Tuesday, 5 November 2013

তোমাৰেই এই বসুধা,তুমিয়েই চলোৱা





কবিতাৰ প্রতি আগ্রহ বস্তুটোই অলপ ওলোটা ধর্মী (paradoxicl)দৈনন্দিন জীৱনত সাধাৰণ জনতাৰ ওচৰত কবিতাৰ প্রসঙ্গ উলিয়াওক,বেছিভাগ মানুহেই সেইটো আলোচনা এৰাই চলিব বিচাৰিব
অলপ বেছি হল নেকি?
তেলিয়া কথা বন্ধ কৰ
বেলগক বাদ দিয়ক মই নিজেই যেতিয়া কাৰোবাৰ মুখত সাধাৰণ অবস্থাত  অহৈতুক কবিতা কবিতা যেন লগা কথা শুনো ,বিশেষকৈ টি্ভি চিৰিয়েলত প্রেমৰ বচনত কিবা এটা লাজ লগাৰ দৰে হয়।নিশ্ছয় প্রশ্ন হব সর্বসাধাৰণৰ মাজত (যিসকলৰ সাহিত্য প্রীতি কম) বর্তমান যুগত কবিতাৰ অস্তিত্তই নাই?
ঠিক সেইতোও নহয় ।যিকোনো মানুহেই কবিতাৰ অস্তিত্ত উপলব্ধি কৰে  নির্জনতাৰ পৰত,সেই বিষয়টো বুজিব পৰা বন্ধুৰ লগত।তেনেহলে সমগ্র জনগনে কেতিয়া কবিৰ কথা গুণ গুণাই ?
মোৰ মতে অস্থিৰতাৰ পৰত: যেতিয়াই আবহাৱাৰ ইফাল সিফাল হয় তেতিয়াই কবিৰ কন্ঠ জনতাৰ কন্ঠ হৈ পৰে।
যেনে অসম আন্দোলনৰ ভৰপক সময়ত কবিতাৰ লগত দূৰ দুৰলৈ সম্পর্ক নথকা সকলেও চিয়ৰিছিল দেশ বুলিলে নেলাগে আদেশহলে বা মৃত্যুওটো এটা শিল্প
পাবলো নেৰুদা বা আন কবি সকলৰো সামুহিক জনপ্রিয়তাৰ আৰত সেই সময়ৰ আস্থিৰতা এটা মুল কাৰণ বুলি ধৰিব পাৰি।
অথবা আমেৰিকাৰ ভিয়েটনাম আক্রমণে আৰম্ভ কৰা সাংগীতিক আন্দোলনে বব ডিলানৰ কবিতা কবিতা লগা গান বোৰৰ জনপ্রিয়তাৰ আন এটা শিখৰ পাইছিলগৈ।
হাজাৰ বিজাৰ জনতাই একদৰে ভাবে মাথো এটা সময়ত যেতিয়া এক সামুহিক সমস্যাই তেওলোকক শংকিত কৰি তোলে।সাম্যবস্থাত কিন্তু মানুহ জাতিটোৰ স্বার্থপৰতাই এনে এটা স্থৰ পাইগৈ যে কবিতা কি মানৱতাৰ বাবেও মানুহৰ সময় নাথাকে।ধৰি আন মাৰি খাঁও এই নিতি লৈয়েই সকলোৱে আগবাঢ়ে।মানুহৰ এই স্বভাবটোক উদঙাই দিয়া শিল্পকর্ম  বহু ।তাৰে ভিতৰত ভবেন্দ্র নাথ শইকীয়া চাৰৰ নাটক নিলকন্থ বা ৰিট্টিক ঘটকৰ মেঘে থকা তৰাই মোক চুই গৈছিল।কিন্তু আজিকালি কবিতাত সমাজ ব্যবস্থাৰ বিষয়ে পষ্টমর্তেম খুব কম দেখ যায়।
মানুহৰ চৰিত্রক নিৰিক্ষন কৰা তেনে এটা উৎকৃষ্ট গানে প্রায়েই মোৰ কাণত গুণগুনাই আছিল।কবি চাহিৰ লুধিয়ানৱি ,মানুহ জনৰ জীৱন বিখ্যাত কবি আমৃতা প্রিতমৰ লগত তেওৰ প্রেম আতাইবোৰ ঘটনা কিবা উপণ্যাস উপন্যাস লগা ।
 যিখন ছবিত গানটো ব্যবহৃত হৈছিল সেইখন ছবিৰ নির্দেশক ,অভিনেতা গুৰুদ্ত্তৰ জীৱন কাহিনীও এনেকুৱা যে তাক যিকোনো শ্বেক্চপিয়েৰৰ বিয়োগান্তক নাটকতকৈ কম নহয়।  
ছবিখন প্যাচা
গানটো –‘য়ে দুনিয়া অগৰ মিল ভি জায়ে টো ক্যা হায়।
স্বার্থপৰতা,হিংসা আদিৰে ভৰা সমাজখনৰ মুখা খুলি উলি্‌ওৱা এটা কবিতা,সুন্দৰ সংগীত ,কন্ঠ, শিল্প সুলভ কেমেৰা  ,গুৰুদত্তৰ কৰুণ মুখ সকলো মিলি এক ক্লাছিক।
সেই সময়ৰ অস্থিৰতাক ধৰি ৰখা বাবে গানটো তেতিয়াটো জনপ্রিয় হৈছিলেই ইমান বছৰে সমাজৰ দশা বুজাবলৈ এতিবাও গানটো ব্যবহাৰ কৰা হয়
কি হল নাজানো বহুদিনৰ পৰা মনটোত টুকুৰীয়াই থকা গীতটোৰ ভাষাক বুজিবলৈয়েই মই অসমীয়ালৈ অনুবাদ কৰি পেলালো :
কথা এনে ধৰণৰ

