Monday, 25 December 2017

সত্যানুসন্ধান: ছয়খন নাটকৰ সংকলন



নতুন সংকলন সত্যানুসন্ধান
কিয় এখন নতুন সংকলন ?

ইতিমধ্যেই আমি উত্তৰ-সত্য (post truth) যুগত পদার্পণ কৰিছো।
নাটকতো ভিন্ন শৈলীৰ পৰিবেশন কলাই ভুমুকি মাৰি উত্তৰ-সত্য যূগ এটাই উকমুকাইছে।
লিখিত শব্দৰ গুৰত্ব অৱনমিত হল নেকি?
সেয়ে জৰুৰি হৈ পৰে সত্যানতুসন্ধানৰ এই দষ্টাবেজ
৩খন পূর্ণাঙ্গ নাট,
এখন একাঙ্কিকা নাট.
বাটৰনাট
আৰু শিশু নাটকৰ সংকলন সত্যানুসন্ধান

 নাটক সাহিত্যৰ অংশ 
সাহিত্য জীৱনৰ অংশ 
জীৱনৰ অণ্বেশন সত্যানুসন্ধান 


লিখিত সৰহ সংখ্যক নাটকেই ১৯৯৫ চনৰ পৰা ২০০৬ চনলৈ অসমৰ ভিন্ন স্থানত পৰিবেশিত আৰু সমাদৃত
নাটক ভালপোৱা,নাট্যকর্মী, দর্শকৰ লগতে আগ্রহী সাধাৰণ পাঠকেও পঢ়ি মতামত (ভাল বেয়া) দিলে ধণ্য হম
বেটুপাত :উদ্দীপ তালুকদাৰ
পৃষ্ঠা: ২০৮
প্রকাশক:ভার্গৱী প্রকাশন
মূল্য:১৮০
পৰিবেশক:বান্ধৱ ,পাণবজাৰ ,গুৱাহাটী, অসম

Friday, 20 October 2017

কামোৰ :-ঘৰত ভাল ন?





জনা সকলে জানে যে মই মানুহজন অলপ কামোৰ। বাকি যি নহওক মোৰ ইচ্ছাকৃত মুদ্ৰাদোষ কিছুমানে বন্ধুসকলক মাজে সময়ে যথেস্ট কামোৰ দি থাকিছিল। কলেজত পঢ়া কালত এটা মুদ্ৰা দোষ আছিল লগৰ বোৰক কৈ থাকো –“বিয়া খন পাতা আৰু”।আমি অৱশ্যে বুঢ়া কাললৈয়েই পঢ়িছিলোঁ,আৰু এম ডি পঢ়ি থকা কালত বেছিভাগ নহ’লেও বহুতো বন্ধু  বান্ধবী বিবাহিত আছিল।কেতিয়াবা ভুলতে সিঁহতকো কৈ পেলাইছিলোঁ-বিয়াখন পাতা আৰু।
এই যে ‘কামোৰ’ নামৰ অপশব্দতো (slang) চকুৰ আগতেই অসমীয়া ভাষাত সোমাইছিল। এই বাবে কৱ পাৰোঁ কাৰণ ১৯৮৯ চন মানৰ পৰা অসমীয়া ভাষাত ব্যৱহৃত বেছিভাগ অপশব্দৰ (slang!) ব্যৱহৃতজ্ঞান আহৰণ কৰিছিলোঁ।ঠিক তেনেতে দুটা সামাজিক ভাবে ব্যৱহাৰ কৰিব পৰা অপশব্দ ই আমাক আকর্ষিত কৰিব ধৰিলে ।
এটা – “কামোৰ”
আনতো “কাটি  খোৱা”
বাক্য ৰচনা এনেধৰণৰ হব:-এই ৰিটায়ার্ড বুঢ়া জনে তেওঁলোকৰ দিনৰ কথা কৈ মষ্ট কামোৰ দি আছিল –আৰু   আমি কোনোমতে কাটি খালো।
কোমোৰ বোৰৰ পৰা কাটি খাই খাই নিজে কেতিয়া কামোৰ হৈ পৰিলোঁ গমেই নাপাওঁতে কামোৰবোৰ বুমেৰাঙ হব ধৰিলে।
২০১০ মানলৈ লগৰ অধিকাংশই গ্রাহস্থ্ ধর্মত দীক্ষাল’লে ।মই দাঙ-বৰলা ।কিন্তু কামোৰ দিয়া মুদ্ৰাদোষটো আছেই ,গতিকে লগৰ কাৰোবাক যদি ভুলতে মুদ্ৰাদোষৰ কামোৰ দিও  -“বিয়াখন পাতা আৰু”
লগা লগ সিঁহতৰ ৰকেট লাঞ্চাৰ,গ্রনেড বোৰ আহি মোৰ পদুলিতেই পৰা হল।
দেখিলো যে কথা ভীষণ।
সেয়ে মই টেকটিক সলনি কৰিলোঁ:-
বিয়া খন পাতা আৰু বন্ধ কৰি সোধা আৰম্ভ কৰিলোঁ –“বাকি ঘৰত ভাল ন?”
এনেই এটা কামোৰ প্রশ্ন নহয় , কিন্তু একে লগে দুঘন্টা বহি থাকিলে যদি মাজে মাজে সোধা যায় –বাকি ঘৰত ভাল ন? তেতিয়া হলে উত্তৰ দিয়া জনে কামোৰ অনুভব কৰে।
তেনেকৈ তিনিদিন একে লগে লগ পাইছোঁ,প্রথম দিনা খন উত্তৰ দিলে দ্বিতীয় দিনাখন উত্তৰ দিলে –কিন্তু তৃতীয় দিনাখন যেতিয়া মই অভ্যাসবসত সোধোঁ –বাকি ঘৰত ভাল ন? উত্তৰ দিয়া জনৰ মাথা গৰম হৈ যায় আৰু মই মানুহতো কামোৰ হৈ পৰো।
কিন্তু এতিয়াও পাব্লিক একনলেজমেন্ট পোৱা নাই কাৰণ মোৰ আশে পাশে অসমীয়াত কথা পতা মানুহ নায়েই... , যি পাতো ঘৰতেই...
আজি ৰবিবাৰ। ঘৰত পাচলি নাই। গাড়ীখন লৈ ওলালোঁ। লৰাই গোটেই ঘৰটোত গৃহযুদ্ধৰ সৃষ্টি কৰি আছিল বাবে তাকো লগত ল’লো। চিট বে’ল্ট বান্ধি থলো যাতে জঁপিওৱা জপিওৱি নকৰে।
অভ্যাস শত তাকো সুধি পেলালোঁ –“বাকি ঘৰত ভাল ন?”
সি লগা লগ ৰঙা চকুৰে গালি দিলে
“দেটা ...ঘৰত বুলি কিয় সুধিছা ।আমি এতিয়া বাহিৰত আছো , গাড়ীত ভাল বুলি সোধা ।”
মই মনে মনে থাকিলোঁ।
সি আকৌ গালি দিবলৈ আৰম্ভ কৰিলে ...মই বোলো ভাই ,ভুল হল ,তোমাৰ গাড়ীত ভাল ন?
“হু ভাল ।” উত্তৰ আহিল

