Monday, 30 March 2015

অসমীয়া হাইকু 2 (アッサム語 俳句 )







দাবী বোৰ নো কি?
মাথো যাঁও আগুৱাই,
কাল-গর্ভত মিছিল
 ______



2



গঙ্গা তীৰত গেৰুৱা বিশ্রাম
বতাহত ঘাম শুকুৱা স্তব্ধ সময়,
হওঁ নেকি তেনে উদাসীন।


________






স্মৃতিৰ জল তৰংগ
ওপৰত নীলা চাদৰ- কুঁৱলীৰ
তলত এখন সুপ্ত চহৰ
টেহৰি ডেম :উত্তৰাখণ্ড ,এসময়ত ইয়াত এখন চহৰ আছিল







শীতত বনৰ গছজোপা যেন
ডৰ অনন্ত অপেক্ষাত পজ* ,বা
অন্ধ ও নাঙঠ, জীৱনৰ দৰে।
 

(পজ Waiting for Godot নামৰ নাটকখনৰ এটা চৰিত্র)




এন্টিক ঘড়ীৰো কাটা ঘুৰে
নাই গত্যন্তৰ কালৰ গতিৰ,দেখোঁ-
পুৰাতন আবর্জনাত নিজকে



 

Wednesday, 18 February 2015

বক্সিং পেৰাডস্ক





সৰু থাকোঁতে চিনেমা এখন ভাল নে বেয়া সেইতো আমি নির্ধাৰিত কৰিছিলোঁ চিনেমাখনত ফাইট আছে নে নাই?যিহেতু কোনো এখন চিনেমাতেই প্রথমৰ পৰা শেষলৈ ফাইট থকাটো সম্ভৱ নহয় গতিকে বেছিভাগ চিনেমা ছাঁয়েই তাত অপৰ্য্যাপ্ত পৰিমাণৰ ফাইট নথকা বাবে আমি হতাশ হৈ পৰিছিলোঁ লগৰ এজনে সদায় আপত্তি কৰিছিল ফার্ষ্টৰ পৰা লাষ্টলৈ ফাইট থকা চিনেমা এখন চাব পালে সেয়া হৈ নুঠিল ,আনকি হলীউদৰ একচন ধর্মী চিনেমা সমূহতো কাহিনীৰ দৰাৰ থকা বাবে অলপ সময় হলেও ফাইট নো্হোৱাকৈ থাকে।
পিছলৈ যেতিয়া চিনেমাৰ ৰূপ ৰস আৱিস্কাৰ কৰিবলৈ ধৰিলোঁ তেতিয়া কিন্তু বেছিভাগ একচন ধর্মী চিনেমাৰেই কিচম বিধ বেয়া পোৱা হলো। মাথো দর্শকক শিহৰণ দিয়াৰ উদ্দেশ্যেই মানুহক নৃশংস ভাবে হত্যা কৰা (ভিলেইন বা এস্ক্ট্রাই হওক বাৰু) দামী গাড়ী বা ওখ অট্টালিকাত বিস্ফোৰণ কৰি ধ্বংসস্তূপলৈ পৰীনত কৰা বেছিভাগে্‌ই কাৰণ বিহীন হিংসা মোৰ ভাল নলগা হল। গতিকে তেনে চিনেমা পাৰোঁ মানে এৰাই চলা হলো।
ঠিক তেনেদৰেই খেলৰ ওপৰত বনোৱা চিনেমা চাই ভাল পাইছিলোঁ যদিও মুষ্টিযুদ্ধক খেল হিচাপে মানি লবলৈ মই টান পাও। খেলৰ নামত হিংসা, বিদ্বেষ ,ৰক্তপাত,মৃত্যু...... নাই বহুত হল। গতিকে বস্কিঙক বিষয় বস্তু কৰি বনোৱা চিনেমাবোৰো মই তেনে ধৰণৰেই হব বুলি পাৰোঁ মানে এৰাই চলিছিলোঁ কিন্তু দুখন চিনেমাই মোৰ ভাৱধাৰাক সলনি কৰিলে।
সেই দুখন হল The Cinderella Man  আৰু Million Dollar Baby, দুয়োখন চিনেমাই দুজন তেজ মঙহৰ মুষ্টিযোদ্ধাৰ ওপৰত আছিল যদিও চিনেমা দুখন কিন্তু সাংঘাতিক ভাবে মানৱীয়
 The Cinderella Man খন এজন পাৰিবাৰিক মানুহৰ ওপৰত, ২য় মহাযুদ্ধৰ পিছত গোটেই আমেৰিকাত জাতীয় অৰ্থনৈতিক দুর্যোগৰ সময়তেই নিজৰ পৰিয়ালক কেনেকৈ এটা আত্মগৌৰৱ ঘুৰাই আনিবলৈ মানুহজনে মুষ্ঠিযুদ্ধৰ সহায় লয়। আৰু তেওঁৰ সফলতা গোটেই আমেৰিকাৰ বাবেই এটা আদৰ্শ হৈ পৰে।
আনহাতে Million Dollar Baby যদিও এজন মুষ্টিযোদ্ধাৰ জীৱনৰ বিষয়ে চিনেমা খনত কেনেকৈ ঘuছিয়াব লাগে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাই-চিনেমাখনৰ মূল শিক্ষাটোৱেই হল কেনেকৈ নিজক বছাব লাগে। নির্দেশক Clint Eastwood মানুহ জনো কেনে ভাবক,গোটেই জীৱন Western Cowboy Movie ৰ নায়ক হিচাপে থকা ভাবমুর্তিৰ বিপৰীতে তেও নির্দেশনা কৰা আটাইকেইখন চিনেমা আকৌ anti-Violence চিনেমা হিচাপেহে জনাজাত।
চিনেমাৰ সেইটোৱেই বাহাদুৰি, যদি ,যদি বনাব বিচৰা হয় তেনেহলে-প্রতিটো হিংসাৰ আৰতেই লুকাই থকা মানৱীয় প্ৰমূল্যবোধবোৰক দাঙি তুলিব পাৰি।
তেনেদৰে ভাবিব গলে মুষ্টিযোদ্ধাৰ ওপৰত নির্মিত ভাৰতীয় ছবি-মেৰি কম এখন অসফল চিনেমা যি আমাক নিৰুৎসাহ কৰিলে। চিনেমাখন মেৰীৰ জীৱনত বেছিভাগ দিশেই চুই গল যদিও মেৰী কম আৰত থকা মানুহজনীক দেখুৱাবলৈ কিছুমান প্রচলিত ক্লিছে(Cliché) ব্যৱহাৰ কৰিয়েই ক্ষান্ত থাকিল।

