বসাধাৰণে বজাৰত যি পায় তাৰেই নিজৰ প্রয়োজন সমুহ পুর্ণ কৰে।বজাৰৰ কর্তা ধর্তা সকলে তাকেই বিচাৰে-বিনা কষ্টত উপভোক্তাসকলৰ ওপৰত পুর্ণ নিয়ন্ত্রণ।কোনোবাই যদি সোতৰ বিপৰিতে যাবও বিচাৰে তেতিয়া হলে তেও যাতে সেই কামত যাতে কৃতকর্য্য নহয় তাৰ খেয়াল ৰাখে সেই নিয়ন্ত্রক সকলে।
এইবোৰ বিষয়ত আমাৰ উপভোক্তা সকল সচেতন হোৱাতো আচল কথা।যেনে ধৰক তেওলোকে ভ্রাম্যমাণত হিন্দী ছবিৰ নির্লজ অনুকৰণ দেখাই যাব আৰু আমি চাই চাম। কাৰণ প্রযোজকে ভাবে দর্শকে ইয়াকেই বিচাৰে।এই কথা সচাঁনে মিছা তাক কোনোবাই ভাবেনে ? যদি সচা তেনেহলে কিজানি গোটেই জাতিটোই প্রায়চিত হব লাগে ।ইমান স্বাৱলম্বী উদ্যোগ এটাক তিল তিল কৰি মৃত্যু মুখলৈ থেলি দিয়াৰ বাবে আমি সকলোৱেই দায়ি।আৰু যদি সচা নহয় তেনেহলে কি কৰিলে এই সমস্যাৰ সমাধান হব সেইটো কতৃত্তৰক্ষী সকলক জনাব লাগে।হিন্দী চলচিত্র কিজানি ইমান সোনকালে নমৰে।সাহিত্যটো এজন দুজন মষ্টৰাম ওলালেও সকলো লেখকেই কিজানি মষ্টৰাম হৈ নপৰে।কিন্তু এইবোৰ কথা ভ্রাম্যমান উদ্যোগতটোত নাখাতিব।

চিনেমাখনত মষ্টৰামৰ যি সৃষ্টি হল তাত নায়কজনক দোষ দিয়াতকৈ কি কাৰণতনো এজন মষ্টৰামৰ সৃষ্টি হল তাক আমি আলোচনা নকৰো কিয়? বৌদ্ধিক চিন্তাত আমি ইমানেই তললৈ নামি গৈছো নেকি? হয়টো সমগ্র পৃথিৱীতেই সেই একেবোৰ সমস্যা দেখা গৈছে। দুদিনমান আগতে নিউয়র্কৰ পঢ়ুৱৈ গোষ্টিয়ে(New York Readers club) পঢ়াকামটোৰ হেৰোৱা গৌৰৱ পুনৰ ঘুৰাই আনিবলৈ টপলেচ হৈ পঢ়াৰ ছবি সম্রচাৰ কৰিছিল।তাৰমানে টপলেচ হোৱাটোহে শীতল(cool) কিন্তু পঢ়াটো নহয়!   বজাৰকেন্দ্রীক নিয়ন্ত্রনৰ ওচৰত আমি সকলোৱে হাৰ মানিবলৈ লৈছো? এয়া অবশ্চেই চিন্তনিয় কথা।কিন্তু এনেবোৰ কথা ভাবিবলৈ কাৰোবাৰ সময় হবনে?

Thursday, 26 December 2013

ক্ষুদ্র গল্প ২




ফৰমুটিত সৰিছিল পনিয়ল,বগৰি,কলা জামু।বাৰী বোৰ এতিয়া কংক্রিতৰ অৰণ্য।ফৰমুটিত কেতিয়াবা  পৰে গ্রেনেড,আৰু সৰে জীৱন।
__________________
লুডুৰ বর্ডত সাপ আৰু জখলা,অলপ খেলি গম পালো খেলটোৰ নাম ভাৰতীয় টকা বণাম মার্কিন ডলাৰ।
__________________
তেওঁ বুজালে নোট পেড,আইপেডত পঢ়িবা কিতাপ,খৰছো কম,কঢ়িয়াবলৈও সুবিধা মই কলো সি জানো দিব পাৰে কিতাপৰ স্পর্শ,কিতাপৰ গোন্ধ?
_____________
সৰুকালিৰ চোৰ পুলিচ খেল।মই পুলিচ,বিচাৰিব লাগে চোৰ।গোটেই এলেকাতে বিচাৰি নাপালো লগৰ চোৰ জনক।পিচদিনা গম পালো সি আছিল ঘৰত, কৰি হমৱর্ক
___________
মিৰটত মম বিচাৰি পালো  মাথো fried ,দোচা বিচাৰি পালো চাওমিন দোচা,কাবাৱ বিচাৰি পালো চয়াবিন চিখ কাবাৱ। পিছদিনা আছিল নিৰামিশ খোৱাৰ পাল।ভাবিলো  veg chicken বিচাৰো নেকি?
______________________
কোমল ৰদৰ দলিচাত ঘাহ বন বোৰ সজীৱ হৈ উঠিছিলতাক চাই আছিল ছাগলী টোই ,আৰু পাঠাটোক মই ,আজৱ এই শক্তিৰ বৃত্ত  চাৱনিৰ চক্র।
_________


