Thursday, 11 September 2025

কুকুৰ

যোৱা চাৰি পাচ বছৰৰ পৰা কুকুৰ কিছুমানক লৈ চুটি গল্প এটা লিখাৰ কথা ভাবি আছিলোঁ ৫০০ -৯০০ শব্দৰ ৷ 

ইমান কম শব্দৰ ভিতৰত চুটি গল্প লিখাতো অতি কঠিন কাম৷  ২০২০ চনত এটা লিখিলোঁ বেলেগ এটি মেটাফৰ লৈ --- কোনোৱে বুজি নাপালে কাৰো লগত কানেক্ট কিজানি কৰিব নোৱাৰিলে আনহাতে বছৰত এটা গল্পৰ লিখিলেও যোৱা দহ বছৰত মই মন কৰিছো গল্পবোৰৰ দীঘল হবলৈ ধৰিছিল৷ 

উপন্যাস লিখাৰ সময় মোৰ নাই  দিনটোত ১২- ১৪ ঘন্টা কাম কৰো ভিন্ন বিষয়ত ভাৰতৰ চুকে কোনে হাজাৰটা পেচা গত কামত যথেষ্ট চাপ লৈ ঘুৰিবও লগা হয় বাবে উপন্যাস লিখাৰ কল্পনা কৰাও ভুল মই যানো গতিকে উপন্যাসৰ কল্পনাৰ পৰা দূৰতে থাকো ৷ সিংহদ্বাৰ নামৰ এখন উপন্যাস এখন মোৰ নামৰ লগত জৰিত হয় যদিও ই আচলতে  ১৫ বছৰীয়া পৰীক্ষামূলক গল্প প্ৰকল্পৰ সমাহাৰ৷ 

২০০২ মানত উপন্যাস লিখাৰ কথা ভাবিছিলোঁ যদিও -কেতিয়াও ইমান দীঘলীয়া সময়ৰ বাবে পৰম্পৰাগত উপন্যাস লিখাৰ ব্যাপাৰ তোক দূৰৰ পৰাই পৰি নমস্কাৰ কৰো কাৰণ লাহে লাগে পেচাগত কামৰ হেঁচা সৃজনি তাড়নাৰ ওপৰত হাবি হব ধৰিলে সেয়ে মৰিহৰি বছৰত এটা গল্প লিখিয়েই নিজকে সাৰ পানী দি চলাই যোৱা ক্ষান্ত আছিলোঁ৷

তেনেতে এক বছৰ আগতে মিহিৰ ডেউৰী দাদাৰ তাগিদাত দুবছৰ আগতে সেই কুকুৰ বিষয়ক গল্পটো লেখিব চেষ্টা কৰিছলোঁ প্ৰকাশ আলোচনীৰ বাবে - ,পাচ মাহত  পাচ হাজাৰ শব্দ হৈ গল কিন্তু কাহিনীতোৰ দহ শতাংশও  হলগৈ৷  মিহিৰ দাৰ আগ্ৰহ আৰু কৃপাত গল্পটো উপন্যাসৰ ৰূপ লব ধৰিলে আৰু যোৱা এবছৰতকৈও ধিক সময় মোৰ দিন-ৰাতি পেচাগত মানসিক হেঁচাক খুচৰি একাকাৰ কৰিব ধৰিলে ৷ উপন্যাসৰ নাম #মাৰীচ এতিয়ালৈ বাৰ খণ্ড প্ৰকাশ হৈছেগৈ, হয়তো ঈশ্বৰৰ কৃপা থাকিলেঅহা মাহত শেষ কৰিব পাৰিম ৷

এতিয়া কুকুৰ প্ৰসঙ্গলৈ ঘুৰি আহোঁ  উপন্যাস খনৰ যোৱা খণ্ডত (১২ নং ) যি কুকুৰৰ প্ৰসঙ্গ লৈ মই গল্প লেখা কথাতো বহু বছৰৰ পৰা ভাবি আছিলো সেইতো ওলাই পৰিছে৷ আশাকৰো কিছু পাকে পঢ়িব পাৰিছে৷ এতিয়া মই মাথো তাৰ পিছৰ অংশ লেখি সিচঁৰিত কাহিনীটোৰ পৰিসমাপ্তি ঘটাব লাগে ৷  কি হব কেনেকৈ হব সকলো মই যানো -কিন্তু তাৰ লগে লগে সাংঘাতিক পেচাগত কামৰ হেঁচাগোটেই ভাৰতৰ ইমুৰ সিমুৰ ঘুৰিব লগা হোৱাৰ লগতেই এটা বিমঙ্গলীয়া  ক্ৰিয়েটিঙ ব্লকে মোক হেচুকিব ধৰিছে ৷ সকলো লেখকৰে তেনেকুৱা হয় মাজে সময়ে   লেখা তো বাদেই লেপটপ খুলিবই নোৱাৰা হৈছোঁ৷ 

