Sunday, 27 December 2015

শিল্পীৰ তুলিকাত সিংহদ্বাৰ ১:পৰিনিশা





পৰিনিশাৰ আছিল যৌৱনৰ সকলো প্রতিশ্রুতি
কালক্রমত পৰিনিশা হৈ পৰে চহৰৰ ব্যস্ত স্ত্রী ৰোগ বিশেষজ্ঞ
জীৱন আগবাঢ়ে
লগতে আহে
দুখ  আৰু যন্ত্রণা
অসম্পুর্ণতা,নিস:ঙ্গতা,
যান্ত্রিকতা , আত্মগ্লানী আৰু দু:স্বপ্ন

ব্যস্ত মনত আর্দ্রতা বিচাৰি আজিও তাই কেনভাচত হাত বুলাই
জীৱন জানো ইমান অন্ধকাৰ ?
কৰবাত জানো নাই পোহৰৰ দুৱাৰ?
সিংহদ্বাৰ
সুখৰ সন্ধানত এখন উপন্যাস
 Art by Kaberi Sharma
Designe by team Singhadwar

Friday, 4 December 2015

সিংহদ্বাৰৰ -সংক্ষিপ্তসাৰ




মোৰ পৰবর্তি প্রকাশ সিংহদ্বাৰৰ -সংক্ষিপ্তসাৰ
------------------------------------------------
লাখ লাখ বর্ষাকণা আকাশৰ পৰা ধাৰাষাৰে পৰি আছিল।
কোনো ভাইৰাচ আক্রান্ত কম্পিউটাৰৰ মনিটৰৰ পৰা আখৰবোৰ সৰি পৰাৰ দৰেই।
তেনে এটি বর্ষাকণাক চিৰঞ্জীৱৰ কেমেৰাৰে ফিল্মত ধৰি ৰখাৰ আগ্রহ,
পৰিনিশাৰ সিপাৰৰ মুখাবয়ব এখনক তুলিকাৰে কেনভাছত ধৰি ৰাখিবলে মন,
আদিত্য সন্ধানৰত এটি প্রেম কাহিনীৰ
কিন্তু চিৰ চিনাকি শব্দ আৰু তাৰ অর্থ ধুসৰ হবলে ধৰিলে:
কালক্রমত সকলো একাকাৰ হল
কাহিনী আৰু বাস্তব
সৃষ্টি আৰু স্রজক
সত্য আৰু চিতবিভ্রম
মনোবিজ্ঞানী চিৰঞ্জীৱে বাট হেৰুৱায় মানুহৰ মনৰ অন্ধকাৰ গলিত।
পৰিনিশাৰ পিচ লয় এটি দু:স্বপ্নই
আৰু বিৰাণাই গম পালে
–কিবা এটা নাই,
সেই একে ভাব ৰাঘবন ,আচেঙলা,মিয়া ৰূষ্টম আৰু পীযুষৰো ; পীযুষ, যি গাখীৰহে নাখায়।
সি তাৰ সেই হেৰোৱা বস্তুটোক বিচাৰিলে নিচাৰ মাজত।
তাৰ পিচতো চলি গল জীৱন
দুখ আৰু যন্ত্রণা
অসম্পুর্ণতা,নিস:ঙ্গতা,যান্ত্রিকতা আৱু আত্মগ্লানি
অন্ধকাৰ গলিৰ মাজেৰে
কলা ইতিহাসৰ চমু বুৰঞ্জী আৰু
সৃষ্টিৰ যন্ত্রণাৰ মাজেৰে...
ইয়াৰ শেষ কত?
সত্য অন্বেষণ, চলি থাকিল
সিহতে পালে
–চাংক্টা-সভ্যতাৰ বিবর্তণৰ ছয় সত্য।
চলি গল
–সিংহদ্বাৰৰ সন্ধান
‘সিংহদ্বাৰ’
সমান্তৰাল কাহিনীৰে গঢ়া এক উপন্যাস

