Friday, 19 September 2014

পাহৰা কিতাপবোৰ




কিছুদিন আগত এটা সমাজিক জালি বন্ধনৰ (Social Networking challenge )- ভালপোৱা দহখন কিতাপৰ নাম কোৱাৰ(10 book challenge) প্রত্যাহ্বান গ্রহণ কৰিব গৈ বহু খন কিতাপৰেই নাম মনত পৰিছিল।এনে বহু কিতাপ আছিল যিখন পঢ়ি থাকোতে মই বিৰাট ভাল পাইছিলো,কেইদিনমান কিতাপখনৰ কথাই মনত কিলকিলাই আছিল কিন্তু কিছুদিন পাছত (বা অৱশেষত) মই কিতাপখনত নো কি আছিল,তাকেই পাহৰি পেলালো।মাথো কিতাপখনৰ লগত জড়িত কিছুমান অনুভৱহে আজি মনত আছে।তাৰে কেইখনমানৰ কথা লেখি উলিয়াওঁ বুলি বহিলো।
.ক্যো ভেদিজ (Henryk Sienkiewicz)কিতাপখন পঢ়িছিলো জিলা পুথিভঁৰালৰ পৰা আনি,চিকিৎসা মহাবিদ্যালয়ৰ প্রথম বার্ষিক ছাত্র হৈ থাকোতে।কিতাপখন পঢ়ি ইমানেই ভাল পাইছিলো যে মই সেই সময়ত লিখি পৰিচালনা কৰা নাটক-ঐক্যটান নামৰ নাটকখন খ্রীষ্টান আইকনাগ্রাফিৰে ভাৰাই পেলালো। কাহিনী ,গঠন আদিত নাটকখন কিতাপখনৰ লগত সম্পুর্ণ বেলেগ যদিও এই নাটকখনত সন্নিৱিষ্ট সকলো বাইবেলৰ তথ্যৰ দ্বাৰা কিতাপখনৰ দ্বাৰা অনুপ্রাণিত। আজি মই যেতিয়া ঘুৰি চাও ,মই ভাবো মই লেখা উৎকৃষ্ট সৃষ্টিকর্মটো কিজানি হব ঐক্যটান।কিন্তু ক্যো ভেদিচ ? কিতাপখনৰ বিষয়ে মোৰ একোৱেই মনত নাই।মাঠো মনত আছে কিতাপখনত নতুনকৈ খ্রৃষ্টান ধর্মলৈ ধর্মান্তৰণ হোৱা লোক সকলক ৰজাই বর্বৰ ভাবে আক্রমণ কৰিছিল ক্রুচবদ্ধ কৰিছিল।বাকি একো মনত নাই ,মাথো মনত আছে কিতাপখন পঢ়া সেই সময়বোৰ।

.অণ্বেষণ আকলুৱা হিয়া(লেখক মনত নাই) সম বয়সীয়া সকলক সুধিছো, ভষ্টক নামটো মনত আছেনে? আমাৰ দিনত (আজিকালি ভাবো এই শব্দটো ব্যৱহাৰ কৰিব পৰা বয়স আহি পৰিছে কিজানি) নামটোৰ লগত বহু আটক ধুনীয়াকৈ সজোৱা কিতাপ জড়িত হৈ আছে।তেনে এখন ভষ্টকৰ কিতাপেই হল অণ্বেষন আকলুৱা হিয়া।কিতাপখন আছিল এজন হৃদৰোগ বিভাগৰ শৈল চিকিৎসকৰ বিষয়ে বাকি একো মনত নাই। আনকি লেখক বা অনুবাদকৰ বিষয়েও একো মনত নাই ।কিতাপখন কেনেকৈ পঢ়িছিলো সেইতো কিন্তু মনত আছে ।উচ্চতৰ মাধ্যমিক পৰীক্ষা চলি আছিল আৰু বাকি সকলো পৰীক্ষা শেষ মাথো অসমীয়া বাকি আছে মানে মোৰ মনত পৰীক্ষা শেষ(অসমীয়া মই নিজৰ মতে লেখিম কিতাপ পঢ়ি মুখস্ত কৰি লেখিমনে?) কিন্তু ঘৰৰ মতে নহয়। গতিকে পঢ়া টেবুলত কিতাপৰ তলত খুলি ললোঁ বহু দিনৰ পৰা পৰি থকা কিতাপখন।পঢ়ি খুব ভাল লাগিল ।কিন্তু আজি একো মনত নাই।