পৰিত্ৰাণৰ বাবে  কিতাপ কেইখনমান কিনিলোঁ,কৰবাত হেড়োৱা চণ্দ ঘুৰাই পাৱেই বা !  এখন কিতাপৰ এটা স্তম্ভও মন লগাব পৰা নাই  দোষ কিতাপ কেইখনৰ নহয় দোষ আজিৰ পৃথীবীৰ জীৱন শৈলীৰ ৷ এদিন পঢ়িম বুলি পেলাই থোৱা নতুন ক্ৰয়ৰ এখন কিতাপ আকৌ খুলি ললো ফাইজ আহমেদ ফাইজৰ কবিতা৷  মই কবিতা পঢ়া বাদ দিছিলোঁ প্ৰায় যোৱা বিশ বছৰ আগতেই (দোষ পুনৰ মডাৰ্ণ জীৱন শৈলীয়ে আনি দিয়া কঠোৰতা )- কবিতাৰ ভিৰলৈ সোমাবলৈ লগা সংবেনশীলতা মই  হেৰাই পেলাইছোঁ ৷ তাৰবাবেই কিজানি  কবিতাৰ পুথীৰ ব্যবসায় বৰ ভাল নহয় বুলি প]ৰকাশক সকলে কয় (আসম দেশততো যি কোনো পুথিৰেই ব্যবস্যায় ভাল নোহোৱাতো সকলোৰে মুখে মুখে)

কেতিয়াবা কবিতাৰ এটি শাৰিয়ে কাথত বনছা গজাবলৈ সক্ষমতা ৰাখে  (কাচিত্ কেতিয়াবা! ) তেনেতে চকুত পৰিল ফাইজৰ  কুত্তে নামৰ কবিতাটো ৷ পঢ়িয়েই অসমৰ মূল্য বৰুৱাৰ কুকুৰ নামৰ কবিতাতো লৈ মনত পৰিল -১৯৯২ চনত পঢ়িছিলোঁ -কটন কলেজৰ একাদশ শ্ৰেণীত পঢ়ি থাকোঁতে পঢ়া ৷ পঢ়ি এক শিহৰণ হৈছিল -কবিতাতো আৰু কবিৰ তি কম বয়সতে ১৯৪৬ চনৰ কলিকতাৰ সাম্প্ৰদায়িক সংঘৰ্ষত মৃত্যু হোৱা বুলি জানি৷ 

দুয়োটা কবিতা সমসাময়িক (৪০ৰ দশকৰ)  যদিও পৰবৰ্তী কালত ফাইজৰ কবিতাই  জনপ্ৰিয়তাৰ শিখৰ চুবলৈ সক্ষম হৈছিল কবিতাৰ চুম্বকীয়  বিসম্বাদ ভাবধাৰাৰ বাবে তেও পাকিস্থানৰ মৌলবাদী তথা একনায়কত্ব বাদী শাসন ব্যৱস্থাই তেওঁক কাৰাগাৰ দেশ  নিৰ্বাস  আদিতেই জীৱন গল ৷ 

ফাইজৰ কুত্তে আৰু  অমূল্য বৰুৱাৰ কুকুৰ (লগতে #মাৰীচৰ কুকুৰ) সাদৃশ্য কিছুমান মনলৈ আহিল ---- সেয়া প্ৰথম আৰু দ্বিতীয় মহাযুদ্ধৰ সময়  সেই পৰিবৰ্তনৰ সময়ত ভাৰত উপমহাদেশৰ পূৱ আৰু পশ্চিমৰ দুজন ডেকা কবিৰ মনৰ কথাৰ দুটি কবিতা বিষয়   কুকুৰ (বা …)

মনৰ কথাবোৰ ওকালি পেলাওঁ বুলি বহু দিনৰ মূৰত Macbook ৰ  কি পেদত অসমীয়া লিপি বোৰ খুলি  কৰি ললো৷

(আধুনিক জীৱনৰ পৰিহাস -খুব কম মানুহে হাতত কলম তুলি লয় আজিকালি )

তলত অমূল্য বৰুৱাৰ কুকুৰ ৰ লগতে ফাইজৰ কুত্তে গাঁঠি দিলোঁ৷  

কুকুৰ

অমূল্য বৰুৱা 

(১৯২২-১৯৪৬)

সউদল কুকুৰ

প্ৰত্যেকটো ৰাস্তাৰ

আৱৰ্জনাৰ দ'মবিলাকৰ কাষে কাষে

সিহঁতৰ প্ৰত্যেকৰে মুখে মুখে

ৰস নাইকিয়া শুকান একোডোখৰ

জাতি-বৰ্ণ বিচাৰ নোহোৱা হাড়;