Thursday, 24 September 2015

লোকেল চুপাৰহিৰো






আমাৰ কোনো লোকেল চুপাৰহিৰো নাই।শৈশৱতো নাছিল এতিয়াও নাই। সেয়া সম্পূর্ণ বিশ্বায়নৰ আগৰ কথা। গতিকে অধিক সংখ্যক শিশুৱেই নিজৰ মাতৃভাষাত পঢ়াশুনা কৰাতো এটা গতানুগতিক কথা আছিল। টিভিৰ মনোৰঞ্জনে আমাৰ দৈনন্দিন জীৱনৰ ইমান এটা সিংহভাগ ল’ব নোৱাৰিছিল বাবে সৰহ সংখ্যক শিশু আৰু কিশোৰে কমিকচ আৰু শিশু আলোচনী পঢ়িয়েই পুলকিত হোৱাতো নিয়মৰ দৰে আছিল। ম’বাইল ফ’নে আমাৰ জীৱনত যিটো অপৰিহার্য্য ৰূপ ধাৰণ কৰিছে সেইটো তেতিয়াৰ যুগত কল্প-বিজ্ঞানৰহে অংগ হ’ব পাৰিলেহেঁতেন।
লোকেল চুপাৰহিৰো নাথাকিলেও চুপাৰহিৰো কেইজনমান আছিল-- যেনে ফেন্টম, মেন্ড্রেক; আৰু কেইজনমানৰ বাবে ছুপাৰমেন, স্পাইদাৰমেন।আজিকালি যিটো আসন চোটা ভীমে লৈছে তাৰ ঠাইত আমাৰ হিৰো আছিল –সুপান্দি, কালিয়া বা শম্ভু চিকাৰী। এইকেইটা চৰিত্র হয় আন্তর্জাতিক নহ’লে সর্বভাৰতীয়। কিন্তু স্থানীয় (লোকেল?) চুপাৰহিৰো আমাৰ তেতিয়াও নাছিল এতিয়াও নাই। লোকেল কণী,লোকেল মাছ আছে, লোকেল দাদা আছে, কিন্তু শিশুসাহিত্যত লোকেল চুপাৰহিৰো আমাৰ আজিও নাই। হয়টো চিন্তা আৰু প্রযুক্তিৰে উৎসাহৰ ফালেৰে আমি আন্তর্জাতীয় পর্য্যায়তকৈ বহু পিছ পৰি আছোঁ। অন্তত: নিজৰ বস্তুক বাণিজ্যিক ৰূপ দিয়াত।
সেয়া আশীৰ দশকৰ কথা, নৈৰাজ্য আৰু লোকেলৰ লহৰত গোটেই ৰাজ্যখন ডুব গৈ থাকোতে সেই সময়ৰ জনপ্রিয় শিশু আলোচনী সঁফুৰাত ভূমুকি মাৰিলে এজন আচহুৱা মানুহে। ৰাজস্থানৰ থলুৱা পুতলানাচৰ মানুহৰ দৰে দীঘল মোচ,অমৰা গুটিৰ দৰে চকু, মিলিটাৰী আদৱ-কায়দা আৰু মুখত অনবৰত ছপা মাধ্যমত প্রকাশকৰিব পৰা গালি-‘ডেম’!
ভয়ত সকলো থৰহৰি কম্পমান।  ভাৰাভাষ্যকাৰজনেও নাজানে এই মানুহজনৰ আচল নামতো কি? সুধিবও নোৱাৰি সেয়ে ভয়ৰ প্রকোপত সকলোৱে তেওঁক মাতে ডেম পেহা বুলি।
তেওঁৰ পালধৰীয়াজন আৰু জমনি-খিন মিন চেহেৰা, যেন একদম মিলিটাৰী বেহেৰা। নাম জং-বাহাদুৰ।
