কল্পনা , লোক শ্ৰুতি আৰু প্ৰকৃত ইতিহাস মাজৰ ৰেখাডাল অতি ক্ষীণ - সেয়ে দায়বদ্ধতা হিচাপে প্ৰকৃত ইতিহাস আৰু লোক শ্ৰুতি ৰ চৰিত্ৰবোৰ ইয়াতে উল্লেখ কৰাতো দৰকাৰ৷ মাৰীচ এক কল্প সাহিত্য- ইতিহাস নহয়৷ যদিও ইতিহাস আৰু লোককথাৰ বহু চৰিত্ৰ, সামাজিক পৰিস্থিতিয়ে উপন্যাসত ভূমুকি মাৰিছে মাৰীচৰ মূল ঘটনা ভাগ কল্পনাপ্ৰসূত৷
উপন্যাসৰ সচাঁ ঐতিহাসিক চৰিত্ৰ সমূহ হল- মহাৰাজ বিম্বিসাৰ , অজাতশত্ৰু , বৈশালীৰ যুৱৰাজদ্বয় -হ’ল- বিহল; কৌশলৰ ৰজা প্ৰসেনজিত , বৈশালীৰ নগৰবধু -অম্ৰপালী আৰু পটভূমিৰ পৰিমণ্ডল ত ঘুৰি ফুৰা কাপিল বস্তুৰ যুৱৰাজ সিদ্ধাৰ্থ যি কালক্ৰমত গৌতম বুদ্ধৰ নামেৰে জানাজাত হ’লগৈ ৷ বেছিভাগ কথা কালৰ গৰ্ভত হেৰাই পৰিছিল –৷ কিন্তু ১৮৩০ চনত জেমছ প্ৰিন্চেপ নামৰ এজন ইংৰাজ পণ্ডিতে ভাৰতৰ ভিন্ন থাইৰ শিলালিপিবোৰৰ অক্ষৰ গাঁথনি উদ্ধাৰ কৰিব সক্ষম হল ৷ তাৰপিচতে এলেক্সেণ্ডাৰ কানিংহাম নামৰ এজন নৃতত্ববিদে সাঁচি, সাৰনাথ, বুদ্ধগয়াৰ আদিত ধ্বংসস্তূপত পৰিণত হোৱা কৃত স্তম্ভ সমূহত মহজনপদৰ হেৰুৱা কাহিনীক পুনৰ উদ্ধাৰ কৰোতেই উন্মোচিত হ’ল অশোক আৰু বুদ্ধৰ যুগৰ নানা পাহৰা কথা৷
কিছুমান কথা লোক শ্ৰুতিৰ চলি আহাৰ দৰেই লেখা হৈছে -যেনে পাটৰাণীৰ সপোন, অজাতশত্ৰু জন্ম পিতৃ হত্যা আদি৷ আনহাতে মহাজন পদৰ গাঁথনি, সেই সময়ত মানুহৰ কেৱলীয়া শ্ৰৱণ হোৱাৰ হাবিয়াস, নগৰবধুৰ অম্ৰপালীৰ ৰুপৰ চৰ্চা আদিৰ কথা পঢ়ি , শুনি সেই সময়ৰ পট চিত্ৰ মনত বহু আগৰে পৰা ভাহি আছিল৷ কৰ্মসূত্ৰত বহু বছৰ এই মহাজন পদৰ ভৌগলিক পটভূমি সমূহত নিবাস আৰু বিচৰণ কৰি শিলাখণ্ড বোৰ চাক্ষুষ দৰ্শনৰ সময়ত উপন্যাসৰ চৰিত্ৰসমূহে মনত বাস্তৱৰ চৰিত্ৰে দৰে ঘুৰি ফুৰিব ধৰিছিল৷ কিন্তু কোনো উপন্যাস লেখাৰ ধৃষ্ট সপোন কেতিয়াও দেখা নাছিলোঁ৷ পৰিকল্পনা আছিল এটা অতি চুটি গল্প ১২০০ৰ পৰা ১৫০০ শব্দৰ ভিতৰত ৷ সেই পৰিকল্পনাৰেই আৰম্ভ কৰা হ’ল মাৰীচ – কিন্তু অজানিতে মাৰিচৰ মায়াৰ প্ৰকোপ আৰু ‘প্ৰকাশ’ৰ সম্পাদক মণ্ডলীৰ উত্সাহত ই সঁচাকৈয়ে এখন উপন্যাস হব ধৰিলে৷ পাঠকৰ সহৃদয়তাৰ বাবে অশেষ কৃতজ্ঞতা সকলোকে জনালোঁ৷


