Monday, 11 July 2016

ডো ৰাহেআল বাৰায়েহ এক ম’ছলেল-বা এটি সমস্যাৰ দুটি সমাধান



দুদিনমান আগতে খৱৰটো পালো মই ভালপোৱা চলচিত্র নির্মাতা আব্বাছ কিৰোষ্টামি আৰু নাই।বেয়া লাগিল। 





২০১০ চনত তেওৰ Two Solutions for One Problem (Persian: دو راه حل برای يک مسئله)  নামৰ চুটিছবিখন চাই কিবা এটা অনুভব লেখিছিলো লেপটপৰ গর্ভৰপৰা বিচাৰি ৰাইজলৈ আগবাইছো
------------



ইৰাণৰ বিখ্যাত চিত্রনির্দেশক আব্বাছ কিৰোষ্টামিৰ চুটিছবি ডো ৰাহেআল বাৰায়েহ এক মছলেল-বা এটি সমস্যাৰ দুটি সমাধান নামৰ  ছবিখনৰ কাহিনীভাগ এনেধৰণৰ :
পেণ্ডুকনা নাদিৰ আৰু দ্বাৰা কানসমনীয়া। দ্বাৰাই নাদিৰৰ কিতাপ এখন পঢ়িবলৈ নি ঘূৰাই দিয়াৰ পিছত নাদিৰে কিতাপখনৰ এখিলা পাত ফলা দেখা পালে।নিস:ন্দেহে সমস্যাৰ সৃষ্টি হল।সমস্যাৰ সমাধান কেনেকুৱা হব পাৰে?
                                                                                         
সমাধান ১:
গতানুগতিক কিতাপ কা বদলা কিতাপ ।তাৰপিচত সিহঁতৰ মাজত কি হল তাৰ জমাখৰছৰ হিচাপতো এনেকুৱা:
নাদিৰ
দ্বাৰা
দ্বাৰাই নাদিৰৰ কিতাপ ফালিলে।
নাদিৰেও দ্বাৰাৰ কিতাপ ফালি প্রতিশোধ ললে।
সেইকাৰনে দ্বাৰাই নাদিৰৰ কলম ভাঙিলে।
প্রতিশোধত নাদিৰে স্কুলবেগ ফালিলে।
প্রতিশোধত দ্বাৰাই স্কেলদাল ভাঙিলে
নাদিৰে চার্টটো ফালিলে।
দ্বাৰাই নাদিৰৰ মাফলাৱ লেতেৰা কৰিলে।
নাদিৰে টুপিতো লেতেৰা কৰিলে।
চৰ, ভুকু, মল্লযুদ্ধ
চৰ, ভুকু, মল্লযুদ্ধ
মূৰট বেন্ডেজ
লা চকুৰপটি
   
সমাধান ২:
কিতাপখন ফলা দেখি নাদিৰে দ্বাৰাক কিতাপৰ ফলা পাতটো দেখুৱালে।দ্বাৰাই আঠাৰে তাক জোৰা লগাই দিলে।সিঁহত দুজন এতিয়াও বন্ধু।




নাদিৰ আৰু দ্বাৰাৰ দৰেই বহু মাত্রিক সমাধান ৰ বিষয়বস্তু বহু আছে। বিশেষকৈ বর্তমান আমাৰ আকোৰগোচ স্বভাৱৰ বাবে হোৱা সমস্যা বোৰৰ ক্ষেত্রত..
তাৰে এটা উদাহৰন এনেকুৱা হব কিজানি

ক ,খ গ, ঘ  চাৰি বন্ধু।
পণ্ডিত প্রবন
খ-ৰক্ষণশিল
গ-জহঙ-মহঙ

সিহতৰ মাজতো এদিন এনে সমস্যা আহি পৰিছিল।
সমস্যা: পাকিস্থানৰ উগ্রপন্থীয়ে ভাৰতত হত্যালীলা চলালে,তাকে লৈ এক তাৰিখানাত আলোচনা আৰম্ভ হল ।
ক-এতিয়াই লাহোৰ বা কৰাচীত বোমা পেলাব লাগে ।৯-১১ কাণ্ডৰ লগে লগে আমেৰিকাই কি কৰিছিল দেখা নাই,আমেৰিকাইতো কাকো সুধি ফুৰা নাছিল।

খ- ই কি কৰি আছে।আমাৰো গুপ্তচৰ,বন্দুকধাৰী পঠিয়াব লাগে পাকিস্থানলৈ।ইজৰাইলে মুনিখ আলিম্পিকৰ হত্যাকাৰীবোৰক যেনেকে মাৰিছিল তেনকে মাৰিবলৈ।

গ-আৰু এই আদনান চামি (গায়ক) ,খালেড হোছেনী ?(লেখক) হঁতে ভাৰতত কি কৰি আছে?জোতাৰ মালা পিন্ধাই,দুই চৰ মাৰি ৱাঘাৰ সিপাৰ কৰি দিব লাগে।