.মা-(পার্ল এচ বাক আৰু মেক্ছিম গর্কীৰ)  কিজানি মই দুখন মা পঢ়িচো ,পঢ়ি ভাল পাইছো কিন্তু আজি একো মনত নাই কিতাপখনৰ বেটুপাত বাহিৰে। এখন হল মেস্কিম গর্কিৰ মা আন খন হল মুলত চীন দেশৰ আমেৰিকা নিবাসী লেখিকা পার্ল এছ বাকৰ মাদাৰ।আজি শব্দটোৰ মাদকতাটোৰ বাহিৰে একো মনত নাই।

.চিচিলিয়ান(মাৰিও পুজো) : গড ফাডাৰ পঢ়ি ,চাই ভাল পাইছিলো।মানে ঘটনাটো এনেকুৱা যে যেতিয়া গডফাদাৰ টিভিত আহিল-একো বুজি নাপালো।এনেই ইংৰাজী বুজাত দিকদাৰি তাতে ইমান লাহে লাহে ইতালিয়ান আৰু আমেৰিকান এচেন্ট লগাই লাহে লাহে(চিল্ট ফ্রী চাউন্ড) কয় কিন্তু বুজি নাপালো বা বেয়া পালো বুলি কবলৈ মই কোন?কাৰণ বেছিভাগৰ বাবে গডফাডাৰ এটা কাল্টৰ দৰে বস্তু।গতিকে কি কৰা যায়?গতিকে কিতাপখন আনি পঢ়িলো ,তেতিয়াহে ক্লিয়াৰ হল কথাবোৰ।তাৰপিছত চিনেমাখন আকৌ চালো।এইবাৰহে বুজি পালো। যিজন লগৰ লৰাৰ পৰা গডফাদাৰখন আনিছিলো সি আৰু লেখক মাৰিও পুজোৰ ভক্ত।সি কলে গডফাডাৰনো কি তই চিচিলিয়ান পঢ়।একদম বেলেগ কিতাপ।সি দিলে মই পঢ়িলো।পঢ়িলো,ভাল লাগিল কেইদিনমান আজি কিন্তু একো মনত নাই।মাঠো মনত আছে কিতাপখন চিচিলিৰ এজন ৰবিন হুদৰ নিচিনা বিদ্রোহীৰ ওপৰত বছ্।আজি গডফাডাৰৰ বহু অংশ আজিও মনত আছে ,কিন্তু চিচিলিয়ান ,কাভাৰটোও পাহৰিলো।
সেইজন বন্ধুৰ উপদেশ মতে তাৰ পৰা লৈ আৰু বহুত কিতাপ পঢ়িছিলো যেনে বেলা মাফিয়া নামৰ এখন কিতাপ, ৰবার্ট লাডলাম নামৰ লেখক এজনৰ কিতাপ কিন্তু একোৱেই মনত নাইছোন?

.ছিডনী চেলদন: কিতাপ  নহয় লেখক। এই গড ফাদাৰ আৰু চিচিলিয়ান পঢ়োৱা লগৰ জনৰ কৃপাতেই এইজনা লেখকৰ লগত পৰিচিত হৈছিলো।তেতিয়ালৈ মোৰ কিতাপ সম্পর্কে ধাৰণা আছিল ভাল কিতাপ আৰু বেয়া কিতাপ।আনকি দস্যুৰাণী বিজুলী আদিকো ভাল আৰু বেয়াৰেই ভাগ কৰিছিলো।এইজনা লেখকৰ লগত যেতিয়া মোৰ পৰিচয় কৰাই দিছিল তেতিয়া কৈছিল ক্লাছিক ,বা গ্রেইট লেখক বুলি-মই পঢ়িলো ,ভালো লাগিছিল কিজানি কাৰণ প্রতিটো পাততেই কিবা নহয় কিবা হৈ থাকে ,অলপ বোৰ লাগিলেই কিবা এটা যৌন গন্ধী গটনাই আৰু কেইতামান পাত আগুৱাই পঠিয়ই গতিকে বেয়া বুলি কব নোৱাৰি ,কিন্তু গ্রেইট ওহো ,পিছত এতিয়া ভাবি পালো এইজনা হল বেষ্ট চেলাৰৰ লেখক।আজিৰ দিনত হয়টো ভাৰতীয় মুলৰ ইংৰাজী কিতাপত তেনেকুৱা বেষ্ট চেলাৰ ভৰি পৰিছে।অসমটো দুই এজন আছে কিন্তু তেওলোকৰ বেষ্ট চেলোৰ হোৱাৰ কিতিপটো বেলগ। আজি প্রায় বিশ বছৰ পিচত যদি ই নিজকে সোধো- তেওৰ এখনো উপন্যাসৰ এটা কথাও মোৰ মনত নাই।

