গ্ৰন্থৰ বতৰ আৰম্ভ হোৱাৰ লগে-লগে লেখক সকলে নিজৰ গ্ৰন্থ সমূহৰ পখা খবৰ পাঠকৰ সমুখত দাঙি ধৰা আৰম্ভ কৰিছে৷ বাতৰি কাকত আৰু ছ’চিয়েল মিডিয়াত গ্ৰন্থ উন্মোচনৰ খবৰো সঘনাই আহিব ধৰিছে৷আৰু তাকে লৈ খৰ্গহস্ত ৰাইজে (trolls) কূচ-কাৱাজ কৰাও আৰম্ভ কৰি দিছে৷ গ্ৰন্থ প্ৰকাশৰ সময়ত মধ্যম বাটৰ লেখক সকলে কি কৰিব লাগে তাক লৈ সদায় বিবুধিত! গ্ৰন্থ এখন প্ৰকাশৰ সময়ত কোনটো পথ ল’ব লাগে সি এটা কষ্টকৰ সিদ্ধান্ত৷
তেনে এক সময়তে ২০০৯ ত প্ৰথম গ্ৰন্থ যাত্ৰা প্ৰকাশৰ সময়ত হোৱা ঘটনাৰাজী মনত পৰি আছে৷
২০০৯ চনত প্ৰথম গ্ৰন্থ যাত্ৰা প্ৰকাশৰ সময়ত কথাতো বন্ধু এজনৰ লগত আলোচনা কৰিছিলোঁ, সি পেচাত চিত্ৰনিৰ্মাতা বিশুদ্ধ সৃষ্টিশীলতাত (purity of art form) ইমানেই সোমাই পৰিল যে সি চিনেমাই বনোৱা বাদ দিলে৷
সি কৈছিল
: চা, তই কিতাপ এখন লিখিলি, ডিজাইন আদি কৰি দিলি, প্ৰিন্ট হৈ ওলাল তাৰ পিছত ই এটা পণ্য হৈ পৰিল ৷ তোৰ কাম তাতে শেষ ৷ কিন্তু যিহেতু একমাত্ৰ তোৰ নামটো তাৰ লগত জৰিত, ঠিক চাবোন তেল সেইবোৰৰ দৰে৷ এতিয়া ই বিক্ৰী কৰাৰ কাৰণে যি কৰিব লগীয়া হয় তই তাক কৰিব লাগিব৷ ইয়াক লৈ কোনো if and but নাই ৷
তাৰ কথাটো পচন্দ নহল, গ্ৰন্থ যদিও পণ্য গ্ৰন্থ গ্ৰন্থই ৷৷৷৷আনহাতে তেতিয়ালৈ মন কৰি অ’হা ইংৰাজী গ্ৰন্থত Book promotion গ্ৰন্থ প্ৰকাশৰ এটা অপৰিহৰ্য্য অঙ্গ! আনহাতে অসমীয়া গ্ৰন্থৰ প্ৰচাৰৰ বাবে গ্ৰন্থ উন্মোচনৰ খবৰ , ৰিভিউ আৰু এতিয়া ছ’চিয়েল মিডিয়াত অকমান হৈ চৈ বাহিৰে আন একো নাই৷
: তই চিনেমা বনালেও তেনে কৰিবি নে?
: সেইকাৰণে তো মই কেতিয়াও নিজৰ চিনেমা নবনাওঁ৷
সিদ্ধান্ততো টান আছিল৷ তথাপিও প্ৰসিদ্ধ গল্পকাৰ দেৱব্ৰত দাসৰ recommendation ত কমল কুমাৰ মেধি আৰু বৰ্ণালী বৰগোহাঞিৰ উদ্যোগত দহটা বছৰৰ গল্পবোৰ প্ৰকাশ হৈ ওলাব সাজু হৈ উঠিল৷ আৰু প্ৰশ্ন হল -গ্ৰন্থ উন্মোচন কেতিয়া আৰু কাৰ দ্বাৰা কৰা হব?
