![]() |
বটাঁ |
![]() | |
মানপত্র |
মানপত্র
মুনীন
বৰকটী সাহিত্য বঁটা,২০১৬
ডা ০
ভাস্কৰ ঠাকুৰীয়া
প্রিয়বৰেষু
সু-সাহিত্যিক,
সমালোচক, সাংবাদিক মুনীন বৰকটকী (১৯১৫-৯৩) ৰ পবিত্র
স্মৃতিত
স্থাপিত ‘মুনীন বৰকটকী স্মাৰক ন্যাস’ৰ তৰফৰ পৰা ২০১৬ বর্ষৰ
মুনীন
বৰকটকী সাহিত্য বটা আপোনাৰ সিংহদ্বাৰ শীর্ষক উপন্যাসৰ বাবে
আপোনালৈ
আগবঢ়াবলৈ পাই আমি আনন্দিত।
আমাৰ
সাহিত্যত নতুন পোহৰসন্ধানী সাহিত্য সৃষ্টিৰ প্রতিশ্রুতি বহন কৰিছে
আপোনাৰ-সিংহদ্বাৰ
এ।প্রচলিত ধাৰণাৰ পৰা আঁতৰি নতুন আংগিক-প্রকৃতিৰে
গঢ় দি
কাহিনীকক সম্ভৱনাময় নেৰেটিভ কৰাৰ প্রয়াস
হিচাপে সিংহদ্বাৰ
ব্যতিক্রম।অন্তর্মুখী
যাত্রিকৰ এক আপোচবিহীন অভিব্যক্তি এই উপন্যাস। ‘সৃষ্টি
স্বাধীন,লেখক মাথোঁ চাৰোগেট মাতৃ’
ধাৰণাতদৃহভাবে বিশ্বাসী আপুনি। চিত্র উপন্যাসৰ কিছু উপাদান সংযোজন,চিহ্ণাত্মক
পৰিবেশনৰ মাজেৰে আপুনি উপন্যাসখনক অন্য এক আয়তন দান কৰিছে।উত্তৰ আধুনিক উপন্যাসৰ
বহুবোৰ
লক্ষণেৰে সমৃদ্ধ আপোনাৰ উপন্যাসৰ কাহিনীভাগৰ কথা আয়োজনত
বিভিন্ন অসোঁৱাহ চকুত পৰিলেও এই বৌদ্ধিক প্রচেষ্টা নি:সন্দেহে প্রশংসনীয়।
২০১৬ বর্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা বিজেতা হিচাপে
আপোনাক আমাৰ আন্তৰিক অভিনন্দন যাচিলোঁ।আশকৰোঁ আপোনাৰ সাহিত্য সাধনা
ধাৰাবাহিক,গভিৰতৰ আৰু দায়িত্বশীল কৰাত পুৰস্কাৰটিয়ে কিঞ্চিৎ
হ’লেও
অনুপ্রৰণা যোগাব। আন্তৰিক প্রীতি আৰু শুভকামনাৰে –
মুনীন বৰকটকী ন্যাসৰ হৈ
ৰেনুকাদেৱী বৰকটকী
পঞ্চবটী,গোপিনাথ বৰদলৈ
পথ
শিলপুখুৰী,
গুৱাহাটী-৭৮১০০৩