প্রথম যেতিয়া মানুহদুজনৰ ছবি সঁফুৰাৰ পাতত দেখিছিলো তেতিয়া জংবাহাদুৰে সোঁহাতত ঘড়ী পিন্ধি আছিল। সেয়ে, আমাৰ ঘৰত ভীষণ উত্তেজনা। সোঁহাতত কিয় ঘড়ী পিন্ধিব? ছবিখন ভুল! (তেতিয়া নতুনকৈ শিকিছিলো যে ঘড়ী বাওঁহাততহে পিন্ধিব লাগে।) সঁফুৰাৰ লগতে ডেমপেহাৰো জনপ্রিয়তা বাঢ়িব ধৰিলে। কিন্তু মাহেকীয়া সঁফুৰাৰ প্রতিটো খণ্ডতে ডেমপেহা নোলায়। এবাৰ ভালে কেইটামান সংখ্যাত ডেম পেহাৰ কোনো খা-খবৰ নোলোৱাত গোটেই অসমতেই হুলস্থূল। ডেম পেহা ক’ত?
পঢ়ুৱৈসকলে লিখি পঠিয়ালে-ডেম পেহাক দেখিছোঁ -- বোকাখাতত, নহয় নহয় ডুমডুমাত।
এনে জনপ্রিয়তাৰ কথা এতিয়া বিশ্লেষণ কৰিবলৈ গ’লে নিশ্চয় মানিবলৈ বাধ্য হ’ম যে আমাৰ শিশুসাহিত্যত কোনো ‘লোকেল চুপাৰহিৰো’ নাথাকিব পাৰে কিন্তু ডেমপেহাৰ যিটো জনপ্রিয়তা আছিল সেয়া কোনো চুপাৰহিৰোতকৈ কম নহয়। যদিও তেওঁ শক্তিমান বা চুপাৰমেনৰ দৰে উৰিব নোৱাৰে, মেন্ড্রেকছৰ দৰে যাদুও দেখুৱাব নোৱাৰে তথাপিও তেওঁ অতি জনপ্রিয়। আৰু, সেই সময়ৰ পঢ়ুৱৈসকলে (আজিকালি তেওঁলোক প্রাপ্তবয়স্ক নাগৰিক) আজিও সেই স্মৃতিক শ্রদ্ধাৰে সোঁৱৰে।
ডেম পেহাৰ প্রতি থকা কৌতুহলৰ আঁৰত আন এটি কাৰণ আছিল –ইয়াৰ স্রষ্টাক লৈ। ডেম পেহাৰ কাহিনীৰ লগত লেখকৰ নাম আছিল – অচিন মোমাইদেউ।
এতিয়া অচিন মোমাইদেউ কোন? তাক লৈও চলিচিল বহু ভবা-গুণা, চিঠি-পত্র।
আনহাতে শিশুসকলৰ অভিভাৱক সকলে নিশ্চিন্ত মনে ভাবি লৈছিল যে অচিন মোমাইদেউ সঁফুৰাৰ সম্পাদক ড. ভবেন্দ্রনাথ শইকীয়াৰেই ছদ্ম নাম। অসমীয়া ভাষাত শিশুসকলৰ বাবে ইমান উৎকৃষ্ট লিখনি কিজানি আন কোনো অজান লেখকৰ দ্বাৰা সম্ভৱ নহয়। এই বিষয়েও ইমান আলোচনা আৰম্ভ হ’ল যে সম্পাদকে ৰাইজক ক’ব লগীয়াত পৰিল -- মই অচিন মোমাইদেউ নহয়। কিন্তু যিহেতু তেওঁ অচিন হৈয়েই থাকিব বিচাৰে গতিকে তেওঁ কোন তোমালোকক মই ক’ব নোৱাৰিম। কিন্তু তেওঁনো দেখাত কেনকুৱা হ’ব পাৰে সেয়া তোমালোকে নাভাবা কিয়?
কিছুদিনৰ ভিতৰতে গোটেই অসমৰ শিশুসকলে অঁকা অচিন মোমাইদেউৰ ছবিসমূহ সঁফুৰাৰ পাতত ওলাব ধৰিলে।
