Sunday, 1 December 2013

ক্ষুদ্র গল্প ১




নিজৰ চৌহদতেই খোজ কাঢ়োতে চকিদাৰে ধৰে 'কৰ মানুহ কলৈ যাৱ? আগদিনা খন গাড়ীৰে আহিছিলো সি চালাম দি কৈছিল 'সুপ্রভাত মহাশয়'।
___________


আন্দোলনৰ গতি লেহেমীয়া,পুৱাৰ পৰা সিহঁতে আছে হামিয়াই হিকঁতিয়াইআহিল টিভি
চেনেলবোৰ-নৈশ বাতৰি   মুখ্য খৱৰ আন্দোলনত উত্তাল ধৰণী 
___________

নাচিব নাজানো ,নৃত্য শিক্ষকে কলে ভৰিৰে ভাও দিয়া মোহৰা ধুম্রদন্ডিকা ,দুয়ু হাতেৰে দিয়া ভাও গামোচাৰে পিথি মচাৰ হৈ গল নাচ
________________
ইউ পিৰ ইউ টার্ণত মোৰ বাহনক খালে চুমা, পিচত গালি চিগনেল দিব নোৱাৰা? কলো ইন্দিকেটৰ জলিআছে চোন,উত্তৰ তোৰ হাত খন নাই নেকি?
_______________
সান্ধ্য ভ্রমণৰ সমস্যা :আগতে ভয় শিক্ষক পাও বুলি বাটত ,আজিকালি ভয় চাত্র,ছাত্রী পাও নেকি বাটত
_____________
সময় ধৰি ৰখা মেচিনটো চলাই বাহিৰলৈ চাই আছিলো।এজন আহিল, মোলৈ চাই কলে বা: কি সুন্দৰ চিত্রকর্ম !
_______________
গোমোঠা বৰবাবুক কামটোৰ বাবে অনুৰোধ তিনিমাহ ধৰি।আজি মোক দেখিয়েই ভেকাহি কি লাগে? কলো নিষ্ঠুৰ জীৱনৰ সংগ্রামত বিচাৰো মৰমৰ মাত এষাৰ
______________


লা গুৰু মানে ব্লেক কাও সৰুতে শুনা। দুখ লাগিছিল,আজি বাতৰিত পালো ৬০% ইংৰাজ ন প্রজন্মই নাজানে হেমলেতৰ ৰচক কোন বেয়া কথা কিন্তু ভাল লাগিল।
________

ভৱাওটো এটা কাম ,যদি পালো হয় এটা চাকৰি ভবাৰ কৰণে আৰু মাহলি ৬টা অঙ্কৰ দৰমহা!
_____________
টিভি ধাৰবাহিক চাই,বাতৰি পঢ়ি ভাবো মানুহবোৰ ইমান বেয়া।আজি হঠাতে মনত পৰিল ময়োতো মানুহ !