নাইবা কোনোটোৰ মুখত

ফুটা জোতাৰ একো টুকুৰা লেকেটা চামৰা।

দুই-এটা ভাগ্যৱানৰ বাহিৰে

চুৱা-পাতনিৰ ভাতৰো সিহঁতৰ বাবে অনাটন।

সিহঁতৰ পাছে পাছে ফুৰিছে

গাৰ ছাঁৰ দৰে আন্ধাৰ বুভুক্ষা।

ক্ষুধাৰ তাড়নাত সিহঁতে পাহৰি যায়।

"অহিংসা পৰম ধৰম"

সিহঁতৰ অশৃংখল কোলাহলপূৰ্ণহিংসামত্ত সমাজত

ক্ষুধা নিবাৰণৰ কেৱল কঠোৰ সংগ্ৰাম!

যুধিষ্ঠিৰৰ লগত স্বৰ্গাৰোহণৰ আশাত

ধৰ্মযাত্ৰা কৰিবৰ মৰসাহ আৰু সিহঁতৰ নাই।

ক্ষুধাৰ তাড়না,

লোভৰ লেলাৱতি

আৰু চোকা দাঁতৰ কুট্ কুটনিত,

নীৰস হাড় আৰু লেকেটা চামৰাও হয়

সিহঁতৰ বাবে

সৰস আৰু 'প্ৰটিন'ৰ দৰে কোমল।

ইমান তৃপ্তি সিহঁতৰ!

দাঁতত পেলাই চোবোৱাৰ

নানা কৌণিক ভংগিমাৰে

সিহঁতে যেন আৰু জটিল কৰি দিয়ে

সৃষ্টিৰ এটা পুৰণি জটিল প্ৰশ্ন-

"আমি কেৱল খাবৰ বাবে জীছোঁ নে

আমি জীৱৰ বাবে খাইছো?"

কিন্তু, "খোৱাপিয়া আৰু স্ফূৰ্তি কৰা"

খাবৰ বাবে জী থকাৰ প্ৰত্যেকটো আহিলাৰে যে

সিহঁতৰ অভাৱ!

জীৱৰ বাবে খাবলৈ

খাদ্যৰ নামতো সিহঁতে পায় মহামাৰীৰ বীজ!

এনেকৈয়ে সিহঁতে মৃত্যুক নিজে মাতি মৰিব,

সিহঁত নিৰুপায়!

সিহঁতৰ প্ৰত্যেকৰে কপালত যে সনা আছে

কুৰি শতিকাৰ সভ্যতাৰ নিলাজ হাতৰ চেকা;

আন্ধাৰ নিশাৰ প্ৰভুৰ ঐশ্বৰ্য-চন্দুক বিশ্বাসী প্ৰহৰী

পোহৰত দুৰ্বল নিষ্পেষিত ঘৃণিত প্ৰভুভক্ত ঢেকুৰা

সকলোৱে যোৱা চাৰি পাচ বছৰৰ পৰা কুকুৰ কিছুমানক লৈ চুটি গল্প এটা লিখাৰ কথা ভাবি আছিলোঁ ৫০০ -৯০০ শব্দৰ ৷ 

সকলোৱে সিহঁতক উপলুঙা কৰে;

এইখন পৃথিৱীত কি যে কূট চক্ৰান্ত!

এই দল খাবলৈ নোপোৱা কুকুৰ

ইহঁত নিম্নবংশ জাত।

কিন্তু আৰু এদল আছে

সেই দল কুকুৰে খাবলৈ পায়,

সিহঁত উচ্চ বংশজাত।

সেই দলৰ খাবলৈ পোৱাৰ সভ্যতাত

গঢ়ি উঠিছে

এই দলৰ খাবলৈ নোপোৱাৰ বৰ্বৰতা।

দুয়ো দলৰ নাম কুকুৰ।

ফাইজ আহমেদ ফাইজ  (১৯১১-১৯৮৪)

  উপলুঙা কৰে;

এইখন পৃথিৱীত কি যে কূট চক্ৰান্ত!

এই দল খাবলৈ নোপোৱা কুকুৰ

ইহঁত নিম্নবংশ জাত।

কিন্তু আৰু এদল আছে

সেই দল কুকুৰে খাবলৈ পায়,

সিহঁত উচ্চ বংশজাত।

সেই দলৰ খাবলৈ পোৱাৰ সভ্যতাত

গঢ়ি উঠিছে

এই দলৰ খাবলৈ নোপোৱাৰ বৰ্বৰতা।

দুয়ো দলৰ নাম কুকুৰ।

ফাইজ আহমেদ ফাইজ  (১৯১১-১৯৮৪): 

kuttey