Labels
- উন্মুক্ত চিন্তা (2)
- এটি জার্মান সপোন (4)
- ঐক্যতান (4)
- ক্ষুদ্র গল্প (3)
- গল্প (10)
- চিনেমা (6)
- নাটক (9)
- নিকলাচ ৰ’ৰিকৰৰ (4)
- ফিৰঙতি (3)
- বেবেৰবাঙ (3)
- যাত্রা (5)
- সত্যানুসন্ধান (3)
- সাক্ষৎকাৰ (2)
- সিংহদ্বাৰ (20)
- স্থিৰ চিত্র আৰু হাইকু (2)
Thursday, 31 December 2015
Tuesday, 29 December 2015
সমান্তৰাল কাহিনী আৰু সিংহদ্বাৰ
আমি এটা কাহিনীক নির্দিষ্ট আৰম্ভণিৰ পৰা নির্দিষ্ট সমাপ্তিলৈ ঘটনাটো
মনলৈ আহে কিন্তু বাস্তৱ জীৱনলৈ চালে দেখা যাব যে “কাহিনীৰ কোনো আৰম্ভণি আৰু শেষ নাই
”।একেটা সময়তে নানা চৰিত্রৰ জীৱনত বহুকেইটা ঘটনা ঘটি থাকিব পাৰে। একেটা চৰিত্রই এটা
ঘটনাত নায়ক কিন্তু আন এটি ঘটনাত খলনায়কো
হব পাৰে। জীৱন এটা কাহিনী নহয় বহু কাহিনীৰ শৃংখল। সাধাৰণ গল্পই তেনে বহুমাত্ৰিক
দিশবোৰক সামৰিব নোৱাৰাৰ বাবেই সমান্তৰাল কাহিনীৰ আবির্ভাৱ হৈছিল চাগৈ। সমান্তৰাল কাহিনী কি?সমান্তৰাল
কাহিনী কি এই প্রশ্নৰ সাধাৰণ ৰাইজক যদি এক কথাত উত্তৰ দিব লগা হয় তেনেহ’লে হয়তো
উদাহৰণ দিব লাগিব হিন্দী চলচিত্র: লাইফ ইন এ মেট্র,বা দছ কাহনীয়াৰ
দৰে ,প্রতিটো
কাহিনী স্বাধীন কিন্তু শেষত ক’ৰবাত নহয় ক’ৰবাত সিহঁতি একেলগ হয়,আমাৰ জীৱন তোৰ
দৰে।
এই সমান্তৰাল কাহিনীয়ে পশ্চিমীয়া সাহিত্যত ইতিমধ্যে বলিষ্ঠ উপস্থিতি
আগৰ পৰাই বিদ্যমান আৰু বহু বছৰৰ পৰাই চলচিত্র
তো সমান্তৰাল কাহিনীৰ প্রভাব আমাৰ জনাজাত। অসমীয়া সাহিত্যত সমান্তৰাল কাহিনীলৈ চলা
সম্পৰিক্ষাৰ সংখ্যা তেনেই তাকৰ।
২০০১ চনত প্রান্তিকৰ পাতত মই
লেখা ‘সাঁথৰ’ নামৰ এটা গল্প প্রকাশিত হৈছিল যাৰ চৰিত্রবোৰ কালক্রমত অসমৰ ভিন্ন আলোচনী
(মূলত সাতসৰীত) ২০১২ চনলৈ ভিন্ন ধর্মী স্বাধীন গল্পৰ চৰিত্র হৈ প্রকাশ পাই অহিছে। গল্পবোৰ
যদিও স্বাধীন একে সূতাৰে গুঁঠিলে আমি বুজি পাম ই এক সমান্তৰাল কথন শৈলীৰ উদাহৰণ। এই
চৰিত্রসমুহৰ মণ:স্তাত্বিক ঘাট প্রতি ঘাটবোৰক এডাল সূতাৰে গাঁঠিয়েই ১৫ বছৰীয়া কষ্টৰ
ফচল হিচাপে প্রস্তুত কৰি উলিওৱা হৈছে এখন নতুন উপন্যাস –সিংহদ্বাৰ।
Sunday, 27 December 2015
শিল্পীৰ তুলিকাত সিংহদ্বাৰ ১:পৰিনিশা
পৰিনিশাৰ আছিল যৌৱনৰ সকলো
প্রতিশ্রুতি
কালক্রমত পৰিনিশা হৈ পৰে চহৰৰ
ব্যস্ত স্ত্রী ৰোগ বিশেষজ্ঞ
জীৱন আগবাঢ়ে
লগতে আহে
দুখ আৰু যন্ত্রণা
অসম্পুর্ণতা,নিস:ঙ্গতা,
যান্ত্রিকতা , আত্মগ্লানী
আৰু দু:স্বপ্ন
ব্যস্ত মনত আর্দ্রতা বিচাৰি আজিও
তাই কেনভাচত হাত বুলাই
জীৱন জানো ইমান অন্ধকাৰ ?
কৰবাত জানো নাই পোহৰৰ দুৱাৰ?