Tuesday, 5 November 2013

তোমাৰেই এই বসুধা,তুমিয়েই চলোৱা





কবিতাৰ প্রতি আগ্রহ বস্তুটোই অলপ ওলোটা ধর্মী (paradoxicl)দৈনন্দিন জীৱনত সাধাৰণ জনতাৰ ওচৰত কবিতাৰ প্রসঙ্গ উলিয়াওক,বেছিভাগ মানুহেই সেইটো আলোচনা এৰাই চলিব বিচাৰিব
অলপ বেছি হল নেকি?
তেলিয়া কথা বন্ধ কৰ
বেলগক বাদ দিয়ক মই নিজেই যেতিয়া কাৰোবাৰ মুখত সাধাৰণ অবস্থাত  অহৈতুক কবিতা কবিতা যেন লগা কথা শুনো ,বিশেষকৈ টি্ভি চিৰিয়েলত প্রেমৰ বচনত কিবা এটা লাজ লগাৰ দৰে হয়।নিশ্ছয় প্রশ্ন হব সর্বসাধাৰণৰ মাজত (যিসকলৰ সাহিত্য প্রীতি কম) বর্তমান যুগত কবিতাৰ অস্তিত্তই নাই?
ঠিক সেইতোও নহয় ।যিকোনো মানুহেই কবিতাৰ অস্তিত্ত উপলব্ধি কৰে  নির্জনতাৰ পৰত,সেই বিষয়টো বুজিব পৰা বন্ধুৰ লগত।তেনেহলে সমগ্র জনগনে কেতিয়া কবিৰ কথা গুণ গুণাই ?
মোৰ মতে অস্থিৰতাৰ পৰত: যেতিয়াই আবহাৱাৰ ইফাল সিফাল হয় তেতিয়াই কবিৰ কন্ঠ জনতাৰ কন্ঠ হৈ পৰে।
যেনে অসম আন্দোলনৰ ভৰপক সময়ত কবিতাৰ লগত দূৰ দুৰলৈ সম্পর্ক নথকা সকলেও চিয়ৰিছিল দেশ বুলিলে নেলাগে আদেশহলে বা মৃত্যুওটো এটা শিল্প
পাবলো নেৰুদা বা আন কবি সকলৰো সামুহিক জনপ্রিয়তাৰ আৰত সেই সময়ৰ আস্থিৰতা এটা মুল কাৰণ বুলি ধৰিব পাৰি।
অথবা আমেৰিকাৰ ভিয়েটনাম আক্রমণে আৰম্ভ কৰা সাংগীতিক আন্দোলনে বব ডিলানৰ কবিতা কবিতা লগা গান বোৰৰ জনপ্রিয়তাৰ আন এটা শিখৰ পাইছিলগৈ।
হাজাৰ বিজাৰ জনতাই একদৰে ভাবে মাথো এটা সময়ত যেতিয়া এক সামুহিক সমস্যাই তেওলোকক শংকিত কৰি তোলে।সাম্যবস্থাত কিন্তু মানুহ জাতিটোৰ স্বার্থপৰতাই এনে এটা স্থৰ পাইগৈ যে কবিতা কি মানৱতাৰ বাবেও মানুহৰ সময় নাথাকে।ধৰি আন মাৰি খাঁও এই নিতি লৈয়েই সকলোৱে আগবাঢ়ে।মানুহৰ এই স্বভাবটোক উদঙাই দিয়া শিল্পকর্ম  বহু ।তাৰে ভিতৰত ভবেন্দ্র নাথ শইকীয়া চাৰৰ নাটক নিলকন্থ বা ৰিট্টিক ঘটকৰ মেঘে থকা তৰাই মোক চুই গৈছিল।কিন্তু আজিকালি কবিতাত সমাজ ব্যবস্থাৰ বিষয়ে পষ্টমর্তেম খুব কম দেখ যায়।
মানুহৰ চৰিত্রক নিৰিক্ষন কৰা তেনে এটা উৎকৃষ্ট গানে প্রায়েই মোৰ কাণত গুণগুনাই আছিল।কবি চাহিৰ লুধিয়ানৱি ,মানুহ জনৰ জীৱন বিখ্যাত কবি আমৃতা প্রিতমৰ লগত তেওৰ প্রেম আতাইবোৰ ঘটনা কিবা উপণ্যাস উপন্যাস লগা ।
 যিখন ছবিত গানটো ব্যবহৃত হৈছিল সেইখন ছবিৰ নির্দেশক ,অভিনেতা গুৰুদ্ত্তৰ জীৱন কাহিনীও এনেকুৱা যে তাক যিকোনো শ্বেক্চপিয়েৰৰ বিয়োগান্তক নাটকতকৈ কম নহয়।  
ছবিখন প্যাচা
গানটো –‘য়ে দুনিয়া অগৰ মিল ভি জায়ে টো ক্যা হায়।
স্বার্থপৰতা,হিংসা আদিৰে ভৰা সমাজখনৰ মুখা খুলি উলি্‌ওৱা এটা কবিতা,সুন্দৰ সংগীত ,কন্ঠ, শিল্প সুলভ কেমেৰা  ,গুৰুদত্তৰ কৰুণ মুখ সকলো মিলি এক ক্লাছিক।
সেই সময়ৰ অস্থিৰতাক ধৰি ৰখা বাবে গানটো তেতিয়াটো জনপ্রিয় হৈছিলেই ইমান বছৰে সমাজৰ দশা বুজাবলৈ এতিবাও গানটো ব্যবহাৰ কৰা হয়
কি হল নাজানো বহুদিনৰ পৰা মনটোত টুকুৰীয়াই থকা গীতটোৰ ভাষাক বুজিবলৈয়েই মই অসমীয়ালৈ অনুবাদ কৰি পেলালো :
কথা এনে ধৰণৰ