মই গ্ৰন্থ উন্মোচন কাৰবাৰতো লগত অলপ সন্দিহান আছিলোঁ কমল মেধিক জনালো৷
: সেতো কথা নহয়, আপনি বাহিৰোত থাকে, মানুহখিনি আপনাৰ লেখা পহচ্চি যদিও দেখা সাক্ষাত নাই
(মই তাৰে আগৰ চাৰি বছৰৰ পৰা ডেৰাডুন বাসী৷ তাৰ আগতেও চিকিত্সা বিজ্ঞানৰ দুই দশকৰ ছাত্ৰ আছিলোঁ কাৰণে সম বয়সীয়া লেখক সকলৰ লগত চা-চিনাকি নাছিল)
সেই কাৰনে উন্মোচন হবা লাগে , প্ৰেছ ক্লাব বুক কৰিম , নিমকি লাল চাহ খুৱাম , খৰচ বেছি নহয় নহয় ৷
কমল মেধিয়ে আগ্ৰহেৰে বুজাইছিলে ৷
যথা দিনৰ দুদিন মান আগত ডেৰাডুনৰ পৰা চুটি লৈ আহি ওলালোঁ গুৱাহাটী৷
ঠিক আছে কৰা যাওক উন্মোচন ৷ কাক মাতিম ?
দেৱব্ৰত দাস অসমৰ বাহিৰত, আৰু মই এজনেই অগ্ৰজ লেখকক চিনি পাও!
কমলে এজন প্ৰতিস্থিত অগ্ৰজ গল্পকাৰৰ নাম ল’লে ৷ গল্পকাৰ হিচাপে অতি উচ্চস্থৰৰ ৷ একো একোটা গল্প এটা-এটা মাইলৰ খুটি৷
ঠিক আছে ,
কিতাপ চপা আৰু বন্ধা হৈ গল , যাত্ৰা বৰ সুন্দৰকৈ ছপা হৈ ওলাল৷ পাত মেলোততেহে মুৰ ঘুৰাই গল৷ সোপা সোপাই বানান ভুল৷ বানান আৰু হাতৰ আখৰ লৈ মোৰ সমস্যা বহু দিনীয়া ৷ লগৰ মনোৰোগ বিশেষজ্ঞৰ মতে clear cut case of dyslexia ! তাতে ডেৰাডুনত বহি ফাইন প্ৰিন্টত প্ৰুফ চোৱা তোত আসোঁৱাহ ৰৈ গল৷ এটা কপি লৈ গৈ পালো অগ্ৰজ উন্মোচকজনৰ অনুমতি আৰু আমন্ত্ৰণৰ বাবে ৷
বহিব দিলে , গ্ৰন্থখন মেলিয়েই বৰ্ণাশুদ্ধিৰ সমস্যাবোৰ দেখি এটা চিনিকেল হাঁহিৰে সুধিলে
: আ আজিকালি গ্ৰন্থ উন্মোচনো কৰিব লগীয়া হল নেকি? মইতো কেতিয়াও কোনো গ্ৰন্থ উন্মোচন কৰি পোৱা নাই৷
: হয় চাৰ, আপুনি আহিব বুলি বৰ আশা কৰি আছো, অনুমতি দিব বুলি ধৰি লৈছোঁ, পৰহি, প্ৰেছ ক্লাবত, আমন্ত্রণ পত্ৰত নামতো দি চপাব দিওঁনে?
