১
দাবী বোৰ নো কি?
মাথো যাঁও
আগুৱাই,
কাল-গর্ভত মিছিল।
______
2
গঙ্গা তীৰত
গেৰুৱা বিশ্রাম
বতাহত ঘাম
শুকুৱা স্তব্ধ সময়,
হওঁ নেকি তেনে উদাসীন।
________
৩
স্মৃতিৰ জল তৰংগ
ওপৰত নীলা চাদৰ-
কুঁৱলীৰ
তলত এখন সুপ্ত চহৰ ।
টেহৰি ডেম
:উত্তৰাখণ্ড ,এসময়ত ইয়াত এখন চহৰ আছিল
|
৪
শীতত বনৰ গছজোপা
যেন
গ’ডৰ অনন্ত অপেক্ষাত প’জ* ,বা
অন্ধ ও নাঙঠ, জীৱনৰ দৰে।
গ’ডৰ অনন্ত অপেক্ষাত প’জ* ,বা
অন্ধ ও নাঙঠ, জীৱনৰ দৰে।
(প’জ Waiting for Godot নামৰ
নাটকখনৰ এটা চৰিত্র)
৫
এন্টিক ঘড়ীৰো
কাটা ঘুৰে
নাই গত্যন্তৰ
কালৰ গতিৰ,দেখোঁ-
পুৰাতন আবর্জনাত নিজকে
অতুলনীয় শব্দৰ খেল
ReplyDelete