সিংহদ্বাৰ
সুখৰ সন্ধানত এখন উপন্যাস
Art by Kaberi Sharma
Designe by team Singhadwar
Friday, 4 December 2015
সিংহদ্বাৰৰ -সংক্ষিপ্তসাৰ
মোৰ পৰবর্তি প্রকাশ সিংহদ্বাৰৰ -সংক্ষিপ্তসাৰ
------------------------------------------------
লাখ লাখ বর্ষাকণা আকাশৰ পৰা ধাৰাষাৰে পৰি আছিল।
কোনো ভাইৰাচ আক্রান্ত কম্পিউটাৰৰ মনিটৰৰ পৰা আখৰবোৰ সৰি পৰাৰ দৰেই।
তেনে এটি বর্ষাকণাক চিৰঞ্জীৱৰ কেমেৰাৰে ফিল্মত ধৰি ৰখাৰ আগ্রহ,
পৰিনিশাৰ সিপাৰৰ মুখাবয়ব এখনক তুলিকাৰে কেনভাছত ধৰি ৰাখিবলে মন,
আদিত্য সন্ধানৰত এটি প্রেম কাহিনীৰ
কিন্তু চিৰ চিনাকি শব্দ আৰু তাৰ অর্থ ধুসৰ হবলে ধৰিলে:
------------------------------------------------
লাখ লাখ বর্ষাকণা আকাশৰ পৰা ধাৰাষাৰে পৰি আছিল।
কোনো ভাইৰাচ আক্রান্ত কম্পিউটাৰৰ মনিটৰৰ পৰা আখৰবোৰ সৰি পৰাৰ দৰেই।
তেনে এটি বর্ষাকণাক চিৰঞ্জীৱৰ কেমেৰাৰে ফিল্মত ধৰি ৰখাৰ আগ্রহ,
পৰিনিশাৰ সিপাৰৰ মুখাবয়ব এখনক তুলিকাৰে কেনভাছত ধৰি ৰাখিবলে মন,
আদিত্য সন্ধানৰত এটি প্রেম কাহিনীৰ
কিন্তু চিৰ চিনাকি শব্দ আৰু তাৰ অর্থ ধুসৰ হবলে ধৰিলে:
কালক্রমত
সকলো একাকাৰ হল
কাহিনী আৰু বাস্তব
সৃষ্টি আৰু স্রজক
সত্য আৰু চিতবিভ্রম
কাহিনী আৰু বাস্তব
সৃষ্টি আৰু স্রজক
সত্য আৰু চিতবিভ্রম
মনোবিজ্ঞানী
চিৰঞ্জীৱে বাট হেৰুৱায় মানুহৰ মনৰ অন্ধকাৰ গলিত।
পৰিনিশাৰ পিচ লয় এটি দু:স্বপ্নই
আৰু বিৰাণাই গম পালে –কিবা এটা নাই,
সেই একে ভাব ৰাঘবন ,আচেঙলা,মিয়া ৰূষ্টম আৰু পীযুষৰো ; পীযুষ, যি গাখীৰহে নাখায়।
সি তাৰ সেই হেৰোৱা বস্তুটোক বিচাৰিলে নিচাৰ মাজত।
পৰিনিশাৰ পিচ লয় এটি দু:স্বপ্নই
আৰু বিৰাণাই গম পালে –কিবা এটা নাই,
সেই একে ভাব ৰাঘবন ,আচেঙলা,মিয়া ৰূষ্টম আৰু পীযুষৰো ; পীযুষ, যি গাখীৰহে নাখায়।
সি তাৰ সেই হেৰোৱা বস্তুটোক বিচাৰিলে নিচাৰ মাজত।
তাৰ পিচতো
চলি গল জীৱন
দুখ আৰু যন্ত্রণা
অসম্পুর্ণতা,নিস:ঙ্গতা,যান্ত্রিকতা আৱু আত্মগ্লানি
অন্ধকাৰ গলিৰ মাজেৰে
কলা ইতিহাসৰ চমু বুৰঞ্জী আৰু
সৃষ্টিৰ যন্ত্রণাৰ মাজেৰে...
দুখ আৰু যন্ত্রণা
অসম্পুর্ণতা,নিস:ঙ্গতা,যান্ত্রিকতা আৱু আত্মগ্লানি
অন্ধকাৰ গলিৰ মাজেৰে
কলা ইতিহাসৰ চমু বুৰঞ্জী আৰু
সৃষ্টিৰ যন্ত্রণাৰ মাজেৰে...
ইয়াৰ শেষ
কত?
সত্য অন্বেষণ, চলি থাকিল
সিহতে পালে –চাংক্টা-সভ্যতাৰ বিবর্তণৰ ছয় সত্য।
চলি গল –সিংহদ্বাৰৰ সন্ধান
‘সিংহদ্বাৰ’
সমান্তৰাল কাহিনীৰে গঢ়া এক উপন্যাস
সত্য অন্বেষণ, চলি থাকিল
সিহতে পালে –চাংক্টা-সভ্যতাৰ বিবর্তণৰ ছয় সত্য।
চলি গল –সিংহদ্বাৰৰ সন্ধান
‘সিংহদ্বাৰ’
সমান্তৰাল কাহিনীৰে গঢ়া এক উপন্যাস
Subscribe to:
Posts (Atom)