ঘ-আৰে তহতে এনেকৈ কথা কৈ আছ যেন আমি মধ্যযুগত বাস কৰি আছো, ভাৰতৰ অর্থনীতি আৰু আন্তর্জাতিক ছবিত কি আঘাৎ পৰিব নাজান নে?আৰু গায়ক বা লেখকৰনো দোষ কত?সিহতেতো ভাৰতত আক্রমন কৰা নাই।

তর্ক বাঢ়ি গল
তাৰপিচত হোৱা জমাখৰছৰ খাতিয়ান এনেকুৱা
আতর্কিত ভাবে পাকিস্থানক আক্রমণ
ৰ প্রত্যাক্রমণ ,আই এচ আই ষ্টাইলত
পাকিস্থানৰ লগত জৰিত প্রতিজনক গণশত্রু নির্ধাৰণ
আবেগ বাদ দি কুটনৈতিকভাবে সমস্যাৰ সমাধান।
বাকিবোৰ ভুল , দেশদ্রোহী
বাকিবোৰ ভুল , দেশদ্রোহী
বাকিবোৰ ভুল , দেশদ্রোহী
আনবোৰৰ চিন্তাধাৰা পুৰনিকলীয়া ,আবেগিক আৰু জধামূর্খ
মোৰ মতহে সচা
মোৰ মতহে সচা
মোৰ মতহে সচা
মোৰ মতহে সচা
চৰ,ভুকু ,মল্লযুদ্ধ,চুৱা গালি।
চৰ,ভুকু ,মল্লযুদ্ধ,চুৱা গালি।
চৰ,ভুকু ,মল্লযুদ্ধ,চুৱা গালি।
চৰ,ভুকু ,মল্লযুদ্ধ,চুৱা গালি।
মুৰত বেন্ডেজ
তাড়ীখানাৰ পৰা বাহিৰ।
হাজোতৰ ৰঙা চাউল।
লা চকুৰ পতি

সমাধান ২:
কোৰাচ (ক.খ,গ,ঘ): বাদ দিয়া হে ইউ এন আমেৰিকা, দুখন দেশৰ প্রধানমন্ত্রী মিলি যত এটা পক্কা সমাধান উলিয়াব পৰা নাই আমি কৰ কূটা?আমি বিশ্ব শান্তিৰ নামত এটাই কাম কৰিব পাৰো---
হেৰা আৰু এটা পেগ বনোৱা হে ।
এয়া হল ক ,খ,গ,ঘৰ কাহিনী।
সিঁহত এতিয়াও পিয়লাৰ সহোদৰ।

ক,ঘ হতৰ কাহিনী অলপ সংবেনশিলতাহীন যেন লাগিছে নহয় ,ঠিক আছে এতিয়া ভাৰত পাকিস্থান বা বিশ্বৰ সমস্যাৰ সমুহত নাদিৰ আৰু দ্বাৰাক থৈ চাওকচোন ,কিজানি সমস্যাবোৰৰ সৰল সমাধান আছিল...আমিহে বাটবোৰ হেৰুৱালো।
চিনেমাখন এই লিঙ্কটোত চাব পাৰে :Two Solutions for One Problem (Persian: دو راه حل برای يک مسئله)




Wednesday, 15 June 2016

অতীতক নাযাবা পাহৰি





নিয়মীয়া বার্তা :২/০৬/২০১৬
আমি আমাৰ ঐতিহ্যৰ বিষয়ে কিমান জানো? ‘অতীতক নাযাবা পাহৰি’ বাণীক আমি জানো হয় কিন্তু মানো কিমান তাত এতিয়াও সন্দেহৰ অৱকাশ আছে। নিকলাচ ৰ’ৰিকৰৰ জীৱন আর্হিৰ আলোচনাই হয়তো সেই দিশত আমাৰ আধৰুৱা কামবোৰত নতুন আলোকপাত কৰিব।


Tuesday, 19 April 2016

নিকলাচ ৰ’ৰিকৰৰ চাংক্টা



আজিৰ অসমৰ নিৰাশাজনক পৰিবেশৰ লগত তুলনা কৰিব পৰা পৰিবেশ- যুদ্ধত্তৰ আমেৰিকাৰ(১৯১৮ৰ পিচত) নিৰাশাময় পৰিবেশত বিভ্রান্ত আমেৰিকাক উদ্দেশ্য কৰি নিকলাচ ৰৰিকৰে অকা ছয়খন ছবি।দেৱকান্ত বৰুৱাৰ কবিতাত উল্লেখিত –‘আমি দুৱাৰ মুকলি কৰো (And we open the gate) চাংক্টা শৃঙ্খলৰেই এখন বিখ্যাত ছবি।চাংক্টাৰ দর্শণ আৰু And we open the gate ৰ দর্শণে সিংদ্বাৰ উপন্যাসতো উপস্থাপিত হৈছে।
সেই চাংক্টা দর্শণৰ বিষয়ে এক নিবন্ধ ১৭/০৪/২০১৬ তাৰিখে নিয়মীয়া বার্তাত প্রকাশ কৰিছে।  