Wednesday, 22 March 2017

মানপত্র মুনীন বৰকটকী সাহিত্য বঁটা,২০১৬


বটাঁ


মানপত্র


 

 

মানপত্র

মুনীন বৰকটী সাহিত্য বঁটা,২০১৬
ডা ভাস্কৰ ঠাকুৰীয়া

প্রিয়বৰেষু
সু-সাহিত্যিক, সমালোচক, সাংবাদিক মুনীন বৰকটকী (১৯১৫-৯৩) ৰ পবিত্র
স্মৃতিত স্থাপিত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰ পৰা ২০১৬ বর্ষৰ
মুনীন বৰকটকী সাহিত্য বটা আপোনাৰ সিংহদ্বাৰ শীর্ষক উপন্যাসৰ বাবে
আপোনালৈ আগবঢ়াবলৈ পাই আমি আনন্দিত।
আমাৰ সাহিত্যত নতুন পোহৰসন্ধানী সাহিত্য সৃষ্টিৰ প্রতিশ্রুতি বহন কৰিছে
আপোনাৰ-সিংহদ্বাৰ এ।প্রচলিত ধাৰণাৰ পৰা আঁতৰি নতুন আংগিক-প্রকৃতিৰে
গঢ় দি কাহিনীকক সম্ভৱনাময়  নেৰেটিভ কৰাৰ প্রয়াস হিচাপে সিংহদ্বাৰ
ব্যতিক্রম।অন্তর্মুখী যাত্রিকৰ এক আপোচবিহীন অভিব্যক্তি এই উপন্যাস। সৃষ্টি
স্বাধীন,লেখক মাথোঁ চাৰোগেট মাতৃ ধাৰণাতদৃহভাবে বিশ্বাসী আপুনি। চিত্র উপন্যাসৰ কিছু উপাদান সংযোজন,চিহ্ণাত্মক পৰিবেশনৰ মাজেৰে আপুনি উপন্যাসখনক অন্য এক আয়তন দান কৰিছে।উত্তৰ আধুনিক উপন্যাসৰ বহুবোৰ
লক্ষণেৰে সমৃদ্ধ আপোনাৰ উপন্যাসৰ কাহিনীভাগৰ কথা আয়োজনত বিভিন্ন অসোঁৱাহ চকুত পৰিলেও এই বৌদ্ধিক প্রচেষ্টা নি:সন্দেহে প্রশংসনীয়।
২০১৬ বর্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা বিজেতা হিচাপে আপোনাক আমাৰ আন্তৰিক অভিনন্দন যাচিলোঁ।আশকৰোঁ আপোনাৰ সাহিত্য সাধনা
ধাৰাবাহিক,গভিৰতৰ আৰু দায়িত্বশীল কৰাত পুৰস্কাৰটিয়ে কিঞ্চিৎ হলেও
অনুপ্রৰণা যোগাব। আন্তৰিক প্রীতি আৰু শুভকামনাৰে
মুনীন বৰকটকী ন্যাসৰ হৈ

