Labels
- উন্মুক্ত চিন্তা (2)
- এটি জার্মান সপোন (4)
- ঐক্যতান (4)
- ক্ষুদ্র গল্প (3)
- গল্প (10)
- চিনেমা (6)
- নাটক (9)
- নিকলাচ ৰ’ৰিকৰৰ (4)
- ফিৰঙতি (3)
- বেবেৰবাঙ (3)
- যাত্রা (5)
- সত্যানুসন্ধান (3)
- সাক্ষৎকাৰ (2)
- সিংহদ্বাৰ (20)
- স্থিৰ চিত্র আৰু হাইকু (2)
Sunday, 24 April 2016
Tuesday, 19 April 2016
নিকলাচ ৰ’ৰিকৰৰ চাংক্টা
আজিৰ অসমৰ নিৰাশাজনক পৰিবেশৰ লগত তুলনা কৰিব পৰা পৰিবেশ- যুদ্ধত্তৰ আমেৰিকাৰ(১৯১৮ৰ
পিচত) নিৰাশাময় পৰিবেশত বিভ্রান্ত আমেৰিকাক উদ্দেশ্য কৰি নিকলাচ ৰ’ৰিকৰে অকা ছয়খন
ছবি।দেৱকান্ত বৰুৱাৰ কবিতাত উল্লেখিত –‘আমি দুৱাৰ মুকলি কৰো’ (And we open the gate) চাংক্টা শৃঙ্খলৰেই এখন বিখ্যাত
ছবি।চাংক্টাৰ দর্শণ আৰু And we open the gate ৰ দর্শণে সিংদ্বাৰ উপন্যাসতো
উপস্থাপিত হৈছে।
সেই চাংক্টা দর্শণৰ বিষয়ে এক নিবন্ধ ১৭/০৪/২০১৬ তাৰিখে নিয়মীয়া বার্তাত
প্রকাশ কৰিছে।
Tuesday, 12 April 2016
বসন্ত উচৱ
![]() |
নিকলাচ ৰ’ৰিকৰৰ বসন্ত উচৱ অপেৰাৰ
মঞ্চসজ্যাৰ বাবে কৰা চিত্রশিল্প
|
সিংহদ্বাৰ উপন্যাসৰ লগত জৰিত অন্ধকাৰ সত্যৰ পৰা পোহৰৰ
আন্ধাৰৰ পৰা পোহৰলৈ আহোতে নিকলাচ ৰৰিকৰৰ জীৱন আৰু আদর্শৰ দ্বাৰা প্রভাৱিত হৈছে।আমি
নিকলাচ ৰৰিকৰক চিত্রকৰ হিচাপে জানো যদিও তেওৰ আন এটি সফল পৰিচয় মঞ্চসজ্যা সৃজক
হিচাপেও আছে।মঞ্চ সজ্যাত চিত্রকলাৰ প্রয়োগৰ সম্পৰিক্ষাত ইউৰোপৰ থিয়েতাৰক দৃশ্যাৱলিক
তেও এক নতুন ৰূপ দিছিল।
যোৱা শতিকাৰ প্রথম দহকত নিকলাচ ৰ’ৰিকৰ ইতিমধ্যেই ৰুচিয়াৰ অগ্রজ
আৰু প্রভাৱশালী চিত্রশিল্পী হিচাপে প্রতিস্থিত আছিল।পৰিবর্তনশীল ৰুচিয়াৰ ৰাজনৈতিক অমিলমিলৰ
বাবে তেও ৰুচিয়া এৰাৰ সিদ্ধান্ত লয়।ৰুচিয়াৰ বাহিৰত শিল্পী হিচাপে প্রথম কাম হাতত
লৈছিল থিয়েতাৰৰ মঞ্চসজ্যা।আৰু কিছুদিনৰ ভিতৰতেই থিয়েতাৰৰ দৃশ্যপটত এক বিপ্লৱৰ
সূচনা কৰে।
Rites of spring ৰুচিয়াৰ সঙ্গীতজ্ঞ Igor Stravinsky অমৰ সৃষ্টি আৰু অপূর্ব মঞ্চসজ্যাৰে অপেৰা হিচাপে ইউৰোপৰ ভিন্ন মঞ্চত
উপস্থাপন কৰাৰ পিছত নাটকখনে অভুতপুর্ব সাফল্যৰ লভিবলৈ সক্ষম হৈছিল।
Rites of spring ৰ সঙ্গীতৰ একাংশ সিংহদ্বাৰৰ প্রচাৰ ভিডিওতো
ব্যবহাৰ হৈছে।
Saturday, 9 April 2016
প্রস্থাবনা :কলা ইতিহাসৰ কল্পিত গল্প
হাজাৰ কাহিনীৰ ভিৰ।
স্থান:দেশে-দেশান্তৰে:অতীত বর্তমান বা
কল্পিত ভবিষ্যতৰ
কাল:প্রত্যুষে,দুপৰীয়া,গধূলী বা অমানিশা
পাত্রভেদে:হৈ চৰিত্র বহু কাহিনীৰ (প্রতিজনে)
সম্পাদক:কাহিনীকাৰে মাথো জোৰে চেলুলইডৰ টুকুৰাবোৰ
উদ্দেশ্য :ৰচা সমকালীন কলাৰ চমু ইতিহাস ।
প্লিজ ,নাহাহিবা!
সমস্যা:সময়ৰ ক্রমানুৱর্তিতা
(যেনে: প্রথমে বাবৰ পিচতহে আকবৰ!)
যদিও কাহিনীৰ নাই কোনো আৰম্ভনি
নাই কোনো শেষ
বিন্যাস সমাহাৰ যেন অলে কাহিনীৰ সম্পাদিত মেটাফৰ।
Disclaimer:উদাহৰণ হিচাপে ধৰক দীপা মেহতাৰ ‘আর্থ’ নামৰ চিনেমাখন।মাটিৰ
মুল্য ওপৰত চিনেমা এখনৰ কাহিনীত আগ্নেয় শিল গেদীয় শিল আৰু ৰুপান্তৰিত শিলৰ
কথা নাই। ইয়াত আছে ভূখণ্ডৰ পৰিভাষাই জনজীৱনত কি প্রভাব পেলাব পাৰে।ঠিক
তেনেদৰেই সিংহদ্বাৰৰ কলা ইতিহাসৰ গল্প লিখা কামটোতো কলা ইতিহাসৰ এওটি ভাগৰ
মজ্জাৰ সুবাসক বিষয় হিচাপে কাহিনীত উপস্থাপিত হৈছে। ই এক কাহিনী,শৈক্ষিক
গবেষণা নহয়।
Subscribe to:
Posts (Atom)