এই অট্টালিকা,শেতেলী, খিতাপৰ বসুধা
এয়া মানুহৰ শত্রু সমাজৰ বসুধা
এয়া বৈভৱৰ ভোকত সংস্কাৰৰ বসুধা
এই বসুধা যদিও পাওঁ তথাপিওনো কি?
এই বসুধা যদিও পাওঁ তথাপিওনো কি?

প্রতিটো দেহ আহত ,প্রতি আত্মা তৃষ্ণার্ত।
চাওনিত বিভ্রান্তি, উদাস অন্তৰ
এইখন বসুধা নে স্বার্থসিন্ধিৰ ব্রম্হান্ড 
এই বসুধা যদিও পাওঁ তথাপিওনো কি?
এই বসুধা যদিও পাওঁ তথাপিওনো কি?

মানুহৰ হাততেই মানুহ পুতলা
এয়া বসতি নে মৃত হাতুৰীৰ বসতি
ইয়াত জীৱনতকৈ মৃত্যু সস্তা
এই বসুধা যদিও পাওঁ তথাপিওনো কি?
এই বসুধা যদিও পাওঁ তথাপিওনো কি?

যৌৱনত যাত্রা স্ত্রীগমনৰ বাটত
নবযৌৱনৰ সাজোন পৈণ্যৰ বজাৰৰ
প্রেম হৈ পৰে সামগ্রী বেপাৰ
এই বসুধা যদিও পাওঁ তথাপিওনো কি?
এই বসুধা যদিও পাওঁ তথাপিওনো কি?


এই পৃথিৱী যত মানুহ মুল্যহীন
অনুগত্য একো নাই,বন্ধুত্ত একো নাই
যত প্রেম হৈ পৰে  মুল্যহীন
এই বসুধা যদিও পাওঁ তথাপিওনো কি?
এই বসুধা যদিও পাওঁ তথাপিওনো কি?

জ্বলাই দিয়া জ্বলাই দিয়া
জ্বলাই দিয়া ফুৱাই এই বসুধা
জ্বলাই দিয়া জ্বলাই দিয়া
জ্বলাই দিয়া ফুৱাই এই বসুধা
মোৰ সমুখৰ পৰা গুছোৱা এই পৃথিৱী
তোমাৰেই এই বসুধা,তুমিয়েই চলোৱা
এই বসুধা যদিও পাওঁ তথাপিওনো কি?
এই বসুধা যদিও পাওঁ তথাপিওনো কি?

