Labels
- উন্মুক্ত চিন্তা (3)
- এটি জার্মান সপোন (4)
- ঐক্যতান (4)
- ক্ষুদ্র গল্প (3)
- গল্প (11)
- চিনেমা (7)
- নাটক (9)
- নিকলাচ ৰ’ৰিকৰৰ (4)
- ফিৰঙতি (3)
- বেবেৰবাঙ (3)
- যাত্রা (5)
- সত্যানুসন্ধান (3)
- সাক্ষৎকাৰ (2)
- সিংহদ্বাৰ (20)
- স্থিৰ চিত্র আৰু হাইকু (3)
Sunday, 3 January 2016
Thursday, 31 December 2015
Tuesday, 29 December 2015
সমান্তৰাল কাহিনী আৰু সিংহদ্বাৰ
আমি এটা কাহিনীক নির্দিষ্ট আৰম্ভণিৰ পৰা নির্দিষ্ট সমাপ্তিলৈ ঘটনাটো
মনলৈ আহে কিন্তু বাস্তৱ জীৱনলৈ চালে দেখা যাব যে “কাহিনীৰ কোনো আৰম্ভণি আৰু শেষ নাই
”।একেটা সময়তে নানা চৰিত্রৰ জীৱনত বহুকেইটা ঘটনা ঘটি থাকিব পাৰে। একেটা চৰিত্রই এটা
ঘটনাত নায়ক কিন্তু আন এটি ঘটনাত খলনায়কো
হব পাৰে। জীৱন এটা কাহিনী নহয় বহু কাহিনীৰ শৃংখল। সাধাৰণ গল্পই তেনে বহুমাত্ৰিক
দিশবোৰক সামৰিব নোৱাৰাৰ বাবেই সমান্তৰাল কাহিনীৰ আবির্ভাৱ হৈছিল চাগৈ। সমান্তৰাল কাহিনী কি?সমান্তৰাল
কাহিনী কি এই প্রশ্নৰ সাধাৰণ ৰাইজক যদি এক কথাত উত্তৰ দিব লগা হয় তেনেহ’লে হয়তো
উদাহৰণ দিব লাগিব হিন্দী চলচিত্র: লাইফ ইন এ মেট্র,বা দছ কাহনীয়াৰ
দৰে ,প্রতিটো
কাহিনী স্বাধীন কিন্তু শেষত ক’ৰবাত নহয় ক’ৰবাত সিহঁতি একেলগ হয়,আমাৰ জীৱন তোৰ
দৰে।
এই সমান্তৰাল কাহিনীয়ে পশ্চিমীয়া সাহিত্যত ইতিমধ্যে বলিষ্ঠ উপস্থিতি
আগৰ পৰাই বিদ্যমান আৰু বহু বছৰৰ পৰাই চলচিত্র
তো সমান্তৰাল কাহিনীৰ প্রভাব আমাৰ জনাজাত। অসমীয়া সাহিত্যত সমান্তৰাল কাহিনীলৈ চলা
সম্পৰিক্ষাৰ সংখ্যা তেনেই তাকৰ।
২০০১ চনত প্রান্তিকৰ পাতত মই
লেখা ‘সাঁথৰ’ নামৰ এটা গল্প প্রকাশিত হৈছিল যাৰ চৰিত্রবোৰ কালক্রমত অসমৰ ভিন্ন আলোচনী
(মূলত সাতসৰীত) ২০১২ চনলৈ ভিন্ন ধর্মী স্বাধীন গল্পৰ চৰিত্র হৈ প্রকাশ পাই অহিছে। গল্পবোৰ
যদিও স্বাধীন একে সূতাৰে গুঁঠিলে আমি বুজি পাম ই এক সমান্তৰাল কথন শৈলীৰ উদাহৰণ। এই
চৰিত্রসমুহৰ মণ:স্তাত্বিক ঘাট প্রতি ঘাটবোৰক এডাল সূতাৰে গাঁঠিয়েই ১৫ বছৰীয়া কষ্টৰ
ফচল হিচাপে প্রস্তুত কৰি উলিওৱা হৈছে এখন নতুন উপন্যাস –সিংহদ্বাৰ।
Subscribe to:
Posts (Atom)