এই অট্টালিকা,শেতেলী, খিতাপৰ বসুধা
এয়া মানুহৰ শত্রু সমাজৰ বসুধা
এয়া বৈভৱৰ ভোকত সংস্কাৰৰ বসুধা
এই বসুধা যদিও পাওঁ তথাপিওনো কি?
এই বসুধা যদিও পাওঁ তথাপিওনো কি?

প্রতিটো দেহ আহত ,প্রতি আত্মা তৃষ্ণার্ত।
চাওনিত বিভ্রান্তি, উদাস অন্তৰ
এইখন বসুধা নে স্বার্থসিন্ধিৰ ব্রম্হান্ড 
এই বসুধা যদিও পাওঁ তথাপিওনো কি?
এই বসুধা যদিও পাওঁ তথাপিওনো কি?

মানুহৰ হাততেই মানুহ পুতলা
এয়া বসতি নে মৃত হাতুৰীৰ বসতি
ইয়াত জীৱনতকৈ মৃত্যু সস্তা
এই বসুধা যদিও পাওঁ তথাপিওনো কি?
এই বসুধা যদিও পাওঁ তথাপিওনো কি?

যৌৱনত যাত্রা স্ত্রীগমনৰ বাটত
নবযৌৱনৰ সাজোন পৈণ্যৰ বজাৰৰ
প্রেম হৈ পৰে সামগ্রী বেপাৰ
এই বসুধা যদিও পাওঁ তথাপিওনো কি?
এই বসুধা যদিও পাওঁ তথাপিওনো কি?


এই পৃথিৱী যত মানুহ মুল্যহীন
অনুগত্য একো নাই,বন্ধুত্ত একো নাই
যত প্রেম হৈ পৰে  মুল্যহীন
এই বসুধা যদিও পাওঁ তথাপিওনো কি?
এই বসুধা যদিও পাওঁ তথাপিওনো কি?

জ্বলাই দিয়া জ্বলাই দিয়া
জ্বলাই দিয়া ফুৱাই এই বসুধা
জ্বলাই দিয়া জ্বলাই দিয়া
জ্বলাই দিয়া ফুৱাই এই বসুধা
মোৰ সমুখৰ পৰা গুছোৱা এই পৃথিৱী
তোমাৰেই এই বসুধা,তুমিয়েই চলোৱা
এই বসুধা যদিও পাওঁ তথাপিওনো কি?
এই বসুধা যদিও পাওঁ তথাপিওনো কি?