.ললিতা(ভ্লাডিমিৰ নবকভ):এইখনৰ আৰু বেকগ্রাউন্ডটো বেলেগ ।কিতাপখন পঢ়িবলৈ ওলাইছিলো কিবা এটা বেলেগ বিচাৰি।কাৰণ অতি কম বয়সত ,তেনে কিতাপ পঢ়িব যোৱা মন যোৱা  দিনত অসমীয়া সাহিত্যৰ বাতৰিবোৰ পঢ়ি ললিতাত কি আছে ধৰিব পাৰি সেইটো বিছাৰিহে কিতাপখন মেলিছিলো।কিন্তু সমস্যাটো হল কিতাপখন ইংৰাজীত ,আৰু সেই সময়ত ইংৰাজী সিমান ভালকৈ নোৱাৰো।তাতে টান ইংৰাজী ,বিচাৰা বস্তুটো নাপাওহে নাপাও ...এহ ,কিনো হৈছিল কিতাপখনৰ ভিতৰত একো ধৰিবই নোৱাৰিলো।
.জুলু(ৰঞ্জু হাজৰিকা) ৰঞ্জু হাজৰিকা নামটো আমাৰ শৈষবৰ লগত জড়িত হৈ আছে।কাৰোবাৰ হাতত যদি এখন ৰঞ্জু হাজৰীকাৰ কিতাপ এখন আছে তেনেহলে কিতাপখন নপঢ়ালৈ মানুহজনক তেল মৰা বন্ধ নকৰো।তাৰে বেছিভাগেই আজি মনত নাই আফচোছো নাই।কেইখনমান মনত আছে যেনে এটা দ্বীপ সাতটা কবৰ।এখন মহ এটাৰ ওপৰত কিতাপ আছিল পঢ়ি ভালো লাগিছিল কিন্তু আজি একো মনত নাই ...।

 আৰু বহুত কিতাপেই পুৰা পাহৰিছো ,আফচোচ নাই কিন্তু উক্ত কিতাপ কেইখনৰ স্মৃতি ভাল ,পঢ়া কথাটো মনটো আছে কিন্তু বাকি একো মনত নাই। বহু কিতাপৰ নাম মনলৈ আহে ,কিন্তু সেইবিলাকৰ শ্রেণী বিভাজন বেলেগ,যেনে পঢ়িব নোৱাৰা ক্লাচিক ,বুজি নোপোৱা কিতাপ , দুর্বোধ্য কিতাপ সেয়ে সিহতক আজি নেলিখো ,পিছত সময় পালে লেখিম দিয়ক।কিবা কব লগিয়া আছে যদি জনাবছোন।