ডেম পেহাৰ জনপ্রিয়তাৰ আঁৰত আন এটা কাৰণ আছিল –কাহিনীবোৰৰ অতি আকৰ্ষণীয় সচিত্র বিৱৰণ। শইকীয়া চাৰৰ উপদেশ আৰু চন্দন চুটীয়াৰ মনোগ্রাহী বিৱৰণৰ বাবে ডেম পেহাৰ ৰূপটো প্রতিজন পঢ়ুৱৈৰ মনতে খোদিত হৈ পৰিছিল।আনকি কেইদিনমান আগতে লেখক এজন বন্ধুৰ লগত ফুৰি থাকোঁতে যেতিয়া এজন দীঘল মোচৰ শকত টপা মানুহ দেখিলে বন্ধুজনে চিঞৰি উঠিছিল –‘আৰে এয়া ডেম পেহা দেখোন।’
সেই যুগৰ বহুত পিচত গম পালো –অচিন মোমাইদেউৰ আঁৰৰ মানুহজন আছিল এজন প্রচাৰ বিমুখ এই শিশু সাহিত্যিক। বাৰাণসী কাশী হিন্দু বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপনা আধাতে এৰি গুৱাহাটীত তেওঁ নিগাজীকৈ থাকিবলৈ লৈছিল। তেখেতে এতিয়া আৰু আমাৰ মাজত নাই। ডেম পেহাৰ বাহিৰেও বহু জনপ্রিয় শিশু সাহিত্যৰ সৃষ্টি কৰি থৈ গৈছে। আৰু, সফুৰাৰ পিছতো মৃত্যুৰ আগলৈ তেওঁ ‘সাদিন’ৰ শিশু শিতানটো চোৱা চিতা কৰাৰ দ্বায়িত্বত আছিল।
অসম মুলুকত শিশু সাহিত্যৰ পৰিমাণ চাহিদা অনুপাতে অতি কম। আৰু নতুনচামে সাহিত্যৰসিকে এই বিষয়টোক বৰ এটা গুৰুত্ব সহকাৰে নোলোৱাৰ বাবে অসমীয়া শিশু সাহিত্যৰ বর্তমান অৱস্থা শোচনীয় বুলিয়েই ক’ব লাগিব। আনহাতে এটা ভাষাৰ ভৱিষ্যত বুনিয়াদৰ বাবে শিশু আৰু কিশোৰৰ বাবে উপযোগী সাহিত্য সৃষ্টি গুৰুত্বসহকাৰে লোৱাতো অতি জৰুৰী। তেনে এক ইতিবাচক ভবিষ্যতৰ বুনিয়াদৰ বাবে আমাক দৰাচলতে আৰু বহুত ভবেন্দ্রনাথ শইকীয়া, গগন চন্দ্র অধিকাৰী আৰু অচিন মোমাইদেউৰ প্রয়োজন।
তেনে এক পৰিপ্রক্ষিততেই তাহানিৰ ডেম পেহা,অচিন মোমাইদেউৰ অনুগামীয়ে সঁফুৰাত প্ৰকাশিত ‘অচিন মোমাইদেউৰ’ সকলোখিনি লিখনি একগোট কৰি এটি সংকলন আগবঢ়াইছে – নাম: অচিন মোমাইদেউৰ সঁফুৰা সম্ভাৰ, ২৪৮ পৃষ্ঠাৰ পকা-বন্ধা এই সংকলনটিৰ মূল্য ২৬০ টকা। অচিন মোমাদেউৰ লিখনীত  ব্যৱহৃত কিছুমান সহজে নুশুনা অসমীয়া জতুৱা ঠাঁচ আৰু শব্দৰ অৰ্থও কিতাপখনৰ পৰিশিষ্টত যোগ দিয়া হৈছে। প্রকাশ কৰিছে সাঁচিপাতে।
ইয়াৰ ভালেখিনি লিখনি সময়ৰ গতিত হেৰাই পৰিছিল ,আনহাতে ইয়াৰ প্রতিটো লিখনি সমকালিন সময়তো শিশুসকলৰ মনত আমোদ তথা জ্ঞান উদ্রেককাৰি ,আৰু বর্তমানৰ শিশুসাহিত্যৰ শূণ্যতাত এই কিতাবখনিক অধিক গুৰুত্ত প্রদান কৰিছে বুলি ভাব হয়।