এতিয়া কথা হল আজিকালি এনে বিষয়বস্তুৰ কবিতা ,গাণ নোলায় কিয়? তাৰ উত্তৰ এনে ধৰণৰ হব পাৰে:
১.বর্তমান সমাজব্যবস্থাৰ উন্নতি হৈছে (কিজানি হৈছেও কিন্তু কিন্তু ইমানো উন্নতি হোৱা নাই ,তাক অনুধাবন কৰিবলৈ ওপৰৰ গীততি আকৌ এবাৰ পঢ়ক ,গম পাব তাৰ প্রতিটো শব্দ আজিও নির্মম ভাবে সত্য)
২.আছলতে এনে লিখনি ওলায়েই আছে বর্তমান সময়ত পঢ়ুৱৈৰ অভাব (মানি লব নোৱাৰো কাৰণ কিতাপ ,গান ওলোৱা বন্ধটো হোৱা নাই।
৩.প্রতিভাৰ অভাব(হব পাৰে চাহিৰ লুধিয়ানভিৰ  দৰে কবি কম আছে ,কিন্তু তেনে বিসয় বস্তুৰ ওপৰত লিখিব পৰা দক্ষ গীতিকাৰ/কবি আজিও আছে
তেনেহলে কি নাই ?
জনগনৰ নাই মাথো আত্মবিশ্লেষন আৰু আত্ম শুদ্ধিৰ প্রতি আগ্রহ।চাৰিওপিনে উপভোগ কৰিবলৈ ইমান ভোগৰ সামগ্রী
সকলো ভোগত মদমত্ত
কবি কবিতা আৰু পাঠক সকলতো জনগনৰেই এজন!
গতিকে এই শাসনহীন অবস্থাত সকলোকে চলোৱাজনক কি বুলি অনুৰোধ কৰিম?