Saturday, 12 July 2014

ফিৰিঙতি ২: ভৱেন্দ্র নাথ শইকীয়া




হয়টো কৈশোৰ অৱস্থা শেষ হোৱাৰ আগতে সকলোৰে মনত এটা বিদ্রোহী ভাব আহে।এই ভাবটো মনলৈ অহাৰ আগতে এজন শিশুৰ মনত ভাব এইটোৱেই থাকে যে অভিভাৱকে যি কৈছে সিয়েই সঁচা।তেনে এটা সন্দেহবাদী ভাব মনত অহাৰ আগতেই মানুহজনৰ কথা মোৰ অভিভাৱকে কৈছিল তেখেতে কৰিছে যেতিয়া ভাল হবসেয়া আশীৰ দশকৰ প্রথম ভাগৰ কথা।নতুনকৈ গুৱাহাটীলৈ আহিছো আৰু সমাজ বা পৃথিৱী সম্পর্কে একো পুর্ৱ ধাৰণা নাই।যি নতুন শিকিছো ঘৰৰ আবহাৱাৰ পৰা শিকিলো। এদিন এখন কিতাপৰ দোকানত এখন নতুন শিশু আলোচনী দেখি মাই সম্পাদকৰ নামটো দেখি এইখন আমাৰ বাবে ভাল হব বুলি কিনি আনিছিল।তাৰ পিছৰে পৰা কমেও এটা দশকলৈ মানে সেই বিদ্রোহী অবস্থাটো পোৱালৈ সেই শিশু আলোচনী খন আমাৰ  জীৱনলে উৎসাহৰ উৎস আছিল।
ইয়াৰ বাহিৰেও তেতিয়া আমি ৰেডিঅ শুনিছিলো-দেও বাৰৰ নাটকখনলৈ বৰ উৎসাহেৰে ৰখি আছিলো।তাৰ বাহিৰে একো মনত নাই( কাৰণ বেছিভাগ সময়তে নাটকলৈ ৰখি ৰখি শুই পৰিছিলো)।
ই্য়াৰ বাহিৰে কাৎচিত কেতিয়াবা চিনেমা চাব ওলাইছিলো। কিন্তু চিনেমাতকৈ বেছি চোৱা মনত আছে ভ্রাম্যমাণৰ নাটক।
পিছত ডাঙৰ হোৱাৰ পিছত শিশু আলোচনী খনৰ লগত প্রান্তিকো পঢ়িব ললোঁ ,গুৱাহাটীত শঙ্কৰদেৱ কলাক্ষেত্র হল চাই বৰ ভাল লাগিল।
গল্প উপন্যাস পঢ়াৰ স্বভাবো হল পঢ়োতে ভাব হৈছিল অসমীয়া গল্পত মনটোক বাহিৰলৈ লৈ যোৱাৰ একো বস্তুৱেই নাই।তেনেতে এখন গল্প পুঠি পঢ়িলো –‘এই বন্দৰৰ আবেলি
তাত গল্পৰ আকাৰ প্রকাৰ আৰু পটভুমি সম্পুর্ণ ফৰেণ-মানে আমি বিছাৰি থকা বাহিৰৰ জীৱন ,বাহিৰৰ চিন্তা ,বিচাৰ ভঙ্গী ইত্যাদি ইত্যাদি।
অলপ ডাঙৰ হলো ,বিদ্রোহী হলো ,তাৰপিছত আকৌ বিদ্রোহ পৰিহাৰ কৰি যিমান পাৰো  ৰিতি নীতি মানি চলিব ধৰি মন কৰিলো এই শৈষৱৰ মই জনক আজিৰ মই কৰি তোলোতে ওপৰৰ শিশু আলোচনীখন (সঁফুৰা),প্রান্তিক ,ৰেডিঅৰ নাটক, ভ্রাম্যমাণৰ নাটক ,কলাক্ষেত্রৰ পৰিকল্পনা ,অসমীয়া কথাছবি আদিয়ে এক যঠেষ্ট ডাঙৰ প্রভাৱ ৰাখিছে আৰু ওপৰত উল্লেখ কৰা বেছিভাগৰেই আঁৰত আছে এজন মানুহৰ চিন্তাচর্চা আৰু কঠোৰ পৰিশ্রম।
ময়েহে নে আমাৰ প্রজন্মৰ বহুজনৰে সেই একে অবস্থা।
বহু কম অসমীয়া লেখকে ৰক ষ্টাৰ ষ্টেটাচ পায়।কাৰণ অসমীয়াৰ পঢ়া সংস্কৃতিটো বৰ দুখলগা ।কিন্তু এই মানুহজনৰ স্তৰ তথাকথিত ৰকষ্টাৰ ষ্টেটাচকৈও অলপ ওপৰত আছিল।উদাহৰণ স্বৰুপে তেখেতৰ এখন হাতে অঁকা প্রতিছ্ছবি আমাৰ লগৰ এজনৰ কোঠালিত আৰি থোৱা আছিল ঠিক যেনেকৈ আমাৰ যুগত মাইকেল জেকচনৰ পষ্টাৰ অৰা হৈছিল তেনেদৰে।দুই এজন বাৰু তেঁওৰ বিষয়ে অজ্ঞ আছিল সেইটো বলেগ কথা (তেতিয়াও এতিয়াও,সেইটো বাৰু আমাৰ জাতীয় গুণ গতিকে তাৰ  বিষয়ে আলোচনা নৰাই ভাল)
আজি মই নিজকে এটা ক্ষেত্রত ভাগ্যবান বুলি ভাবো কিয়নো মই সেই মানুহজনক দুই তিনিবাৰ মান লগ পাইছো। এবাৰ দুবাৰ নাটক কৰোতে তেওঁক মাতিবলৈ গৈছিলো ,এবাৰ আমাৰ সংস্থা আৰোহীৰ নতুন বছৰৰ শুভেচ্চা পত্রৰে তেওঁক নতুন বছৰৰ ওলগ জনাবলৈ গৈছিলো।মোক কি কৰি আছা বুলি সোধাত যেতিয়া কলো মেডিকেল চুড়ান্ত বর্ষত-তেই কৈছিল অ তাৰমানে তোমাৰ বেয়া দিন আহিল।কথা পাতোতে ইমানেই সাধাৰণ ভাবে পাতে যে এইজন মানুহেই যে সেইজন ৰকষ্টাৰ তেনে অলপো নালাগিল।