ৰেনুকাদেৱী বৰকটকী
পঞ্চবটী,গোপিনাথ বৰদলৈ পথ
শিলপুখুৰী, গুৱাহাটী-৭৮১০০৩
২৭ ফাগুন,১৯৩৮ শকাব্দ (১১ মার্চ,২০১৭ খ্রীষ্টাব্দ)



Tuesday, 8 November 2016

সিংহদ্বাৰলৈ মুনীন বৰকটকী বটা ২০১৬



১ নভেম্বৰ ,২০১৬ তাৰিখে বিভিন্ন বাতৰি কাকতত এই সন্দৰ্ভত বাতৰি প্রকাশ







Saturday, 17 September 2016

সিংহদ্বাৰৰ পৰ্য্যালোচনা দৈনিক অসম ,১৬/০৯/২০১৬


লেখকৰ অসমীয়া উপন্যাস সিংহদ্বাৰৰ পৰ্য্যালোচনা :বিশ্বজ্যোতি চাংকাকতি ,দৈনিক অসম ,১৬/০৯/২০১৬

"..ভাস্কৰ ঠাকুৰীয়াৰ অপুর্ব সৃষ্টি “সিংহদ্বাৰ” ..
...লেখকে সম্পুর্ণ অগতানুগতিকভাবে ৰচনা কৰা উপন্যাস এই ‘সিংহদ্বাৰ’। সম্পুর্ণৰূপে ৰহস্যৰ মকৰাজাল মেলি লেখকে উপন্যাসখন ৰচনা কৰিছে যদিও এই উপন্যাসখন কিন্তু ৰহস্য কাহিনী নহয়।..সেয়ে এই উপন্যাসখন ‘ছিৰিয়াছ’ পাঠকৰ বাবেহে উপযোগী বুলি কব পাৰি..কাৰণ উপন্যাসখন পঢ়িলে যেতিয়ালৈকে নিজেই এটা চৰিত্র হৈ পৰা নাযায় তেতিয়ালৈ উপন্যাসখন কাৰো বোধগম্য নহব...সঁচা কথা কবলৈ গলে উপন্যাসৰ কাহিনী বুজি বিজিও শেষত বুজিব নোৱাৰা ধৰণৰ।জিলাপীৰ পাকৰ দৰে পথৰ মাজত পথ হেৰুৱাই পুণৰ আগৰ স্থানত উপনীত হৈ পদযাত্রী বিভ্রান্ত হৈ পৰে ঠিক তেনদৰেই এই উপন্যাসৰ কাহিনীয়েও পাঠকক কলৈ নিয়ে কোৱা টান..এই অগতানুগতিক উপন্যাসখনে ‘ছিৰিয়াছ’ পাঠকক ভিন্নধর্মী স্বাদ দিব বুলি আমি নিশ্চিত। "





Tuesday, 30 August 2016

দৈনিক জনমভূমিত সিংহদ্বাৰৰ



দৈনিক জনমভূমিত সিংহদ্বাৰৰ ওপৰত আলোকপাত ,২৭/০৮/২০১৬ 

ঠাকুৰীয়াৰ গল্পবোৰ যে ‘অভিভূত কৰিব পৰা’  আৰু  ‘আনন্দদায়ক’ সেই কথা জনাৰ উপৰিও আৰু এটা কথা জানিবলৈ পাও যে তেও ‘নতুন গঢ়পিত দিব খুজিছে’; সেয়ে প্রশ্ন উথ্থাপন হৈছে ‘পাঠক সাজুনে’ বুলি।সদ্য প্রকাশিত ‘সিংহদ্বাৰ’তো পাঠকে নতুনত্বৰ সোৱাদ পাব। ...গল্পবোৰ যদিও স্বাধীন এইবোৰ কিন্তু সমান্তৰাল কথন শৈলীৰ উদাহৰণ।সেই চৰিত্রসমুহৰ ঘাত-প্রতিঘাতক একেদাল সূতাৰে বান্ধি প্রস্তুত কৰা হৈছে সিংহদ্বাৰ।