Tuesday, 12 April 2016

বসন্ত উচৱ


নিকলাচ ৰৰিকৰৰ বসন্ত উচৱ অপেৰাৰ মঞ্চসজ্যাৰ বাবে কৰা চিত্রশিল্প




সিংহদ্বাৰ উপন্যাসৰ লগত জৰিত অন্ধকাৰ সত্যৰ পৰা পোহৰৰ আন্ধাৰৰ পৰা পোহৰলৈ আহোতে নিকলাচ ৰৰিকৰৰ জীৱন আৰু আদর্শৰ দ্বাৰা প্রভাৱিত হৈছে।আমি নিকলাচ ৰৰিকৰক চিত্রকৰ হিচাপে জানো যদিও তেওৰ আন এটি সফল পৰিচয় মঞ্চসজ্যা সৃজক হিচাপেও আছে।মঞ্চ সজ্যাত  চিত্রকলাৰ  প্রয়োগৰ সম্পৰিক্ষাত ইউৰোপৰ থিয়েতাৰক দৃশ্যাৱলিক তেও এক নতুন ৰূপ দিছিল।
যোৱা শতিকাৰ প্রথম দহকত নিকলাচ ৰৰিকৰ ইতিমধ্যেই ৰুচিয়াৰ অগ্রজ আৰু প্রভাৱশালী চিত্রশিল্পী হিচাপে প্রতিস্থিত আছিল।পৰিবর্তনশীল ৰুচিয়াৰ ৰাজনৈতিক অমিলমিলৰ বাবে তেও ৰুচিয়া এৰাৰ সিদ্ধান্ত লয়।ৰুচিয়াৰ বাহিৰত শিল্পী হিচাপে প্রথম কাম হাতত লৈছিল থিয়েতাৰৰ মঞ্চসজ্যা।আৰু কিছুদিনৰ ভিতৰতেই থিয়েতাৰৰ দৃশ্যপটত এক বিপ্লৱৰ সূচনা কৰে।
Rites of spring ৰুচিয়াৰ সঙ্গীতজ্ঞ Igor Stravinsky অমৰ সৃষ্টি আৰু অপূর্ব মঞ্চসজ্যাৰে অপেৰা হিচাপে ইউৰোপৰ ভিন্ন মঞ্চত উপস্থাপন কৰাৰ পিছত নাটকখনে অভুতপুর্ব সাফল্যৰ লভিবলৈ সক্ষম হৈছিল।
Rites of spring ৰ সঙ্গীতৰ একাংশ সিংহদ্বাৰৰ প্রচাৰ ভিডিওতো ব্যবহাৰ হৈছে।
ভিডিওটো চাবলৈ ওপৰৰ সংযোগ সূত্রত ক্লিক কৰক : সিংহদ্বাৰ ভিডিও।

Saturday, 9 April 2016

প্রস্থাবনা :কলা ইতিহাসৰ কল্পিত গল্প






হাজাৰ কাহিনীৰ ভিৰ।
স্থান:দেশে-দেশান্তৰে:অতীত বর্তমান বা কল্পিত ভবিষ্যতৰ
কাল:প্রত্যুষে,দুপৰয়া,গধলী বা অমানিশা
পাত্রভেদে:হৈ চৰিত্র বহু কাহিনীৰ (প্রতিজনে)
সম্পাদক:কাহিনীকাৰে মাথো জোৰে চেলুলইৰ টুকুৰাবোৰ
উদ্দেশ্য :ৰচা সমকালীন কলাৰ চমু ইতিহাস ।
প্লিজ ,নাহাহিবা!
সমস্যা:সময়ৰ ক্রমানুৱর্তিতা
(যেনে: প্রথমে বাৰ পিচতহে আকৰ!)
যদিও কাহিনীৰ নাই কোনো আৰম্ভনি
নাই কোনো শেষ
বিন্যাস সমাহাৰ যেন অলে কাহিনীৰ সম্পাদিত মেটাফৰ।



Disclaimer:উদাহৰণ হিচাপে ধৰক দীপা মেহতাৰ ‘আর্থ’ নামৰ চিনেমাখন।মাটিৰ মুল্য ওপৰত চিনেমা এখনৰ কাহিনীত আগ্নেয় শিল গেদীয় শিল আৰু ৰুপান্তৰিত শিলৰ কথা নাই। ইয়াত আছে ভূখণ্ডৰ পৰিভাষাই জনজীৱনত কি প্রভাব পেলাব পাৰে।ঠিক তেনেদৰেই সিংহদ্বাৰৰ কলা ইতিহাসৰ গল্প লিখা কামটোতো কলা ইতিহাসৰ এওটি ভাগৰ মজ্জাৰ সুবাসক বিষয় হিচাপে কাহিনীত উপস্থাপিত হৈছে। ই এক কাহিনী,শৈক্ষিক গবেষণা নহয়।