আৰু কেইবছৰমান গল বহু বেয়া দিন গল ,দুই এটা ভাল দিনো গল ,তেনেতে সংবাদ মাধ্যমৰ যোগেৰে(মূলত: বাতৰি কাকত) তেওঁৰ ভগ্ন স্ব্যাস্থ্যৰ কথা আমাৰ সকলোৰে অৱগত হব ধৰিলে।সেইখিনি সময়ত সেইপিনেই প্রাইভেট প্রেকটিচ নামৰ বেয়া বস্তুটো কৰিব লগাত পৰিছিল। এদিন ক্লিনিকৰ পৰা আহি থাকোতে দেখিলো তেওঁৰ ঘৰৰ পিনৰ বাটত মানুহ জমা হবলৈ আৰম্ভ হৈছে।কি কাৰণত হব সেয়া ধৰিব  পাৰিলো।
সেয়ে ময়ো মটৰ চাইকেল ৰখাই আগবাঢ়িলো।
হয়টো তেতিয়ালৈ খবৰটো সকলোৱে গম পোৱা নাছিল বাবে ভিড় বৰ এটা বেছি হোৱা নাছিল মই তেখেতৰ ঘৰলৈ আগবাঢ়িলো
তেওঁৰ নশ্বৰ দেহাটো পৰি আছিল।  
সেইদিনা এক বৰ শূন্যতা অনুভব কৰিছিলো।কাৰণ আমাৰ জানি অহা বেছিভাগ প্রগতিশীল অসমীয়া বস্তুৰেই গুৰি ধৰোতা আছিল এইমানুহজন ।সেই শূন্যতা পূৰণ হৱনে? আমাৰ জাতিটো পাহৰা অকৃতজ্ঞ স্বভাৱটো লৈ চিন্তিত হৈছিলো।
তাৰপিছত ব্যক্তিগত কাৰণত মই গুৱাহাটী এৰিলো যে এৰিলোৱেই ।
তেওঁৰ মৃত্যুত মোৰ মনলৈ অহা উত্তৰটো পালো তাৰ বহুবছৰ পিছত ।২০১১ নে ১২ চন হব নেকি,এবাৰ গুৱাহাটীলৈ আহোতে বাতৰি কাকতত এটা সৰু বিজ্ঞাপন দেখিলো-তেখেতৰ পুণ্যতিথি উপলক্ষে গুৱাহাটীৰ চিগাল গোষ্ঠীয়ে তেখেতৰ গল্প আকাশৰ নাট্যৰুপ দিব।
হাতত সময় আছিল বাবে নির্দিষ্ট সময়ত গৈ ৰবীন্দ্র ভৱনত উপস্থিত হলো সেই মানুহজনৰ সৃষ্টিকর্মৰ সোৱাদ লবলৈ।
বছঁ ,কিছু সময়ৰ ভিতৰতেই তলে উপৰে সকলোতে মানুহ থাই খাই পৰিল।তাৰ মানে কিজানি আমি তেখেতক পাহৰা নাই,অন্তত: এতিয়ালৈ ।