এতিয়া কথা হল আজিকালি এনে বিষয়বস্তুৰ কবিতা ,গাণ নোলায় কিয়? তাৰ উত্তৰ এনে ধৰণৰ হব পাৰে:
১.বর্তমান সমাজব্যবস্থাৰ উন্নতি হৈছে (কিজানি হৈছেও কিন্তু কিন্তু ইমানো উন্নতি হোৱা নাই ,তাক অনুধাবন কৰিবলৈ ওপৰৰ গীততি আকৌ এবাৰ পঢ়ক ,গম পাব তাৰ প্রতিটো শব্দ আজিও নির্মম ভাবে সত্য)
২.আছলতে এনে লিখনি ওলায়েই আছে বর্তমান সময়ত পঢ়ুৱৈৰ অভাব (মানি লব নোৱাৰো কাৰণ কিতাপ ,গান ওলোৱা বন্ধটো হোৱা নাই।
৩.প্রতিভাৰ অভাব(হব পাৰে চাহিৰ লুধিয়ানভিৰ  দৰে কবি কম আছে ,কিন্তু তেনে বিসয় বস্তুৰ ওপৰত লিখিব পৰা দক্ষ গীতিকাৰ/কবি আজিও আছে
তেনেহলে কি নাই ?
জনগনৰ নাই মাথো আত্মবিশ্লেষন আৰু আত্ম শুদ্ধিৰ প্রতি আগ্রহ।চাৰিওপিনে উপভোগ কৰিবলৈ ইমান ভোগৰ সামগ্রী
সকলো ভোগত মদমত্ত
কবি কবিতা আৰু পাঠক সকলতো জনগনৰেই এজন!
গতিকে এই শাসনহীন অবস্থাত সকলোকে চলোৱাজনক কি বুলি অনুৰোধ কৰিম?