Wednesday, 28 August 2013

বর্ণ বিভ্রান্তি বেমাৰৰ ঔষধ




মই অসমীয়াতে ভাবো ,আৰু মাজে সময়ে লিখোও।কিন্তু লৰালিৰ কিছুমান বেপৰোৱা স্বভাবৰ বাবে বানান বহু ভুল হয়।তাৰ পিচত ইংৰাজী শিকিলো ,অসমৰ বাহিৰলৈ আহি চাকৰি কৰাৰ পিচত সকলো দৈনন্দিন ব্যবহাৰিক কামত ইংৰাজীত লিখিব  লগা হয় (মানে কমম্পিউতাৰত টাইপ কৰিব লাগে) ।ইংৰাজীটো একেই অবস্থা।কিন্তু ইংৰাজী ভাষাত এটা সুবিধা আছে ,সেয়া হল মহাপুৰুষ বিল গেইটছ আৰু তেওৰ সহযোগী সকলৰ কৃপাত নিগণিৰ সহায়ত (মানে mouse) ভূল বানানটোত সোওটীয়া টেপা (right click) মাৰিলেই হল :শুদ্ধ শব্দটিৰ বানান কি, অর্থটো কি, প্রতিশব্দ কি চব ওলাই পৰে। যিখিনি ভাষাজ্ঞাণ আছিল বিল গেইটৰ সহায়ৰ বাবে তাকো শেষ হল। মই বর্ণাশুদ্ধিৰ ক্ষেত্রত হাজাৰটা বেমাৰ লৈও(বহুতো মণোৰগবিশেষজ্ঞ বন্ধুৰ মতে মই clear cut case of dyslexia,বহুবাৰ নিজৰ নামটোকে ভুলকৈ লিখো দুয়ুটা ভাষাত)।অথাপিও অলপ অচৰপ নাম কৰিব পাৰিছো কেইজন মান বন্ধুৰ  নিৰন্তৰ সহায়ৰ বাবেহে ,নহলেটো কেতিয়াবাই কাহিনী শেষ হল হেতেন। 
শেহতীয়াকৈ যোৱা কেইটা বছৰত অসমীয়া ভাষাৰ চার্চাও কম্পি্টাৰত সম্ভৱ হৈছে ,যঠেষ্ত সংখ্যক লোকে ভাষাটোত চর্চা কৰা আৰম্ভ কৰিছে সেইটো এটা সুখৱৰ। আনকি প্রকৃত বানান, প্রতিশব্দ জানিবলৈও  কাৰিকৰিভাবে বহু কাম আগবাঢ়িছে ।এই ক্ষেত্রত xobdo.org  এ লোৱা ভুমিকা সচাকৈয়ে প্রশংশনিয়।কিন্তু এতিয়ালৈ বানানৰ ক্ষেত্রত আমি কাৰিকৰি ভাবে বৰ এটা আগ বঢ়া নাই : ভাবি চাওকচোন টাইপ কৰিলো নিৰ ,সোহটিয়া টেপা মাৰি গম পালো বানানটো হব লাগে নীৰ (মানে পানী) আৰু যদি বাসস্থান বুজাব খুজিছো তেতিয়া হলে হব লাগে নীড়(মানে বাসস্থান) ।বর্তমান যুগত ভাষাটোৰ চর্চা আৰু প্রসাৰৰ বাবে ই অতি জৰুৰী।আশাকৰো যি সকলে এই দিশত কাম কৰি আছে তেওলোকে সোনকালেই এনে কিচুমান কাৰিকৰি সফলতা লাভ কৰি এই দিশত উল্লেখজোগ্য বৰঙণী আগ বঢ়াব।আনহাতে এনেকুৱা কামবোৰ সামুহিক সহযোগিতাৰ দৰকাৰ হয় ।গতিকে অসমীয়া কথা বতৰা আদিৰ দৰে সফল দলবোৰে  যত বহু সংখ্যক উচ্চমানৰ অক্লান্ত কর্মি আছে এই দিশত কাম কৰিব পাৰে। ভাষা এটাৰ বুনিয়াদ হল তাৰ ব্যাকৰণ ।যি মলুকত ভাষা এটা শুদ্ধকৈ কব পৰা ,লিখিব পঢ়াই দাঙৰ কথা সেই মুলুকত আৰু ব্যাকৰণৰ কথা কত আহে? সেয়া দুখৰ কথা ।কিন্তু সকলো দুখৰ কথাতেই কিছুমান সুখৰ কথাও লুকাই থাকে ।যেনে যিসকল লোকে এই বিষয়ত কাম কৰিব লাগে তেওলোকে নকৰাৰ বাবে অনেক সংখ্যক নৱ প্রজন্মই দায়িত্তটো নিজৰ হাতত লৈছে নানা ধৰনৰ সমুহিয়া প্রচেষ্টাৰ জৰিয়তে।ষেনে  xahitya.org  ,আন আন সকল। যদি এনেকুৱা ভাষা জ্ঞাণ বিষয়ত  নতুন প্রকল্প কিচুমান লোৱা হয় তেনেহলে ভাল হয় ।
উদাহৰণ স্বৰুপে ধৰক তাত এটা ভাগ সচিত্র ভাষা জ্ঞাণ (পিচলৈ বাৰু Audio visual| ৰ কথাও ভাবিব পাৰি) ।এই সময়হিন পৃথিৱীত নত্ব বিধি পঢ়ি মুখস্ত কৰি ভাষা ব্যাকৰণ শিকিব বা শিকাব যোৱাটো এটা কষ্টসাধ্য কাম।তেনেস্থলত আমাৰ হাতত যঠেষ্ত সংখ্যক ভাল চিত্রশিল্পী আছে ।তেওলোকৰ সহায়েৰে  যদি তলত উল্লেখিত ধৰণৰ আকর্শনীয় ছবিৰে ভাষাজ্ঞাণ প্রচাৰ হয় ,আৰু সামাজিক জালিবন্ধনৰ (social networking) যোগেৰে যদি ৰাইজে সেইবোৰ ছৱিৰ প্রচাৰ কৰে নব প্রজন্মটো বাদেই মোৰ নিচিনা বর্ণ বিভ্রান্তিৰ বিকাৰগ্রস্থ চেমি আদহিয়া লোকো সকলো তাৰ দ্বাৰা লাভবান হব। 
 

বিদ্র : উক্ত কথাখিনিটো ভুল আছে ।এনে ভুল হোৱা উচিৎ নহয় ।সেইবাবেই এনে সামুহিক প্রকল্পৰ দৰকাৰ
:-)