আজি মৃত্যুৰ এঘাৰ বছৰ পিছত মানুহজনৰ সৃষ্টিকর্ম যেতিয়া পুনৰ বাৰ পঢ়িবলৈ লৈ তেওঁৰ কর্মৰাজীত মানবীয় গুণ সমুহ মন কৰিব ধৰিলো।অলপ অচৰপ লেখা মেলা কৰিবও চেষ্টা মাজে মাজে কৰো যদিও কেতিয়াও লিখা মেলা ক্ষেত্রত তেওঁৰ লেখনিৰ আশে যোৱাৰো মৰসাহ কৰা নাই।
ওপৰৰ কথাখিনিটো হয়েই ,তাৰোপৰি তেখেতৰ কিছুমান সৃষ্টিকর্মই সমাজ ব্যৱস্থাত এনে এক কিছুমান সফল প্রভাব আনিছে তেনে অন্য দৃষ্টান্ত কিজানি খুব কম  আছে।

এতিয়া ঘুৰি চাই নিজকে সুধিছো তেওঁ কি দিলে মোক?
তেওঁৰ এখন নাটকত(দীনবন্ধু) এজন সত কেৰাণীক যেতিয়া এজন যুবকে পইছা যাচি  দুর্নিতীৰ ওপৰতেই পৃথিৱীখন ছলি আছে বুলি কোৱাত মানুহজনে এইখিনি উত্তৰ দিছিল
সৎ কেৰাণী ঐ মৰি যাম ,স্বর্গলৈ যাম ,এই পৃথিৱীৰ মানুহৰ আগত নহলেও কোনোবা ঈশ্বৰৰ সমুখত মই বুকু ফিন্দাই ঠিয় হব পাৰিম সেইবোৰ কথাত মই বিশ্বাস নকৰো।কিন্তু মোৰ দুজনী ছোৱালী আছে:সিহত মোৰ কাৰণে ঈশ্বৰ। সিহঁত মোৰ কাৰণে জীৱনৰ আদালত।সিহতৰ আগত বুকু পোন কৰি ৰাখি মৰি যাব খোঁজো।ঘোচ নাখাও বুলি শপত খাই সিহতৰ মাকক মৰি যাবলৈ দিব পাৰিলো।এতিয়া তেওঁৰ জিয়েকৰ আগত মই মৰিব নোৱাৰো।এইটো অফিচত মোৰ তলৰ মানুহ কোনোবাখিনি পালেগৈ।মোৰ প্রমোচন নহল।অবাধ্য,অভ্দ্র,গোৱাৰ,নির্দয় অমানৱীয় কাৰণে।গতিকে পৃথিৱীখন কেনেকৈ চলি আছে তোমাতকৈ মই কম জানোনে?
ব্যক্তিগত ভাবে মই জীৱনত বহুবাৰ নৈতিকতা বা অনৈতিক কি তাক লৈ মানসিক কষ্ট পাইছো।আৰু প্রতিবাৰে প্রলোভনৰ সময়ত কিবা এটা জনা বুজা অনৈতিক কাম কৰিব খুজিলেও নাটকখনত সেই কেৰাণী জনৰ মুখেৰে উলিওৱা উক্ত কথাই মোক ধৰি ৰাখে।
আজি ভাল মানুহ হব পাৰিলো নে নাই মই কব নোৱাৰো কিন্তু ভাল মানুহ হোৱাৰ আহ:ৰহ চেষ্টাৰ মেৰুদন্দৰ মজ্জা কিন্তু মানুহজনে ঠিয় কৰাইছে।
মোৰ দৰেই হয়টো বহুজন অসমীয়াৰেই  জীৱনৰ বুনিয়াদত তেওঁ প্রক্ষেপ কৰা এটা দুটা ফিৰিঙতি নিশ্চয় পৰিছে।
 ভৱেন্দ্র নাথ শইকীয়া চাৰৰ ছৱিখনৰ চিত্রকৰ:মোহন কৃষ্ণ বুঢ়াগোহাঞি(অনুমতিৰ বাবে ধন্যবেদেৰে)
 