Saturday, 29 November 2014

অসমীয়া হাইকু:১ アッサム語 俳句



 

১.

কহুৱা @NH57,Meerut
 
 
 

ৰাজপথত কহুৱা

বিস্মৃতিৰ এটি প’ল’

ঘৰলৈ বহুদূৰ

 

২.

পখিলা@ Near Srinagar,Uttarakhand
 



লেটাৰ পৰা পখিলা।

ৰাতি বাৰিষাৰ পিছত,

ৰিক্ত মনৰ ৰূপান্তৰ।

৩.


@Ganeshguri,,Assam on 30th October on a fateful day

 

প্রচণ্ড শব্দ

সর্পিল ধোঁৱাৰ গ্রাস

স্তম্ভিত ভগৱান

 

৪.

দাপোন,@Hrishikesh
 

বিপৰীত দিশে প্রতিবিম্ব

ওলোটা; আপেক্ষিক দূৰত্বত।

অগ্রসৰ জীৱনৰ দৰে।

 

৫.

আকাশ বন্তি@ Hrishikesh
 

ওপৰলৈ চাই ৰওঁ

আকাশ বন্তি উৰি যায়

পথাৰবোৰ কেনি গল?

 

৬.

টুপি @Mousuri
 

ঠেঁটুৱৈ লগা জাৰত

একা জলি ৰ’দৰ লুকাভাকু

পিন্ধি লোৱা টুপী জীৱনৰ

 

হাইকু কি জানিবলৈ তলত ক্লিক কৰক :

১.অসমীয়া (ৱিকি সংযোগ)

২.ইংৰাজী (ৱিকি সংযোগ  )

 

 

স্থিৰ চিত্র আৰু হাইকু

Tuesday, 11 November 2014

ক্ষুদ্র গল্প ৩







ভাবিছোঁ এই গৰু ,কুকুৰ ,কল ,আটাইবোৰ পৃথিৱীৰ পৰা নোহোৱাই হৈ যাব নেকি?কণমানি বোৰে দেখোন সিঁহতক -কাওঁ,দগ,বানানা বুলিহে মাতে।
______
সাগৰ তীৰত বহি ভাবো,কত বাৰু শেষ হয় এই সাগৰ?হয়তো ভূমণ্ডলৰ সিটো পাৰে সাগৰৰ আনটো পাৰত বহি আন কোনো এজনেও ভাবি আছে একে কথা।
______
খঙবোৰ যদি ধৰি ৰাখিব পাৰিলোঁ হেতেন
হয়তো কেইটামান আণৱিক বোমৰ মালিক হলোঁহেঁতেন
_______
আলহী: ঘৰটো দেখোন বিধ্বস্ত , গৃহস্থৰ কিবা কাজিয়া লাগিছিল নেকি?
গিৰি হত :নহয় ,কণমানি ওঠৰ মাহ হৈছে ,সি নতুন-নতুন কিটিপ শিকি আছে।
_____
মাকে অনুবীক্ষণেৰে চাই বিচাৰে  কিট-পতঙ্গ, ৰসায়নবিদে পুত্রই কয় তাতোকৈ ক্ষুদ্র অনু .পৰমাণু। তাতোকৈ ক্ষুদ্র কি? পদার্থ বিজ্ঞানী দেউতাকৰ ভাৱ সম্ভৱত হিগচ বছন? কিন্তু  সৌৰ জগত, নীহাৰিকা ,হাতী-পটি তাৰ বাহিৰত কি?