Wednesday, 28 August 2013

বর্ণ বিভ্রান্তি বেমাৰৰ ঔষধ




মই অসমীয়াতে ভাবো ,আৰু মাজে সময়ে লিখোও।কিন্তু লৰালিৰ কিছুমান বেপৰোৱা স্বভাবৰ বাবে বানান বহু ভুল হয়।তাৰ পিচত ইংৰাজী শিকিলো ,অসমৰ বাহিৰলৈ আহি চাকৰি কৰাৰ পিচত সকলো দৈনন্দিন ব্যবহাৰিক কামত ইংৰাজীত লিখিব  লগা হয় (মানে কমম্পিউতাৰত টাইপ কৰিব লাগে) ।ইংৰাজীটো একেই অবস্থা।কিন্তু ইংৰাজী ভাষাত এটা সুবিধা আছে ,সেয়া হল মহাপুৰুষ বিল গেইটছ আৰু তেওৰ সহযোগী সকলৰ কৃপাত নিগণিৰ সহায়ত (মানে mouse) ভূল বানানটোত সোওটীয়া টেপা (right click) মাৰিলেই হল :শুদ্ধ শব্দটিৰ বানান কি, অর্থটো কি, প্রতিশব্দ কি চব ওলাই পৰে। যিখিনি ভাষাজ্ঞাণ আছিল বিল গেইটৰ সহায়ৰ বাবে তাকো শেষ হল। মই বর্ণাশুদ্ধিৰ ক্ষেত্রত হাজাৰটা বেমাৰ লৈও(বহুতো মণোৰগবিশেষজ্ঞ বন্ধুৰ মতে মই clear cut case of dyslexia,বহুবাৰ নিজৰ নামটোকে ভুলকৈ লিখো দুয়ুটা ভাষাত)।অথাপিও অলপ অচৰপ নাম কৰিব পাৰিছো কেইজন মান বন্ধুৰ  নিৰন্তৰ সহায়ৰ বাবেহে ,নহলেটো কেতিয়াবাই কাহিনী শেষ হল হেতেন। 
শেহতীয়াকৈ যোৱা কেইটা বছৰত অসমীয়া ভাষাৰ চার্চাও কম্পি্টাৰত সম্ভৱ হৈছে ,যঠেষ্ত সংখ্যক লোকে ভাষাটোত চর্চা কৰা আৰম্ভ কৰিছে সেইটো এটা সুখৱৰ। আনকি প্রকৃত বানান, প্রতিশব্দ জানিবলৈও  কাৰিকৰিভাবে বহু কাম আগবাঢ়িছে ।এই ক্ষেত্রত xobdo.org  এ লোৱা ভুমিকা সচাকৈয়ে প্রশংশনিয়।কিন্তু এতিয়ালৈ বানানৰ ক্ষেত্রত আমি কাৰিকৰি ভাবে বৰ এটা আগ বঢ়া নাই : ভাবি চাওকচোন টাইপ কৰিলো নিৰ ,সোহটিয়া টেপা মাৰি গম পালো বানানটো হব লাগে নীৰ (মানে পানী) আৰু যদি বাসস্থান বুজাব খুজিছো তেতিয়া হলে হব লাগে নীড়(মানে বাসস্থান) ।বর্তমান যুগত ভাষাটোৰ চর্চা আৰু প্রসাৰৰ বাবে ই অতি জৰুৰী।আশাকৰো যি সকলে এই দিশত কাম কৰি আছে তেওলোকে সোনকালেই এনে কিচুমান কাৰিকৰি সফলতা লাভ কৰি এই দিশত উল্লেখজোগ্য বৰঙণী আগ বঢ়াব।আনহাতে এনেকুৱা কামবোৰ সামুহিক সহযোগিতাৰ দৰকাৰ হয় ।গতিকে অসমীয়া কথা বতৰা আদিৰ দৰে সফল দলবোৰে  যত বহু সংখ্যক উচ্চমানৰ অক্লান্ত কর্মি আছে এই দিশত কাম কৰিব পাৰে। ভাষা এটাৰ বুনিয়াদ হল তাৰ ব্যাকৰণ ।যি মলুকত ভাষা এটা শুদ্ধকৈ কব পৰা ,লিখিব পঢ়াই দাঙৰ কথা সেই মুলুকত আৰু ব্যাকৰণৰ কথা কত আহে? সেয়া দুখৰ কথা ।কিন্তু সকলো দুখৰ কথাতেই কিছুমান সুখৰ কথাও লুকাই থাকে ।যেনে যিসকল লোকে এই বিষয়ত কাম কৰিব লাগে তেওলোকে নকৰাৰ বাবে অনেক সংখ্যক নৱ প্রজন্মই দায়িত্তটো নিজৰ হাতত লৈছে নানা ধৰনৰ সমুহিয়া প্রচেষ্টাৰ জৰিয়তে।ষেনে  xahitya.org  ,আন আন সকল। যদি এনেকুৱা ভাষা জ্ঞাণ বিষয়ত  নতুন প্রকল্প কিচুমান লোৱা হয় তেনেহলে ভাল হয় ।
উদাহৰণ স্বৰুপে ধৰক তাত এটা ভাগ সচিত্র ভাষা জ্ঞাণ (পিচলৈ বাৰু Audio visual| ৰ কথাও ভাবিব পাৰি) ।এই সময়হিন পৃথিৱীত নত্ব বিধি পঢ়ি মুখস্ত কৰি ভাষা ব্যাকৰণ শিকিব বা শিকাব যোৱাটো এটা কষ্টসাধ্য কাম।তেনেস্থলত আমাৰ হাতত যঠেষ্ত সংখ্যক ভাল চিত্রশিল্পী আছে ।তেওলোকৰ সহায়েৰে  যদি তলত উল্লেখিত ধৰণৰ আকর্শনীয় ছবিৰে ভাষাজ্ঞাণ প্রচাৰ হয় ,আৰু সামাজিক জালিবন্ধনৰ (social networking) যোগেৰে যদি ৰাইজে সেইবোৰ ছৱিৰ প্রচাৰ কৰে নব প্রজন্মটো বাদেই মোৰ নিচিনা বর্ণ বিভ্রান্তিৰ বিকাৰগ্রস্থ চেমি আদহিয়া লোকো সকলো তাৰ দ্বাৰা লাভবান হব। 
 

বিদ্র : উক্ত কথাখিনিটো ভুল আছে ।এনে ভুল হোৱা উচিৎ নহয় ।সেইবাবেই এনে সামুহিক প্রকল্পৰ দৰকাৰ
:-)
 