Tuesday, 8 July 2014

ফিৰিঙতি ১:পাই খুড়া




আমি কিজানি এটা সৌভাগ্যবান প্রজন্ম।কাৰণ আগৰ শতিকাৰ জীৱন শৈলিনো কেনে আছিল আমি ভালকৈ দেখি আহিছো।হয়টো যোৱা শতিকাৰ নবৈৰ দহকৰ পৰা জীৱন নির্বাহৰ প্রতিটো প্রনালী দ্রুত ভাবে সলনি হবলৈ ধৰিলে।টিভি আহিল ,লগতে আইল কেবল,ডিচ,ফম ,মেট্র, মল ,মাল্টিপ্লেক্স,মোবাইল ,ইন্টাৰনেট ,ফ্লেট।ইমানবোৰ বস্তু একেলগে আহি জীৱন নির্বাহৰ সকলো পুর্ব ধাৰণাই সলনি কৰি দিলে।আমি ভাগ্যবান যে আমি সেই জীৱন যাপন কৰি আহিছো।আমাৰ বেছিভাগেই তাৰবাবে গৌৰবন্নিত।অ কেইজনমানে এনে আছে যি বর্তমানৰ দ্রুত ভোগবাদী জীৱন ধাৰাত ইমান মদমত্ত হৈ আছে যে কবই নোৱাৰে আমি কোন ,কি কৰিব আহিছো।
যি কি নহওক যিহেতু শৈষবত আমাৰ হাতত সময় আছিল গতিকে কল্পনা বিলাসৰ বাবেও ঠাই আছিল।সেয়ে কিতাপ আছিল সকলোৰে বাবে এই কল্পনা বিলাসৰ প্রধান আহিলা।এতিয়া কথা হল কিতাপ সকলো শিশুৰ বাবে নহয়।অসম মুলুকতটো শিশুৰ বাবে উপযোগী কিতাপৰ বাৰুকৈয়ে অভাৱ।
সেই সময়তে এজন মানুহে গোতেই ভাৰতৰেই শিশু সকলৰ এই অভাব পুৰন কৰিবলৈ আহিছিল এজন মানুহ।
অনন্ত পাই  
এজন মানুহৰ সপোন আৰু আগ্রহে কেনেকৈ বহুকেইটা প্রজন্মক উৎসাহিত কৰিব পাৰি পাই খুড়া তাৰ জলন্ত উদাহৰণ।অকল মোৰেই নহয় আমাৰ সমসাময়িক প্রায় দুটা প্রজন্মৰ বেছি ভাগৰেই ভাৰতৰ ইতিহাস ,দর্শন ,ধর্ম এই সকলোবোৰৰ বিষয়ে যিমান জ্ঞান আছে বেছিভাগৰ উৎস তেওৰ মানস পুত্র অমৰ চিত্র কথাৰ পৰা।
কেইদিন মান আগৰ পৰা মই আকৌ অমৰ চিত্র কথাৰ কিছুমান পুনৰ পঢ়িবলৈ লৈছো,সৰুতে সেইবোৰ পঢ়ি অভিভূত হৈছিলো তাৰ কাহিনী আৰু ছবিসমুহ চাই।এতিয়া আকৌ এবাৰ সেইবোৰ পঢ়ি অভিভূত হৈছো সেইবোৰৰ কলাত্মক দিশ,কাহিনীৰ কথন ভঙ্গী আৰু ছবি সমুহৰ আৰত থকা গভিৰ গবেষনাবোৰ মন কৰি।
সকলোবোৰৰ আৰম্ভণি হৈছিল এটা সৰু ঘটনাৰ ফিৰিঙতিৰ পৰা।
৬০ৰ দহকত তেও কাম কৰি আছিল আগশাৰিৰ বাতৰি কাকত টাইমচ অব ইন্ডিয়াত।সেই সংক্রান্তত দুৰদর্শনে পতা এটা কুইজ প্রতিযোগিতাত তেও গৈ মন কৰিলে যে ভাৰতীয় কিশোৰ কিশোৰী সকলৰ বিদেশৰ বিষয়ে যিমান সাধাৰন জ্ঞাণ আছে তাতকৈ নিজৰ দেশখনৰ বিষয়েই বহুত কম জ্ঞাণ আছে।
সেই ফিৰঙতিয়েই এটা আৰম্ভণি
মানুহজনে চাকৰি বাদ দি নিজৰ সপোনটোক বাস্তৱত প্রতিপন্ন কৰিবলৈ লাগি গল।বহু প্রকাশকৰ পৰা নাকচ হোৱাৰ পিছত নিজেই আৰম্ভ কৰিলে অমৰ চিত্র কথা।
তাৰ পিছৰ খিনি ইতিহাস
অমৰ চিত্র কথা ,টিংকল আৰু তাৰ চৰিত্রবোৰ প্রায় চাৰিটা দহক যুৰি প্রতিজন ভাৰতীয় কিশোৰৰ লগৰী হৈ পৰিল।
আজিও বহুসংখ্যক কিশোৰ কিশোৰীয়ে তাৰ সোৱাদ লোৱা দেখা যায়।
আৰু যে তেও অকল ভাৰতৰ এটা ক্ষেত্রৰ বাবেই কথা ভাবিলেই সেয়া নহয় ,অসমৰ লাচিত বৰফুকন ,জয়মতী,শংকৰদেৱ অমৰ চিত্র কথাত স্থান পাইছিল তাৰ লগতে ৰসৰাজৰ কিছুমান ধেমেলীয়া গল্পও টিংকলত দেখিব পাইছিলো।আৰু সেইবোৰতো ছবিৰ পিছপিনৰ প্রাকৃতিক দৃশ্য ,মানুহৰ গাৰ গঠন,পোচাক আদিটো গৱেষণা পৰিলক্ষিত হয়।আনহাতে সেই সময়ৰ বেছিভাগ ৰাষ্ট্রীয় পর্য্যায়ৰ মনোৰঞ্জনত উত্তৰ পুৱ হয় অবহেলিত নহলে বিকৃত ভাবে দেখুওৱা হৈছিল।ই যে অকল অসমবাসীৰ আমাৰ ইতিহাসৰ লগত পৰিচিত কৰি তেনে নঁহয় ,সর্বভাৰতীয় পর্য্যায়ত আমাৰ জাতীয় বীৰ সমুহক উপস্থাপন কৰাটো সহায় নিশ্চয় কৰিছে।
মই বর্তমান উত্তৰ প্রদেশৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ত কাম কৰো আৰু ইয়াৰ ছাত্রাবাস এটাৰ নাম হল লাচিত বৰফুকন ছাত্রাবাস।আৰু ইয়াৰ উপাচার্য্যৰ কার্য্যালয়ত ভাৰতীয় নেতা আৰু বীৰ সকলৰ নাম আৰু ছবি আছে তাত লাচিত বৰফুকনো এজন।
এইবোৰত সেই এজন মানু্হে হাজাৰ হাজাৰ কিশোৰৰ বাবে দেখা সপোনৰ ফল নহয়নো কি ?
আৰু সকলো সম্ভৱ হৈছিল এটা সাধাৰণ ফিৰিঙতিৰ পৰা।     
সচাই এনেকুৱা ফিৰঙতিক আমি দিনে অবহেলা কৰি আছো!