যোৱাবাৰ দেৱালিত জান্দি মুন্ডা খেলোতে পুলিচে ধৰিলে,খাৰ পাপাৰাজীয়ে নাম দিলে জুৱাৰী ।এইবাৰ দালাল ষ্ট্রীত (মুম্বাইত) ,ষ্টকৰ খেল খেলোতে সিহঁতেই নাম দিলে  দেশপ্রেমী
___________
মাটি খান্ডোতে ওলাল এটি মৃতদেহ,হয়তো কোনো শ্বহীদৰ।চিনাক্তকৰণৰ বাবে আহে বিদ্রোহী,আৰক্ষী আৰু সকলো জনগোষ্ঠীৰ জনতা।
_______________
                                          
চিন্তাৰ উৎসৱৰ পিচত চিন্তাৰ উদ্রেগজাগি উঠে তৰুণ তৰুণীৰ তেজ! Tehelka
_________
সংক্রমণৰ ভয়ত মানুহ এলাগী, কিজানি এলাগী এন্টিবায়টিক আক্রান্ত জীৱাণু।বিচাৰক ডাৰউইনৰ হাঁহি কলে যাৰে বল তাৰে চল।
__________
                           

Sunday, 1 December 2013

ক্ষুদ্র গল্প ১




নিজৰ চৌহদতেই খোজ কাঢ়োতে চকিদাৰে ধৰে 'কৰ মানুহ কলৈ যাৱ? আগদিনা খন গাড়ীৰে আহিছিলো সি চালাম দি কৈছিল 'সুপ্রভাত মহাশয়'।
___________


আন্দোলনৰ গতি লেহেমীয়া,পুৱাৰ পৰা সিহঁতে আছে হামিয়াই হিকঁতিয়াইআহিল টিভি
চেনেলবোৰ-নৈশ বাতৰি   মুখ্য খৱৰ আন্দোলনত উত্তাল ধৰণী 
___________

নাচিব নাজানো ,নৃত্য শিক্ষকে কলে ভৰিৰে ভাও দিয়া মোহৰা ধুম্রদন্ডিকা ,দুয়ু হাতেৰে দিয়া ভাও গামোচাৰে পিথি মচাৰ হৈ গল নাচ
________________
ইউ পিৰ ইউ টার্ণত মোৰ বাহনক খালে চুমা, পিচত গালি চিগনেল দিব নোৱাৰা? কলো ইন্দিকেটৰ জলিআছে চোন,উত্তৰ তোৰ হাত খন নাই নেকি?
_______________
সান্ধ্য ভ্রমণৰ সমস্যা :আগতে ভয় শিক্ষক পাও বুলি বাটত ,আজিকালি ভয় চাত্র,ছাত্রী পাও নেকি বাটত
_____________
সময় ধৰি ৰখা মেচিনটো চলাই বাহিৰলৈ চাই আছিলো।এজন আহিল, মোলৈ চাই কলে বা: কি সুন্দৰ চিত্রকর্ম !
_______________
গোমোঠা বৰবাবুক কামটোৰ বাবে অনুৰোধ তিনিমাহ ধৰি।আজি মোক দেখিয়েই ভেকাহি কি লাগে? কলো নিষ্ঠুৰ জীৱনৰ সংগ্রামত বিচাৰো মৰমৰ মাত এষাৰ
______________


লা গুৰু মানে ব্লেক কাও সৰুতে শুনা। দুখ লাগিছিল,আজি বাতৰিত পালো ৬০% ইংৰাজ ন প্রজন্মই নাজানে হেমলেতৰ ৰচক কোন বেয়া কথা কিন্তু ভাল লাগিল।
________

ভৱাওটো এটা কাম ,যদি পালো হয় এটা চাকৰি ভবাৰ কৰণে আৰু মাহলি ৬টা অঙ্কৰ দৰমহা!
_____________
টিভি ধাৰবাহিক চাই,বাতৰি পঢ়ি ভাবো মানুহবোৰ ইমান বেয়া।আজি হঠাতে মনত পৰিল ময়োতো মানুহ !