অনুমতি দিলে
দিনতো আহিল , মোৰ সম বয়সীয়া বহু লেখক সাংবাদিকক মই সেইদিনাই প্ৰথম বাৰৰ বাবে লগ পাইছিলোঁ যদিও , যিহেতু প্ৰথম উত্তেজনা আৰু অত্যন্ত ব্যস্ততাৰ বাবে কাৰো লগতেই দীঘলীয়া কথা পতা সম্ভৱ নহ’ল৷ উন্মোচক গল্পকাৰৰ লগতে আন বহু অগ্ৰজজ্যেষ্ঠ যেনে নিৰুপমা বৰগোহাঞি বাইদেউ, কমলেশ্বৰ বৰা দেৱ আদিও এবাৰ মাতোঁতে আগ্ৰহেৰে আহি মৰম আৰু আৰ্শীবাদ দি গল ৷
যাত্ৰাৰ উন্মোচন হল , প্ৰেছৰ বন্ধু সকলে ফটো ল’লে ৷ কেজনমানে (লাল!)চাহ নিমকি বিলাই আছিল আৰু তেতিয়াই উন্মোচকৰ বক্তৃতা আৰম্ভ হল গ্ৰন্থখনৰ প্ৰথম কেইটা মান পৃষ্টাতেই কিমানতা বানান ভুল আছে তাক লৈ তেও ভাষণ আৰম্ভ কৰিলে আৰু কান গৰম হোৱা আৰম্ভ হ’ব ধৰিলে৷ তাৰ পিছত গ্ৰন্থৰ কিয় উন্মোচন হব লাগে তাৰ যুক্তিযুক্ততাক লৈ সন্দেহ প্ৰকাশ কৰি তেওঁৰ কথা আগ বাঢ়িল,
উন্মোচকে এশ শতাংশ সচা কথা কৈছিল৷গ্ৰন্থ এখন নিত্যান্তই যদি ভাল হয় কেতিয়াবা নহয় কেতিয়াবা পঢ়ুৱৈৰ লগত সংযোগ স্থাপন কৰিবই৷তাৰ পৰিপন্থী বহু কথাও সচা ৷
তাৰ পিছত কি কলে কি হল আৰু মনত নাই৷
মিটিং শেষ হল ,বহুজনে উল্লাসিত হৈ হাত মিলালে৷ কিতাপ খনৰ চেহেৰাতোত অভিনৱতা দেখি৷ মই বহুদেৰি ধৰিবই পৰা নাছিলো হলনো কি?
তাৰ পিচত আন এখন গ্ৰন্থ উন্মোচনী আৰম্ভ হল -উন্মোচক শ্ৰী হীৰেন গোহাঁই ডাঙৰীয়া ৷ লেখক-সাংবাদিক সকলে কাষৰ কেন্টখনত চাহ খাই আদ্দা দিব ধৰিলে , ঘৰৰ আৰু চুবুৰীয়া শুভাকাংক্ষী সমূহ গ’লগৈ , মই প্ৰেছ ক্লাবৰ কোণত বহি হিৰেণ গোহাঁইৰ পৰবৰ্তী গ্ৰন্থখনৰ উন্মোচনী ভাষণ শুনিব বহি গলো৷ মানুহবোৰে চাহ খাই শব্দ কৰি আছিল যে মাজে-মাজে তেও কৈ আছিল -ক্ষে মন দি শুনক মন দি শুনক ৷ কিন্তু মন দি শুনিবলৈ মনোযোগ কাইৰোৱেই নাছিল৷
বিদ্ৰ:
পঢ়ুৱৈৰ বহু মৰম পালো যাত্ৰাৰ পৰা, এতিয়াও পাই আছো , আচৰিত ভাবে বানানৰ কথা কোনো নুলিয়ালে ,২০১৬ ত বানান সমূহ শুধৰাই ২য় প্ৰকাশো হল , এতিয়া কিজানি আউট আপ প্ৰিন্ট, তথাপিও আখৰ প্ৰকাশত খবৰ এটা কৰি চাব পাৰে৷
২য় প্ৰকাশ সিংহদ্বাৰৰ উন্মোচন আৰু প্ৰচাৰ প্ৰলভতাৰে কৰিলো , আন দুখন গ্ৰন্থ বিৱৰ্তন আৰু সত্যনুসন্ধান আনুস্থানিকতা নোহোৱাকৈয়ে হল কিন্তু মুল প্ৰশ্নৰ dichotomy একেই হৈ আছে
See insights
No comments:
Post a Comment