Thursday, 18 April 2013

হেৰোৱা সুবাসৰ সন্ধান

সেৱাগ্রাম

আজিৰ পৃথিৱীত জ্ঞানৰ সন্ধান কৰা হয় যন্ত্রৰ বুটাম টিপি যেনে ধৰক কিবা এটা জানিব লগিয়া হল কম্পিউটাৰ নহলে মবাইল ফোনৰ বুটাম টিপিলেই হল-জানিব লগিয়া তথ্য আহি থিতাতে হাজিৰ হব। ফলত জ্ঞান আহৰণ হয় অনুভৱ অবিহনে।এই প্রৱণতাই সৃষ্টি কৰিছে এক চেতনাহীন যান্ত্রিক প্রজন্মৰহয়টো এতিয়াও আমি পঞ্চেন্দ্রীয়ৰ অনুভূতিবোৰ যেনে দেখা ,শুনা, সোৱাদ আদিবোৰ বুজি পাই আছো  কাৰণ ইশ্বৰে তেনেধৰনেৰে পৃথিৱীখন বুজিবলৈ আমাক সৃষ্টি কৰিছে।কিন্তু এই সন্ধিক্ষনত আমাৰ বেছিভাগৰেই অনুভুতিবোৰ  চিনি বুজি লবলৈ সময়েই নাথাকে।সেয়ে ইন্দ্রিয় অনু্ভুতি বুলিলে মনলৈ কেইতিমান পৰিচিত স্পর্শ , সুবাস ,দৃশ্যতেই আবন্ধ থাকে।হয়টো আমাৰ আত্মা আজি যন্ত্রৰ হাতত এনেভাবে বশিভুত হৈছে যে মৌলিক অনু্ভূতিবোৰক চিনি বুজি লবলৈও আমাৰ হাতত সময়ৰ অভাব।তেনেবোৰ অৱজ্ঞাৰ বাবেই কিজানি আমি চিনি অহা পৃথিৱীখন দিনে দিনে শেষ হৈ আহিছে। আমাৰ ইমানেই সলনি হৈছে নেকি যে আমি সকলোবোৰ বস্তুকেই নতুন ধৰনেৰে অনুভৱ কৰিবলৈ লৈছো । আগতে শিকি বুজি অহা ধৰণেৰে পৃথিৱীখন বুজিবলৈ কোনো দৰকাৰ নাই ?সত্যৰ অণ্ণেষণ ইন্টাৰনেটত নহলে মবাইলত কৰক আৰু যন্ত্রকেই সেই সত্যক অনুভৱ কৰিবলৈ দিয়ক।অনু্ভুতিবোৰক মগজুৰ  স্মৃতিকোথাত বান্ধি থোৱাৰ কোনো প্রয়োজন নাই।
          আধুনিক জীৱনত যন্ত্রৰ অধিগ্রহনৰ প্রভাৱবোৰ দেখি মই তেনেদৰেই ভাবিবলে ধৰিছিলো।কিন্তু কিছুবছৰ আগতে পশ্ছিম ভাৰতৰ এখন গাওত কেইদিন মান থাকি আহি মোৰ সেই ভুলটো ভাঙিল।গাওখনৰ নাম হল সেৱাগ্রাম- মহাৰষ্ট্রৰ ৱার্ধা চহৰৰ ওচৰত অৱস্থিতএশ বছৰ আগলৈ গাওখনক মানুহে চিগাও বুলি জানিছিল।সেই সময়ৰ যিকোনো দুৰণিবতীয়া গাঁৱৰ দৰে ইয়াতো কোনো বিশেষ ঘটনা ঘটা নাছিল-দৈনন্দিন ঘটনাৱলীবোৰৰ বাহিৰে।
ৰাতিপুৱা হয়,সন্ধ্যা নামে তাৰপিছত ৰাতি হয়।
কিঞ্ছিত শীত আৰু বসন্ত
অসহনীয় গৰম নামমাত্র হেমন্ত
দিনৰ পিছত দিন
বছৰৰ পিছত বছৰ
চলি আছিল কালচক্র