Monday, 9 June 2014

উন্মুক্ত চিন্তা:ক





চিনাকী চহৰৰ চিনাকি সুবাস
আজি নাই ।
কি আছে ?
সকলোৱেইটো সলনি হৈ গল।
ইমান সোনকালে
নে সময় বহু হল?

কব ভাল
বিদ্রোহী হৈ যাম
হাতত বন্দুক লম       
সলনি কৰি দিম দুনিয়া
 সময়ৰ পিছত সকলো অর্থহীন হৈ পৰে
তেনেহলে মনৰ কথা কম নে নকম?

এই যে বকুল,তগৰৰ উপমা পাও
নহলে শৰতৰ আকাশৰ ,আহিনৰ কঁহুৱাৰ
গান আৰু কবিতাত
লিখনিত
সিহঁতক শেষ কত বা দেখিছিলো?
আৰু দেখি উঠি একাত্ম হোৱাৰটো যুগৰো বেছি হল।
আমি বাৰু হৈছিলো একাত্ম কাহানিবা
লৰাটো হব নে তেনে সৌভাগ্য।
তাতোকৈ ডাঙৰ কথা সি বাৰু তাক সৌভাগ্য বুলি মানিবনে?

বস্তুটো বৰ আচহুৱা
কিহৰ বাবে হৈ আছে নাজানো
কিন্তু হব নিশ্চয়
মোৰ কিন্তু সেই একেখন পৃথিৱীতেই থাকিব মন
একেখন পৃথিৱীকেই এৰি যাব মন
কিন্তু নিশ্চিত নির্ঘাত এই পৰিবর্তন।


 
কি বাৰু আহে প্রথমে
সুৰ নে কথা
কি বাৰু  গায় মনত
 সেই পাহৰি যোৱাৰ গানৰ।



অলসতাৰ বাবে এটা দিন
কোনো কৰিবলে নাই
একো ভাবিবলে নাই
হাতত এপিয়লা চাহ, সমুখত অনন্ত দিগন্ত
তাৰ কোলাত টোপনি।
সাৰ পাই কোমল সতেজ ধৰণী।