তেনেতে ১৯৩৬ চনৰ বহাগ মাহৰ এটি কাহিলী পুৱাত  গাওখনলৈ এজন অতিথি আহিছল আৰু তেতি্য়াৰ পৰাই এই একেঘেয়ামিৰ অন্ত পৰিল।৬৭ বছৰীয়া মানুহজন  দেশখনৰ বাবে আতাইতকৈ গুৰুত্তপুর্ণ মানুহসমুহৰ ভিতৰত এজন ।তেও বিশ্বাস কৰিছিল প্রকৃত ভাৰতবর্ষক ইয়াৰ  গাওবোৰেহে প্রতিনিধিত্ত কৰে।আহিয়েই মানুহজনে গাওবাসীসকলৰ পৰা চিগাওত বসতি স্থাপন কৰিবলৈ অনুমতি বিছাৰিলে- উদ্দেশ্য দেশসেৱা চিগাও তেতিয়া চাৰিওফালৰ পৰা অৰণ্যৰে আবৃত।নিকটবর্তি চহৰ ৱার্ধালৈ অৰণ্যৰ মাজেৰে  এটি মাঠো লুঙলুঙিয়া বাট।আশে পাশে চিগাওৰ লগত নামৰ মিল থকা আৰু এখন গাও আছিল বাবে চিঠি পত্র আহি পোৱাত যঠেস্ত আহুকালৰ সৃষ্টি হৈছিল।সেয়ে গাওখনৰ এক নতুন নামাকৰণ কৰা হল সেৱাগ্রাম মানে সেৱাৰ গাঁও।
যদিও প্রথমতে পত্নীৰ বাহিৰে আনকোনো আনুগতক লগত ৰাখাৰ উদ্দেশ্য তেওৰ নাছিল কিন্তু লাহে লাহে দেশৰ স্বার্থত সেৱাগ্রামত তেও খোলা সৰু আশ্রমখন এখন দাঙৰ অনুস্থান হৈ উঠিল।কিছুদিন আগলৈকে নিদ্রাৰত সৰু গাওখন অনতি পলমেই ভাৰতৰ স্বাধীনতা আন্দোলনৰ কেন্দ্রবিন্দু হৈ উঠিল।
১৯৪৭ চনত দেশখন স্বাধীন হল আৰু তাৰ পিছৰ বছৰতেই মানুহজনৰ এজন উন্মাদৰ গুলিত   মৃত্যু হল তাথাপি্ও তেওৰ আদর্শই এতিয়াও লক্ষজনক অনুপ্রানিত কৰি আহিছে। সেৱাগ্রামে  সেই তেতিয়াৰ পৰা আজিলৈকে সেই একে উৎসাহেৰে কাম কৰি আছে  আৰু স্বাধিনতাৰ কিছু সময়ৰ ভিতৰতে  দেশখনৰ প্রথমখন গ্রাম্য চিকিৎসা মহাবিদ্যালয়ৰ মিলনস্থলি হল।আতাইতকৈ ভাল কথা হল  যদিও সেৱাগ্রাম আজিৰ দিনত এখন চিকিৎসা মহাবিদ্যালয়, এখন অভিযান্ত্রিক প্রতিস্থানৰ লগতে সকলো তথাকথিত অধুনিক  সা সজুলীৰ অধিকাৰি  তথাপিও ই সেই তাহানিৰ ভাৰতীয় গাওৰ পৰিচয়টো হেৰাই পেলোৱা নাই।
দুই এটা সৰু পৰিবর্তনৰ বাহিৰে গাওখন এতিয়াও ৫০ বছৰৰ আগৰ সেৱাগ্রামেই হৈ আছে -যান্তিকতাৰ সিপাৰে এতিয়াও ইয়াত মানুহে নিজৰ পঞ্চেন্দ্রীয়ৰ অনুভৱবোৰ উপলব্ধি কৰিবলৈ অবকাশ বিচাৰি পোৱাৰ  সুযোগকন আছে।মানুহজনাৰ সেই পজাঘৰটোলৈ গলে এতিয়াও তাহানিৰ সুবাস অনুভৱ কৰিব পাৰি। ঘৰটিক বাপুকুটি বুলি জনা যায়, সেই সময়ত তাতেই মানুহজনে কেনেকৈনো বাস কৰিছিল তাক অনুভৱ কৰিবলে মই দীঘলকৈ উশাহ এটা টানি ললো :- সেই ধুলি,সেই বতাহ, আৰু সেই পৰিস্থিতিৰ স্তব্ধতাই মোক যোৱা শতিকালৈ লৈ গল।চহৰত পাগলৰ দৰে পুৱাৰ পৰা গধুলিলৈ যন্ত্রৰ ওচৰত শৰনাপন্ন হৈ এখন ঠাইৰ গোন্ধক অনুভৱ কৰিবলৈ মই কাহানিবাই পাহৰিছিলো ।কিন্তু সেইদিনা মই থিৰাঙকৈ অনুভৱ কৰিলো এইখিনি ঠাইতে কোনোবা এদিন মোহনদাস কৰমচান্দ গান্ধী নামৰ মানু্জন সোশৰিৰেৰে ঘুৰি ফুৰিছিল।